এলোপেথী চিকিৎসা সন্দৰ্ভত বাবা ৰামদেৱে আজি দেওবাৰেও উল্লেখ কৰিলে কিছু কথা। নিউজ–১৮ৰে হোৱা এক এক্সক্লুছিভ সাক্ষাৎকাৰত তেওঁ যোগ আৰু আয়ুৰ্বেদৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰে। ইয়াৰ লগতে যোগগুৰুগৰাকীয়ে এলোপেথীক লৈ কৰা বক্তব্যৰ বাবে ইতিমধ্যে ক্ষমা বিচৰাৰ বিষয়ে উল্লেখ কৰি নিজৰ মতো উঠাই লৈছিল বুলি কয়। একে সময়তে তেওঁ ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন (আইএমএ)ক প্ৰত্যুত্তৰ স্বৰূপে এই দাবী কৰে যে ৯৮ শতাংশ ৰোগ আয়ুৰ্বেদৰ দ্বাৰা চিকিৎসা কৰা সম্ভৱ। আজি সাক্ষাৎকাৰটোত ৰামদেৱে লগতে স্বীকাৰ কৰে যে এলোপেথীয়ে লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰাটো সঁচা, কিন্তু আয়ুৰ্বেদকো সন্মান কৰা উচিত।
আইএমএক ব্ৰিটিছ নিৰ্মিত এনজিঅ' আখ্যা
ৰামদেৱে আয়ুৰ্বেদত বহুতো ৰোগ নিৰাময়ৰ বিধান আছে বুলি উল্লেখ কৰি এলোপেথী সন্দৰ্ভত কয়, 'এলোপেথীত ব্যয়বহুল ঔষধৰ চক্ৰব্যহু আছে, মানুহক লুণ্ঠন কৰা হৈছে আৰু ফাৰ্মা উদ্যোগে ইয়াৰ লাভ উঠাই আছে।' কেৱল সেয়াই নহয়, তেওঁ দেশৰ শীৰ্ষ চিকিৎসা প্ৰতিষ্ঠানটোক ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত এক বেচৰকাৰী সংগঠন বুলি প্ৰকাশ কৰে। ৰামদেৱে কয়– 'আইএমএ হৈছে ব্ৰিটিছৰ দ্বাৰা সৃষ্টি কৰা এটা বেচৰকাৰী সংগঠন। আইএমএৰ সভাপতি আৰু সাধাৰণ সম্পাদকক বৰ্খাস্ত কৰা উচিত। আইএমএ কোনো আইনী প্ৰতিষ্ঠান নহয় বা আইএমএৰ কোনো গৱেষণা কেন্দ্ৰও নাই। আমি আইএমএৰ বিৰুদ্ধে কোনো মানহানি গোচৰ দিয়া নাই, কিন্তু ইয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা উচিত আছিল।
এলোপেথী ঔষধৰ লগতে যোগো অত্যাৱশ্যকীয়
বাবা ৰামদেৱে এলোপেথী সম্পৰ্কে কৰা মন্তব্যক লৈ আইএমএই ৰাজনীতি কৰা বুলি অভিযোগ কৰে আৰু তেওঁৰ বক্তব্য হোৱাটছএপৰ তথ্যৰ ওপৰত আধাৰিত আছিল বুলি কয়। তেওঁ কয়– 'মোৰ কাৰো প্ৰতি কোনো কু–অভিপ্ৰায় নাই আৰু মই বিশ্বাস কৰোঁ যে এলোপেথীয়ে লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছে, কিন্তু এলোপেথীৰ লগতো বহু ৰোগৰ বাবে ঔষধ নাই।' ইয়াৰ মাজতে তেওঁ এলোপেথীৰ প্ৰতি কোনো ঘৃণাৰ প্ৰশ্নই নুঠে বুলি উল্লেখ কৰি আয়ুৰ্বেদকো সন্মান কৰাৰ বিষয়ে মত দিয়ে।
উল্লেখ্য, বাবা ৰামদেৱ আৰু ভাৰতীয় চিকিৎসক সন্থাৰ মাজত বিগত এসপ্তাহে বাদ–বিবাদ চলি আছে। ভাৰতীয় চিকিৎসাৰে জড়িত বহুকেইটা সংস্থাই ৰামদেৱক লৈ উষ্মা প্ৰকাশ কৰাৰ লগতে অহা ১ জুনত যোগগুৰুগৰাকীৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰিছিল। এন সময়তে আজি নিউজ–১৮ত দিয়া সাক্ষাৎকাৰৰ মাজেৰে ৰামদেৱে এই সম্পৰ্কীয় কিছু কথা স্পষ্ট কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|