
১ নৱেম্বৰ, ২০২০ৰ পৰা দেশত কেইবাটাও নতুন নিয়ম বলৱৎ হ’বলৈ গৈ আছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ পকেটত।
১ নৱেম্বৰ, ২০২০ৰ পৰা দেশত কেইবাটাও নতুন নিয়ম বলৱৎ হ’বলৈ গৈ আছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ পকেটত।
নতুন দিল্লীঃ ১ নৱেম্বৰ, ২০২০ৰ (1st November 2020) পৰা দেশত বহুকেইটা নিয়ম সলনি হৈছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। গেছ চিলিণ্ডাৰ বুকিঙৰ পৰা বেংকৰ চাৰ্জলৈকে বহুধৰণৰ নিয়ম অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ বাহিৰে ইণ্ডিয়ান ৰে’লৱেই ১ নৱেম্বৰৰ পৰা টাইম টেবুল সালসলনি কৰিবলৈ গৈ আছে। জানক কি কি সালসলনি হ’ব।
- গেছ চিলিণ্ডাৰ বুকিঙৰ কাৰণে দিব লাগিব OTPঃ LPG গেছ চিলিণ্ডাৰ ডিলিভাৰীৰ কাৰণে (LPG Cylinder Home Delivery) থকা সম্পূৰ্ণ নিয়ম সলনি হ’বলৈ গৈ আছে। এতিয়াৰ পৰা গেছ বুক কৰাৰ পিছত গ্ৰাহকৰ ম’বাইল নম্বৰত এটা OTP পঠিওৱা হ’ব। এই OTP আপুনি ডিলিভাৰী বয়ৰ সৈতে শ্বেয়াৰ কৰিব লাগিব। এই কোড চিষ্টেমৰ সৈতে মিলোৱাৰ পিছতহে গ্ৰাহকে ডিলিভাৰী পাব।
- ১ নৱেম্বৰৰ পৰা BoB গ্ৰাহকে দিব লাগিব শুল্কঃ বেংকত নিজৰ টকা জমা কৰাৰ ওপৰিউ টকা উলিওৱাৰ কাৰণেও ফীজ দিব লাগিব। অহা মাহৰ পৰা নিৰ্ধাৰিত সীমাতকৈ ওপৰত বেংকিং কৰিলে বেলেগকৈ শুল্ক দিব লাগিব।
- ৰে’লৱেই ট্ৰেনৰ টাইম টেবুল সলনি কৰিবঃ ইণ্ডিয়ান ৰেলৱেই সমগ্ৰ দেশত ৰে’লৰ টাইম টেবুল সালসলনি কৰাৰ কথা আছিল ১ অক্টোবৰৰ পৰা কিন্তু বিভিন্ন কাৰণত সেয়া হৈ নুঠে আৰু ৩১ অক্টোবৰৰ তাৰিখটো ফাইনেল কৰা হয়। ইয়াৰ পিছত ১৩ হাজাৰ পেচেঞ্জাৰ্জ ট্ৰেন আৰু ৭হাজাৰ পেচেঞ্জাৰ্চ ট্ৰেন আৰু ৭হাজাৰ মালগাড়ীৰ সময় সলনি হ’ব। ১ নৱেম্বৰৰ পৰা দেশত চলিবলগীয়া ৩০খন ৰাজধানী ট্ৰেনৰ সময়ো সলনি হ’ব।
- চণ্ডীগড়ৰ পৰা নতুন দিল্লীৰ মাজত চলিব তেজস এক্সপ্ৰেছঃ ১ নৱেম্বৰৰ পৰা প্ৰত্যেক বুধবাৰৰ বাহিৰে চণ্ডীগড়ৰ পৰা নতুন দিল্লীৰ মাজত তেজস এক্সপ্ৰেছ চলিব। গাড়ীৰ সংখ্যা ২২৪২৫ নিউ দিল্লী–চণ্ডীগড় তেজস এক্সপ্ৰেছ। নতুন দিল্লী ৰেলৱে ষ্টেশ্যনৰ পৰা প্ৰত্যেক সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে পুৱা ৯.৪০ত চলিব আৰু দুপৰীয়া ১২.৪০ত চণ্ডীগড় ৰেলৱে ষ্টেশ্যনত উপস্থিত হ’ব।
- Indane গেছে সলনি কৰিলে বুকিং নম্বৰঃ যদি আপুনি ইণ্ডেনৰ গ্ৰাহক তেনেহ’লে আজিৰে পৰা আপুনি পুৰণি নম্বৰত গেছ বুক কৰাব নোৱাৰে। ইণ্ডেনে নিজৰ এলপিজি গ্ৰাহকক ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰত বুকিঙৰ কাৰণে নম্বৰ পঠিয়াইছে। ইয়াৰ জৰিয়তে আপুনি গেছ ৰিফিলৰ কাৰণে চিলিণ্ডাৰ বুক কৰাব পাৰে। ইণ্ডিয়ান অইলে কয় যে, প্ৰথম ৰন্ধন গেছৰ বুকিঙৰ কাৰণে দেশৰ বেলেগ বেলেগ চাৰ্কলৰ কাৰণে বেলেগ বেলেগ ম’বাইল নম্বৰ আছিল। এতিয়া দেশৰ সকলো চাৰ্কলৰ কাৰণে এটাই নম্বৰ জাৰি কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে ইণ্ডেন গেছ বুক কৰিবলৈ সকলো গ্ৰাহকে 7718955555ত কল বা এছএমএছ কৰিব লাগিব।
- এলপিজি গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস পাবঃ উল্লেখ্য যে, দেশৰ চৰকাৰী তৈল কোম্পানীয়ে প্ৰতি মাহৰ প্ৰথম দিনটোত এলপিজি চিলিণ্ডাৰৰ দাম নিৰ্ধাৰণ কৰে। দাম বৃদ্ধিও হ’ব পাৰে বা দাম হ্ৰাস পাবও পাৰে। এনেকুৱাত ১ নৱেম্বত চিলিণ্ডাৰৰ দাম সলনি হ’ব পাৰে। অক্টোবত তৈল কোম্পানীসমূহে কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছিল।
- কেৰালাত বলৱৎ হ’ব MSP আঁচনিঃ কেৰালাত চৰকাৰে পাচলিৰ কাৰণে আধাৰ মূল্য নিৰ্ধাৰণ কৰিছিল। ইয়াৰ লগে লগে কেৰালা পাচলিৰ কাৰণে ন্যূনতম সমৰ্থন মূল্য (MSP) নিৰ্ধাৰণ কৰা প্ৰথমখন ৰাজ্য হৈ পৰিল। পাচলিৰ এই ন্যূনতম বা আধাৰ মূল্য উত্পাদ খৰছৰ ২০শতাংশৰ অধিক হ’ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী পিনায়াৰায় বিজয়নে কয় যে এই আঁচনি ১ নৱেম্বৰৰ পৰা বলৱৎ হ’ব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|