তেওঁলোকৰ হৃদস্পন্দন কেৱল মাওবাদী-সন্ত্ৰাসবাদীৰ বাবেহে : জম্মু–কাশ্মীৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰাসকলক লৈ মোদীৰ মন্তব্য

IANSৰ এডিটৰ–ইন–চীফ সন্দীপ বামজাইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশে সন্মুখীন হোৱা বিভিন্ন স্পৰ্শকাতৰ বিষয় আৰু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত মন্তব্য স্পষ্ট কৰে।

News18-Assam
Updated:August 14, 2019, 3:15 PM IST
তেওঁলোকৰ হৃদস্পন্দন কেৱল মাওবাদী-সন্ত্ৰাসবাদীৰ বাবেহে : জম্মু–কাশ্মীৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰাসকলক লৈ মোদীৰ মন্তব্য
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), default quality
News18-Assam
Updated: August 14, 2019, 3:15 PM IST
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ স্পষ্টভাৱে জম্মু–কাশ্মীৰ আৰু লাডাখৰ ভাতৃ–ভগ্নীসকলক আশ্বাস দিব বিচাৰে যে এই অঞ্চলসমূহৰ স্থানীয় ৰাইজৰ আশা–আকাংক্ষা, সপোন আদিৰ প্ৰতি লক্ষ্য ৰাখি উন্নয়ন কৰা হ’ব। দ্বিতীয় কাৰ্যকালৰ ৭৫দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষত IANSক দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু–কাশ্মীৰ, চিকিৎসা সংস্কাৰ, শিক্ষাখণ্ডৰ সমালোচনা তথা আমোলাতন্ত্ৰত বিৰাজ কৰা দুৰ্নীতি নামৰ ৰোগবিধ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে। IANSৰ এডিটৰ–ইন–চীফ সন্দীপ বামজাইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশে সন্মুখীন হোৱা বিভিন্ন স্পৰ্শকাতৰ বিষয় আৰু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত মন্তব্য স্পষ্ট কৰে।

আপোনাৰ চৰকাৰে আজি ৭৫ দিন সম্পূৰ্ণ কৰিছে। প্ৰত্যেকখন চৰকাৰে এনেধৰণৰ সংখ্যা অতিক্ৰম কৰে আৰু নিজৰ কাৰ্যসূচী সন্দৰ্ভত তথ্য দাঙি ধৰে। আমি কেনেকৈ ধৰি ল’ম যে আপোনাৰ চৰকাৰ এইক্ষেত্ৰত ব্যতিক্ৰম?

আমাৰ চৰকাৰ গঠন কৰাৰ প্ৰথম কেইটামান দিনৰ ভিতৰতে আমি এক অপ্ৰতিৰোধ্য গতি লাভ কৰিছো। আমি স্পষ্ট নীতি, ছহী দিশা (শুদ্ধ দিশ) এই ধাৰণাৰে পৰিচালিত হৈ ফলাফল লাভ কৰিছো। চৰকাৰৰ প্ৰথম ৭৫ দিনতে বহু কিবা–কিবি হ’ল। শিশুৰ সুৰক্ষাৰ পৰা চন্দ্ৰযান–২, মুছলমান মহিলাক তিনি তালাকৰ পৰা মুক্তি দিয়াৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, কাশ্মীৰৰ পৰা কিষাণলৈকে আমি দেখুৱাইছো ৰাইজৰ শক্তিশালী জনাদেশৰ দ্বাৰা গঠিত এখন চৰকাৰে কি কৰিব পাৰে। আমাৰ সময়ৰ আটাইতকৈ চাপ থকা বিষয়সমূহক লৈ আমি সমাধানৰ দিশত আগবাঢ়িছো। জলশক্তি মন্ত্ৰণালয় গঠন কৰি পানীৰ বিতৰণ ব্যৱস্থা আৰু পানী সংৰক্ষণক লৈ এক মিছন আৰম্ভ কৰা হৈছে।

সমাজৰ প্ৰতিটো স্তৰলৈ সংস্কাৰক লৈ যোৱাৰ ক্ষেত্ৰত এক সংকল্প লোৱাৰ বাবে অভূতপূৰ্ব জনাদেশে আপোনাৰ দায়বদ্ধতা বৃদ্ধি কৰিছে নেকি? এই জনাদেশৰ সহায়ত আপোনাৰ ৰাজনৈতিক মত আপুনি কাৰ্যপালিকাৰ পৰিসৰৰ ঊৰ্ধ্বত গৈ ব্যৱহাৰ কৰিছে?

একপ্ৰকাৰে এয়া এক শক্তিশালী জনাদেশৰ সৈতে উভতি অহা চৰকাৰৰ ফলাফল। যোৱা ৫ বছৰে আমি যি ভেটি নিৰ্মাণ কৰিলো, তাৰেই সহায়ত আমি দ্বিতীয় কাৰ্যকালৰ প্ৰথম ৭৫টা দিনত এইখিনি কাম ৰূপায়ণ কৰিছো। যোৱা ৫ বছৰে বহু সংস্কাৰ সাধন কৰি ৰাইজৰ মনোবাঞ্ছা পূৰণৰ শক্তিৰে এই কথা নিশ্চিত কৰা হৈছিল যে দেশ এতিয়া উত্তৰণৰ দিশলৈ সাজু হৈছে। সপ্তদশ লোকসভাৰ প্ৰথম অধিৱেশন আছিল এক অভিলেখ, ১৯৫২ চনৰ পৰা আটাইতকৈ উৎপাদনক্ষম আছিল এইবাৰৰ অধিৱেশন। এয়া এক সাধাৰণ পৰিৱৰ্তন হ’লেও মোৰ দৃষ্টিত ঐতিহাসিক কেঁকুৰি, যাৰ দ্বাৰা আমাৰ সংসদক ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিবলৈ অধিক প্ৰতিক্ৰিয়াশীল কৰিব পৰা যাব। বহু বিৰল ব্যৱস্থা এইবাৰ গ্ৰহণ কৰা হ’ল, যেনে – কৃষক আৰু ব্যৱসায়ীসকলৰ পেঞ্চন আঁচনি, চিকিৎসা ক্ষেত্ৰৰ সংস্কাৰ, বেংকিং ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ সংশোধন আদি বহু কথা মই কৈ যাব পাৰো। কিন্তু থুলমূলকৈ ক’বলৈ হ’লে যেতিয়া উদ্দেশ্য সৎ হয়, তেতিয়া অভিপ্ৰায় স্পষ্ট ৰূপত দেখা দিয়ে আৰু এইসমূহ ৰূপায়ণ কৰিব পৰা যায়। যেতিয়া ৰাইজৰ সমৰ্থন আছে আমি কি কৰিব পাৰো তাৰ কোনো সীমা নাই।

চিকিৎসা ক্ষেত্ৰৰ সংস্কাৰক লৈ বিভিন্ন ক্ষেত্ৰৰ পৰা ভুনভুননি শুনা গৈছে। আপুনি ভাৱে নেকি যে যিসমূহ পৰিৱৰ্তন অনা হৈছে, এইসমূহ ভাল চিন্তাৰে কৰা হৈছে?

২০১৪ চনত আমি যেতিয়া চৰকাৰ গঠন কৰিছিলো তেতিয়া প্ৰচলিত চিকিৎসা শিক্ষা ক্ষেত্ৰক লৈ যথেষ্ট উদ্বিগ্নতা আছিল। ইয়াৰ পূৰ্বে ন্যায়পালিকাই চিকিৎসা খণ্ডৰ প্ৰতি কঠোৰ শব্দ ব্যৱহাৰ কৰি চিকিৎসা শিক্ষাৰ দিশক বাদ দি সমালোচনা কৰিছিল, ইয়াক কোৱা হৈছিল দুৰ্নীতিৰ ভূ–স্বৰ্গ বুলি। সংসদীয় কমিটীয়ে এইক্ষেত্ৰত কঠোৰ অধ্যয়ন কৰি লক্ষ্য কৰিলে যে আমাৰ চিকিৎসা শিক্ষাৰ অৱস্থা অতি পুতৌজনক। ভুল পৰিচালনা, স্বচ্ছতাৰ অভাৱ আৰু একনায়কত্ববাদী আদি বিভিন্ন দিশ আঙুলিয়াই দিয়া হৈছে। ইয়াৰ আগতেও চৰকাৰে এইক্ষেত্ৰৰ সংস্কাৰৰ কথা চিন্তা কৰিছিল কিন্তু বিশেষ আগবাঢ়িব পৰা নাছিল। আমি এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ চিন্তা কৰিলো কাৰণ এয়া সহজভাৱে ল’ব পৰা বিষয় নহয়। ইয়াত জড়িত হৈ আছে আমাৰ মানুহৰ স্বাস্থ্য আৰু আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যৎ। সেইবাবে আমি বিশেষজ্ঞ কমিটী গঠন কৰি সমগ্ৰ ব্যৱস্থা অধ্যয়ন কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিলো। কেনেকৈ এই সমস্যাসমূহ সমাধান কৰি এইক্ষেত্ৰৰ উন্নয়ন কৰিব পাৰি এই প্ৰসংগত বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰিয়ে এই বিধেয়কখন অনা হৈছে।

তেনেহ’লে এই বিধেয়কখনক লৈ ইমান হুলস্থূল কিয়?

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ এইক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী সংস্কাৰ আৰু বৰ্তমানৰ সমস্যাসমূহ সমাধান কৰিবলৈ এক উদ্যোগ। ইয়াত বহু সংস্কাৰ সন্নিৱিষ্ট কৰা হৈছে যাৰ জৰিয়তে দুৰ্নীতি হ্ৰাস হৈ স্বচ্ছতা বৃদ্ধি পাব। এনেকুৱা এটা সময়ত য’ত ৰাষ্ট্ৰসমূহে বিশ্বৰ বিকাশৰ আগন্তুক ঢৌৰ বাবে ভাৰতৰ মুখলৈ চাই আছে, তেতিয়া স্বাস্থ্যবান জনসংখ্যাৰ দ্বাৰাহে এই লক্ষ্য পূৰণ কৰিব পৰা যায়। দাৰিদ্ৰ্যৰ হাতোৰাৰ পৰা ৰাইজক মুক্ত কৰি চিকিৎসাৰ অভাৱ দূৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে এই ব্যৱস্থাও গ্ৰহণ কৰিছে। এই আয়োগে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত স্বচ্ছতা, দায়বদ্ধতা আৰু প্ৰশাসনৰ গুণগত মান উন্নত কৰাৰ নিশ্চিতি প্ৰদান কৰিব। ছাত্ৰ–ছাত্ৰীৰ ওপৰত থকা বোজা হ্ৰাস কৰিবলৈ উদ্যোগ গ্ৰহণ কৰাৰ লগতে চিকিৎসা শিক্ষাৰ আসনৰ সংখ্যা বৃদ্ধি আৰু খৰচ কমাবলৈ উদ্দেশ্য গ্ৰহণ কৰা হৈছে। অৰ্থাৎ এতিয়া অধিক প্ৰতিভাশালী যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে চিকিৎসা শিক্ষাক পেছা হিচাপে গ্ৰহণ কৰি পেছাদাৰী চিকিৎসকৰ সংখ্যা বৃদ্ধি কৰিব। আয়ুষ্মান ভাৰত হৈছে স্বাস্থ্য খণ্ডৰ এক বিপ্লৱ। ইয়াৰ জৰিয়তে সজাগতা বৃদ্ধি পোৱাৰ লগতে গুণসম্পন্ন স্বাস্থ্য সেৱা সহজেই টায়াৰ টু, আৰু টায়াৰ থ্ৰী চহৰসমূহত উপলব্ধ কৰোৱা হৈছে। আমি প্ৰতি তিনিখন জিলাত এখনকৈ চিকিৎসা মহাবিদ্যালয় দিবলৈ চেষ্টা কৰি আছো। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বৰ্ধিত সজাগতা, উপাৰ্জন বৃদ্ধি আৰু মানুহৰ মাজত আকাংক্ষা কেন্দ্ৰীভূত হোৱাৰ বাবেই আমাক এতিয়া হাজাৰ হাজাৰ চিকিৎসকৰ প্ৰয়োজন। বিশেষকৈ গ্ৰামাঞ্চল আৰু ভিতৰুৱা অঞ্চলত এই প্ৰয়োজনীয়তা অতি বেছি। আপুনি নিশ্চয় জানে যে ২০১৯–২০ৰ শৈক্ষিক বৰ্ষত চৰকাৰী মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা সৰ্বাধিক বৃদ্ধি কৰা হৈছে। প্ৰায় দুই ডজন নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। আমাৰ ৰোডমেপ স্পষ্ট – এখন স্বচ্ছ, সকলোৱে পাব পৰা আৰু কম খচৰী চিকিৎসা শিক্ষা ব্যৱস্থা, যাৰ দ্বাৰা স্বাস্থ্যসেৱাৰ উন্নত ফলাফল লাভ কৰিব পৰা যায়।

শিক্ষা যুৱ প্ৰজন্মৰ বাবে অতি প্ৰয়োজনী। কিন্তু আপোনাৰ চৰকাৰৰ মাজত চলি থকা আলাপ–আলোচনাসমূহত শিক্ষা বিষয়টো ক’ৰবাত হেৰাই আছে। চৰকাৰে এইক্ষেত্ৰত কি ব্যৱস্থা লৈছে?

শিক্ষা কেৱল জটিলেই নহয়, বৰং দক্ষমতাসম্পন্ন মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। এক প্ৰযুক্তিমুখী, সকলোকে সামৰি লোৱা, জনমুখী আৰু জনতাৰ দ্বাৰা পৰিচালিত ব্যৱস্থাত শিক্ষা অতি প্ৰয়োজনীয় বিষয়। শিক্ষাই কেৱল মানুহৰ জীৱনত ইতিবাচক ৰূপান্তৰেই নহয়, দেশৰ ভৱিষ্যতো গঢ়ে। আমি শিক্ষাৰ প্ৰতিটো দিশত কাম কৰি আছো। বিদ্যালয়ৰ পৰ্যায়ত শিক্ষাৰ গুণ উন্নত কৰা, শিক্ষণৰ ফলাফল উন্নত কৰা, এক বিজ্ঞানসন্মত মনোবৃত্তি আৰু সৃজনীমূলক চিন্তাক উদগণি দিয়া, আন্তঃগাঁথনি উন্নয়ন, প্ৰযুক্তিৰ ব্যৱহাৰ কৰি শিক্ষাৰ্থীৰ মাজত বিষয়সমূহ সৰলকৈ বুজোৱাৰ ব্যৱস্থা আদি কৰা হৈছে। আমি কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰি বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ ব্যৱস্থা হাতত লৈছো। উচ্চশিক্ষাৰ ক্ষেত্ৰত আমি আসনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে অহৰহ চেষ্টা কৰি আছো। প্ৰিমিয়াৰ শিক্ষা প্ৰতিষ্ঠানৰ সমগ্ৰ দেশতে সংখ্যা বৃদ্ধি কৰি শিক্ষা প্ৰতিষ্ঠানসমূহক অধিক স্বশাসিত কৰি গৱেষণা আৰু আৱিষ্কাৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিছো। আমি উচ্চশিক্ষা, ফাইনেন্সিং এজেন্সী প্ৰতিষ্ঠা কৰিছো, যাৰ দ্বাৰা ১ লাখ কোটিলৈকে পুঁজি ২০২২ চন পৰ্যন্ত প্ৰদান কৰা হ’ব। এইপৰ্যন্ত ২১ হাজাৰ কোটি টকাত অনুমোদন জনোৱা হৈছে। ৬০খন উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ লগতে ৫২খন বিশ্ববিদ্যালয়ক স্বায়ত্তশাসন প্ৰদান কৰা হৈছে। এই বিশ্ববিদ্যালয়সমূহ UGCৰ আওতাত থাকিলেও তেওঁলোকে নতুন পাঠ্যক্ৰম গ্ৰহণ, অফ কেম্পাচ চেণ্টাৰ, স্কীল ডেভেল’৸পমেণ্ট পাঠ্যক্ৰম, ৰিচাৰ্ছ পাৰ্ক তথা আন যিকোনো নতুন শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিব পাৰিব। তেওঁলোকে বিদেশৰ পৰা গৱেষক অনাৰ ক্ষেত্ৰতো স্বতন্ত্ৰতা লাভ কৰিব, বিদেশী শিক্ষাৰ্থীক নামভৰ্তিৰ সুযোগ দিব পাৰিব, ফেকাল্টীক ইনচেণ্টিভযুক্ত লক্ষ্য বান্ধি দিব পাৰিব, দূৰৱৰ্তী শিক্ষণ ব্যৱস্থাৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰথমখন খচৰাই বিভিন্ন পক্ষৰ বহু ইনপুট লাভ কৰিছে। ব্লক আৰু পঞ্চায়ত পৰ্যায়ৰ পৰা পৰামৰ্শ পঠিওৱা হৈছে। এই প্ৰতিক্ৰিয়াসমূহলৈ চাই আৰু বিভিন্ন অংশীদাৰী গোটৰ স্বাৰ্থলৈ লক্ষ্য ৰাখি কমিটীয়ে আন এক পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব। শেহতীয়া শিক্ষানীতিৰ খচৰা পাব্লিক ডমেইনত ৰাখি শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত ৰাজ্য, অভিভাৱক, শিক্ষক সকলোৰে মত গ্ৰহণ কৰা হৈছে। আমাৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি, শিক্ষাবিদ, বিশেষজ্ঞ আৰু অংশীদাৰীসকলৰ মত অনুসৰি প্ৰস্তুত কৰা হওক। শীঘ্ৰে এই নীতি কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি ভাৰতে বিশ্বৰ ভিতৰতে আগশাৰীৰ শিক্ষা অৰ্থনীতিৰূপে নিজৰ স্থান দখল কৰাৰ সম্ভাৱনা আছে।

আমোলাতন্ত্ৰৰ দুৰ্নীতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তই শেহতীয়াকৈ জোকাৰণিৰ সৃষ্টি কৰিছে। আপুনি কি বাৰ্তা দিব বিচাৰিছে?

স্বাধীনোত্তৰ কালৰে পৰা আমাক জৰ্জৰিত কৰি ৰখা অন্যতম ডাঙৰ বিষয়টোৱে হৈছে দুৰ্নীতি। দুৰ্নীতিয়ে কাকো ৰেহাই দিয়া নাই। সেয়া লাগিলে ধনী হওক বা দুখীয়া। মানহে লোভ সামৰিব নোৱাৰি বা কেতিয়াবা বাধ্যত পৰি অসৎ পন্থাৰে ধন গ্ৰহণ কৰে। প্ৰত্যেকৰ মনলৈ অহা এটা প্ৰশ্ন এইক্ষেত্ৰত ক’ৰ পৰা দুৰ্নীতিৰ সৈতে যুঁজা হ’ব আৰু কোনে এই যুঁজ আৰম্ভ কৰিব? দুৰ্নীতিৰ বিৰুদ্ধে এই যুঁজখনত ৰাইজ, সংবাদ মাধ্যম, বিভিন্ন প্ৰতিষ্ঠান সকলোৰে সঁহাৰি পোৱা গৈছে। দুৰ্নীতিয়ে সমাজৰ মাজত থকা বিশ্বাসযোগ্যতা নষ্ট কৰিছে। আৰক্ষী থানালৈ যোৱা এজন ব্যক্তিয়ে চিন্তা কৰে যে তেওঁ ন্যায় পাবনে? অথবা বজাৰৰ পৰা কোনো সামগ্ৰী ক্ৰয় কৰা এজন ব্যক্তিয়ে ভয় কৰে যে তেওঁ ভেজাল সামগ্ৰী কিনা নাইতো? আমি সেইকাৰণে দুৰ্নীতিৰ বিৰুদ্ধে আক্ৰমণাত্মক ব্যৱস্থা গ্ৰহণ কৰিছো। ক’ৰবাৰ পৰাতো আৰম্ভ কৰিবই লাগিব, আৰু আমি ইয়াৰ ফলাফলো পাইছো। দুৰ্নীতি কেৱল কম হোৱাই নহয়, সমাজত এতিয়া বিশ্বাসো বাঢ়িছে। যোৱা ৫ বছৰত আয়কৰৰ ৰিটাৰ্ণ ফাইল কৰা লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। আমি প্ৰণালীবদ্ধভাৱে দুৰ্নীতিক মষিমূৰ কৰিবলৈ টেক্স ফাইল আৰু ৰিফাণ্ডৰ ব্যৱস্থা অনলাইনত উপলব্ধ কৰাইছো। আয়কৰ প্ৰদান কৰা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ বেংক একাউণ্টৰ জৰিয়তে ৰিফাণ্ড লাভ কৰিছে আৰু ইয়াত কোনো মানৱীয় হস্তক্ষেপ নাই। এইক্ষেত্ৰত অলপ আগুৱাই গৈ আমি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ ক্ষেত্ৰত ফেচলেছ এছেছমেণ্ট ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিবলৈ গৈ আছো। এই ব্যৱস্থাই কৰ আদায় দিয়াৰ ক্ষেত্ৰত স্বচ্ছতাৰ নতুন পৰিৱেশ আনিব। আমি নিদিওঁ, নলওঁ – এই সিদ্ধান্তত অটল হৈ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিছো। দুৰ্নীতিৰ বিৰুদ্ধে এই যুঁজৰ বাবেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। একাংশ কৰ বিষয়াক বাধ্যতামূলকভাৱে অৱসৰ প্ৰদান কৰিছো। বিগত সময়তো শতাধিক চৰকাৰী চাকৰিয়ালে এনেধৰণৰ কাৰণতে চাকৰি হেৰুৱাইছে। ডিবিটি ব্যৱস্থাৰ জৰিয়তে উন্নতমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি ১.৪ লাখ কোটি টকা সঞ্চয় কৰা হৈছে।

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰা সিদ্ধান্তক বহুতে সমৰ্থন জনালেও একাংশই ইয়াৰ বিৰোধিতা কৰিছে। এই সময়ত এক অসহজ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আপুনি ভাৱে নেকি জম্মু–কাশ্মীৰৰ ৰাইজে আপোনাক সমৰ্থন জনাব?

অনুগ্ৰহ কৰি কাশ্মীৰৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বিৰোধ কৰা লোকৰ তালিকালৈ মন কৰক। সেই একেই ন্যস্তস্বাৰ্থজড়িত গোট, ৰাজনৈতিক বংশ, সন্ত্ৰাসবাদৰ প্ৰতি সমমৰ্মিতা থকা মানুহ আৰু বিৰোধীৰ একাংশ বন্ধু এই তালিকাত আছে। ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধ্বত গৈ দেশৰ ৰাইজে জম্মু–কাশ্মীৰ আৰু লাডাখৰ সিদ্ধান্তক সমৰ্থন জনাইছে। এয়া ৰাজনীতি নহয়, এয়া দেশৰ কথা। দেশৰ মানুহে দেখিছে যে কঠিন হ’লেও গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ, যিসমূহ আগতে অসম্ভৱ আছিল, এতিয়া বাস্তৱায়িত হৈছে। এতিয়া সকলোৱে জানে যে কেনেকৈ অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ)ৰ দ্বাৰা জম্মু–কাশ্মীৰ আৰু লাডাখক সম্পূৰ্ণৰূপে অকলশৰীয়া কৰা হৈছে। সাত দশক ধৰি স্থিত অৱস্থাত থকাৰ পিছত ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থতা দেখা গ’ল। উন্নয়নৰ পৰা নাগৰিকসকলক আঁতৰাই ৰখা হ’ল। এইক্ষেত্ৰত আটাইতকৈ ক্ষতিকাৰক আছিল উপাৰ্জন বৃদ্ধি কৰিব পৰাকৈ কোনো অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ নকৰাটো। আমাৰ দৃষ্টিভংগী অলপ পৃথক। দাৰিদ্ৰ্যৰ সেই আওপুৰণি চক্ৰ ভেদ কৰি মানুহক নতুন অৰ্থনৈতিক সুযোগ প্ৰদান কৰা।

জম্মু–কাশ্মীৰৰ ৰাইজক আপুনি দেশৰ ভৱিষ্যৎ সংস্কাৰ কৰিব পৰাকৈ নতুন প্ৰেক্ষাপটত সামৰি ল’বলৈ কি বাৰ্তা দিব বিচাৰে? চাকৰি আৰু উন্নত মানৰ জীৱন–ধাৰণক লৈ কি ক’ব?

এতিয়া কেৱল উন্নয়নত গুৰুত্ব দিয়াৰ সময়। জম্মু–কাশ্মীৰ আৰু লাডাখত থকা মোৰ ভাতৃ–ভগ্নীসকলে সদায় এক উন্নত ভৱিষ্যতৰ সপোন দেখিছিল। কিন্তু অনুচ্ছেদ ৩৭০ৰ কাৰণে এই ব্যৱস্থা কাৰ্যকৰী কৰিব পৰা যোৱা নাছিল। মহিলা, শিশু, এছ টি আৰু এছ চি সম্প্ৰদায়ৰ সৈতে অন্যায় কৰা হৈছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ জম্মু–কাশ্মীৰ আৰু লাডাখৰ ৰাইজৰ সৃজনীমূলক উদ্যমক আওকাণ কৰা হৈছিল। এতিয়া বিপিঅ’ৰ পৰা ষ্টাৰ্টআপ, ফুড প্ৰছেছিঙৰ পৰা ট্যুৰিজিম সকলো ক্ষেত্ৰৰ উদ্যোগে স্থানীয় যুৱ প্ৰজন্মৰ বাবে নতুন বাট মুকলি কৰিব। শিক্ষা আৰু দক্ষতা বিকাশৰ দিশতো উন্নয়ন হ’ব। মই জম্মু–কাশ্মীৰ আৰু লাডাখৰ ভাতৃ–ভগ্নীসকলক স্পষ্টভাৱে আশ্বাস দিব বিচাৰো যে তেওঁলোকৰ সপোন আৰু লক্ষ্য অনুসৰিয়ে এই অঞ্চলসমূহ উন্নীত কৰি তোলা হ’ব। এই অঞ্চলসমূহৰ ৰাইজৰ দ্বাৰাই এই অঞ্চলৰ বিকাশ সাধন কৰা হ’ব। অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ)ই ৰাইজক শিকলিৰে বান্ধি থৈছিল। এই শিকলি এতিয়া ছিঙি পেলোৱা হৈছে। সকলো ধৰণৰ দমনৰ পৰা মুক্ত হৈ এতিয়া তেওঁলোকে নিজৰ ভাগ্য গঢ়িব। যিসকলে জম্মু–কাশ্মীৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে, তেওঁলোকে মাত্ৰ এটা কথাৰ উত্তৰ দিয়ক যে কি কাৰণে অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ) থাকিব লাগে? তেওঁলোকৰ হাতত কোনো উত্তৰ নাই। এইসমূহ সেই লোক, যিসকলে সাধাৰণ মানুহক সহায় কৰা যিকোনো বিষয়ৰ বিৰোধ কৰি আহিছে। মানুহক পানী দিব বিচাৰিলে তেওঁলোকে বিৰোধ কৰে। ক’ৰবাত ৰে’লৱে ট্ৰেক বনালে তেওঁলোকে বিৰোধ কৰে। তেওঁলোকৰ হৃদস্পন্দন কেৱল সাধাৰণ মানুহক নগুৰ–নাকটি কৰা মাওবাদী আৰু সন্ত্ৰাসবাদীৰ কাৰণে। আজি প্ৰত্যেকজন ভাৰতীয়ই জম্মু–কাশ্মীৰ আৰু লাডাখৰ ৰাইজৰ সৈতে থিয় দিছে। মই আত্মবিশ্বাসী, তেওঁলোকে অঞ্চলটোৰ উন্নয়ন আৰু শান্তিৰ কাৰণে আমাৰ সৈতে থিয় দিব।

কিন্তু গণতন্ত্ৰৰ কাৰণে চিন্তাৰ কাৰণ হোৱা নাইনে? কাশ্মীৰীসকলৰ কণ্ঠ কোনে শুনিব?

কাশ্মীৰে গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধতাৰে এনে ব্যৱস্থা কেতিয়াও দেখা নাছিল। পঞ্চায়ত নিৰ্বাচনৰ সময়ত ভোটাৰ টাৰ্ণআউট মনত আছেনে? ৰাইজে বৃহৎ সংখ্যাত ওলাই আহি সকলো ধৰণৰ ভয়–ভাবুকি নেওচি ভোটদান কৰিছিল। ২০১৮ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ৩৫ হাজাৰ গাঁওবুঢ়া নিৰ্বাচন কৰা হৈছিল আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ৭৪ শতাংশ জনমতেৰে গঠন হৈছিল। পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ হিংসা সংঘটিত হোৱা নাছিল। এটোপাল তেজো মাটিত পৰা নাছিল। তাত থকা প্ৰধান দলসমূহে এই সমগ্ৰ ব্যৱস্থাটোৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰাৰ সময়তে এই সফলতা পোৱা গৈছিল। এই পঞ্চায়তে এতিয়া সন্মুখত থাকি উন্নয়ন আৰু মানৱ সবলীকৰণৰ কাৰণে কাম কৰিছে। কল্পনা কৰক, ইমান বছৰে শাসনত থকা লোকসকলে পঞ্চায়ত ব্যৱস্থা শক্তিশালী কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। তেওঁলোকে গণতন্ত্ৰৰ ওপৰত ডাঙৰ ডাঙৰ কথা ক’লে কিন্তু কামেৰে একো নকৰিলে। মোৰ কাৰণে এয়া আশ্চৰ্যকৰ আৰু দুখজনক আছিল যে ৭৩সংখ্যক সংশোধনী জম্মু–কাশ্মীৰৰ কাৰণে বলৱৎ হোৱা নাছিল। এনেধৰণৰ অন্যায় কেনেকৈ সহিব। যোৱা কেইটামান বছৰতহে জম্মু–কাশ্মীৰৰ পঞ্চায়তে ক্ষমতা লাভ কৰি মানুহৰ উন্নতিৰ হকে কাম কৰিবলৈ ৭৩সংখ্যক সংশোধনীয়ে প্ৰদান কৰা শক্তি ব্যৱহাৰ কৰিছে। মই এতিয়া ৰাজ্যপালক অনুৰোধ কৰিছো যে ব্লক পঞ্চায়ত নিৰ্বাচনো অনুষ্ঠিত কৰিব লাগে। শেহতীয়াকৈ জম্মু–কাশ্মীৰৰ প্ৰশাসনে ‘গাঁৱলৈ উভতি যাওঁ’ অনুষ্ঠানৰ আয়োজন কৰিছিল। তেওঁলোকে মানুহৰ সমস্যাসমূহৰ সমাধানৰ বাবে আগবাঢ়ি গৈছিল। সাধাৰণ নাগৰিকে এই অনুষ্ঠানৰ প্ৰশংসা কৰিছিল। এই প্ৰয়াসৰ ফলাফল আমি সকলোৱে দেখিছো। স্বচ্ছ ভাৰত, গ্ৰাম্য বৈদ্যুতিকীকৰণ আৰু আন আন উদ্যোগসমূহ তৃণমূল পৰ্যায়ত লৈ যোৱা হৈছে। এয়া হৈছে প্ৰকৃত অৰ্থত গণতন্ত্ৰ। যিকোনো ক্ষেত্ৰতে মই ৰাইজক আশ্বাস দিব বিচাৰিছো যে জম্মু–কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু এই অঞ্চলৰ ৰাইজে তেওঁলোকক প্ৰতিনিধিত্ব কৰা মানুহ বাচি উলিয়াব। অৱশ্যে যিসকলে কাশ্মীৰ শাসন কৰিলে তেওঁলোকে ভাৱিব পাৰে যে এয়া তেওঁলোকক দেৱতাই দিয়া অধিকাৰ যে তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাক ভৰিৰে মোহাৰি অশুদ্ধ বৰ্ণনা ৰাইজৰ মাজলৈ ঠেলি দিব লাগে। তেওঁলোকে কেতিয়াও স্বচালিত যুৱ প্ৰজন্মৰ নেতৃত্ব উঠি অহাটো নিবিচাৰে। এইসমূহ হৈছে সেইবোৰ মানুহ, যাৰ ১৯৮৭ চনৰ নিৰ্বাচনৰ সময়ত নিজৰ আচৰণৰ প্ৰতি সন্দেহৰ আঙুলি উঠিছিল। অনুচ্ছেদ ৩৭০–এ স্থানীয় ৰাজনৈতিক মহলত স্বচ্ছতা আৰু দায়বদ্ধতা নথকাকৈ কাম কৰিবলৈ অবৈধ বাট দিছিল। ইয়াৰ পৰিহাৰ কৰাৰ ফলত কেৱল গণতন্ত্ৰ অধিক শক্তিশালী হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি