উত্তৰাখণ্ডৰ ৱাকফ বোৰ্ডে তেওঁলোকৰ দ্বাৰা পৰিচালিত ১১০খন মাদ্ৰাছা সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ উপৰি কেৱল মুছলমান ধৰ্মাৱলম্বী শিক্ষাৰ্থীৰ কাৰণেই নহয়; সকলো ধৰ্মৰ লোকে পঢ়িব পৰাকৈ নতুন মাদ্ৰাছা খোলাৰো পৰিকল্পনা কৰিছে । মাদ্ৰাছাসমূহক আধুনিকীকৰণৰ অংশবিশেষ হিচাপে এই সিদ্ধান্তসমূহ অহা বছৰৰ পৰা কাৰ্যকৰী কৰা হ’ব ।
উত্তৰাখণ্ড ৱাকফ বোর্ডৰ অধ্যক্ষ সদাৱ চেমে দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকৰ আজিৰ সংস্কৰণত জনোৱা মতে, বিদ্যায়তনিক দিশৰ পৰা মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকল হীনমন্যতাৰ বলি হয় । গতিকে প্ৰচেষ্টা হাতত লোৱা হৈছে যাতে মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলেও মূলসুঁতিত প্ৰাধান্য পায়।
তেওঁ লগতে কয় ইয়াৰ কাৰণে মাদ্ৰাছাসমূহত National Council for Education Research and Training চমুকৈ NCERTয়ে প্রস্তুত কৰা পাঠ্যক্ৰম অহা বছৰৰ সন্নিৱিষ্ট কৰা হ’ব । অহাটো শিক্ষাবৰ্ষৰ পৰা Central Board of Secondary Education (CBSE) নতুবা উত্তৰাখণ্ড ৰাজ্যিক শিক্ষা বোর্ডৰ দ্বাৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই সম্পৰীক্ষা সফল হ’লে ৰাজ্যখনৰ বাকী ৪১৯খন মাদ্ৰাছালৈ এই ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ চিন্তাও তেওঁলোকে কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|