মুখ্যপৃষ্ঠা »খবৰ »দেশ »‘The Vial’ Trailer Out: History TV18ৰ তথ্যচিত্ৰ ‘The Vial’ত মনোজ বাজপেয়ীয়ে ক'ব ভাৰতৰ Covid-19 ভেকচিন প্ৰস্তুতৰ কাহিনী

‘The Vial’ Trailer Out: History TV18ৰ তথ্যচিত্ৰ ‘The Vial’ত মনোজ বাজপেয়ীয়ে ক'ব ভাৰতৰ Covid-19 ভেকচিন প্ৰস্তুতৰ কাহিনী

History TV18ৰ তথ্যচিত্ৰ ‘The Vial’ত মনোজ বাজপেয়ীয়ে ক'ব ভাৰতৰ Covid-19 ভেকচিন নিৰ্মাণৰ কাহিনী

History TV18ৰ তথ্যচিত্ৰ ‘The Vial’ত মনোজ বাজপেয়ীয়ে ক'ব ভাৰতৰ Covid-19 ভেকচিন নিৰ্মাণৰ কাহিনী

প্ৰায় ৬০ মিনিটৰ এই তথ্যচিত্ৰখনৰ বৰ্ণনা কৰিছে জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ীয়ে। প্ৰধানমন্ত্ৰী মোদীক পৰ্দাত দেখুওৱা এইখন প্ৰথম তথ্যচিত্ৰ। তেওঁ কৰ'না মহামাৰীত ভাৰত কেনেকৈ জয়ী হৈছিল সেই বিষয়ে বিতংভাৱে কয়।

  • Share this:
নতুন দিল্লীঃ তিনিবছৰ পূৰ্বে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে কৰ’নাই বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। সেই সময়ত ভাৰতৰ Covid-19 টীকাকৰণ অভিলেখৰ স্তৰত আছিল। এই টীকাকৰণ অভিযান আছিল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে এই যাত্ৰা কেনেকৈ আৰম্ভ কৰিলে? এই ঐতিহাসিক আৰু অভূতপূৰ্ব যুঁজখনৰ ওপৰত History TV18 য়ে নিৰ্মাণ কৰিছে The Vial - India’s Vaccine Story নামৰ এখন তথ্যচিত্ৰ। এই তথ্যচিত্ৰখন ২৪ মাৰ্চ, ২০২৩ তাৰিখে নিশা ৮ বজাত চাব পাৰিব।

‘The Vial’ তথ্যচিত্ৰখনৰ জৰিয়তে কোভিড-১৯ ভেকচিন উৎপাদনৰ সময়ত কি হৈছিল সেই স্মৃতি ৰোমন্থন কৰা হৈছে। ইয়াৰ দ্বাৰা ভাৰতে কম সময়ৰ ভিতৰতে Covid-19 ভেকচিন প্ৰস্তুত কৰি, উৎপাদন কৰি সুপৰিকল্পিতভাৱে বিতৰণ কৰা সফলতাৰ ৰহস্য উন্মোচিত হৈছে।

প্ৰায় ৬০ মিনিটৰ এই তথ্যচিত্ৰখনৰ বৰ্ণনা কৰিছে জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ীয়ে। প্ৰধানমন্ত্ৰী মোদীক পৰ্দাত দেখুওৱা এইখন প্ৰথম তথ্যচিত্ৰ। তেওঁ কৰ'না মহামাৰীত ভাৰত কেনেকৈ জয়ী হৈছিল সেই বিষয়ে বিতংভাৱে কয়। History TV18 য়ে এই তথ্যচিত্ৰখনৰ ট্ৰেইলাৰ ইতিমধ্য়ে মুকলি কৰিছে। ছিৰাম ইনষ্টিটিউটৰ CEO আধাৰ পুনাৱালা, মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছকো ইয়াত দেখা যায়।

https://www.youtube.com/watch?v=IXkuG90J7Vo&t=4s

'The Vial'ত Covishield ভেকচিনৰ বিকাশৰ বুৰঞ্জীও দেখুওৱা হৈছে, পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ'লজীত এই ষ্ট্ৰেইনটো পৃথক কৰাৰ পৰা আৰম্ভ কৰি দেশৰ বিপুল জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি অভিলেখ সময়ত বিশ্বৰ দুটা ফলপ্ৰসূ ভেকচিন প্ৰাৰ্থীৰ কোটি কোটি পালি ভেকচিন প্ৰস্তুত কৰালৈকে ।

Network18ৰ সৈতে হোৱা কথা-বতৰাত মনোজ বাজপেয়ীয়ে কয় যে ভাৰতৰ Covid-19 ভেকচিনৰ এই কাহিনী দেশৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব আৰু ভাৰতীয় হিচাপে আমি সকলোৱে ইয়াক লৈ গৌৰৱ কৰা উচিত। এই ছবিখনৰ জৰিয়তে আমাৰ স্বাস্থ্যসেৱা কৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে যিসকলে অভূতপূৰ্ব সময়সীমাত ভেকচিন প্ৰস্তুত কৰিছিল আৰু কেইবাটাও প্ৰত্যাহ্বানৰ মাজতো টীকাকৰণ অভিযান কাৰ্যকৰী কৰিছিল। তেওঁলোকৰ বাবেই আজি আমি আত্মবিশ্বাসেৰে ঘৰৰ পৰা ওলাই আহিছো।”

‘The Vial’ ত কিছুমান কেছ ষ্টডিৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰা হৈছে। ক’ৰোনাৰ দৰে কঠিন সময়ত ভাৰত চৰকাৰ তথা স্বাস্থ্যকৰ্মীসকলে যি দৃঢ়তাৰে প্রদর্শন কৰিছে, সেই দৃঢ়তাৰ ওপৰত আলোকপাত কৰা হৈছে৷ দুৰ্গম অঞ্চলতো মানুহৰ বাবে ভেকচিন উপলব্ধ কৰাৰ বাবে তেওঁলোকে প্ৰাকৃতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ভাৰতৰ গৰিষ্ঠসংখ্যক লোকে এই ভেকচিনৰ অন্ততঃ এটা পালি লাভ কৰিছে। ভাৰতত বিদ্যমান বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি এইটো এটা অতি কঠিন কাম। ভাৰতে ভেকচিন মৈত্ৰী পদক্ষেপৰ জৰিয়তেও বিশ্বৰ বাবে এক আদৰ্শ দাঙি ধৰিলে যাৰ জৰিয়তে ১০০খন দেশত ২৩২.৪৩ মিলিয়ন পালি কোভিড-১৯ ভেকচিন প্ৰদান কৰা হয়।

শেহতীয়া বাতৰি