কোৰোণাৰ ভেকচিন চাৰ্টিফিকেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ব্যৱহাৰকলৈ বহু সময়ত বহু বিতৰ্ক হৈ আহিছে। আনকি একাংশ ৰাজ্যই বাদ দিছিল সেই ছবি। আৰু এতিয়া সেয়াই হ'ল। ৫ ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। স্বাভাৱিকতে জাৰি কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি। গতিকে কো উইন এপ আৰু ৱেব পৰ্টেলত বিশেষ ফিল্টাৰ লগোৱা হৈছে। যাৰ ফলত ভেকচিনৰ চাৰ্টিফিকেটৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ফটো বাদ দিয়া হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই ফিল্টাৰ লগোৱা হৈছে কো উইন এপ আৰু পৰ্টেলত। শনিবাৰে নিৰ্বাচন আয়োগে উত্তৰপ্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন ঘোষমা কৰিছিল। সেই অনুসৰি, আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চ পৰ্যন্ত ৰাজ্য কেইখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু ফলাফল ঘোষণা হ'ব ১০ মাৰ্চত।
উল্লেখ্য যে, যোৱা বছৰৰ পৰা কোৰোণা ভাইৰাছৰ টিকা দিয়া আৰম্ভ হৈছে। সেই টিকাৰ প্ৰমাণ পত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো দিয়া হৈছিল। কিন্তু উত্তৰপ্ৰদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে এই ৰাজ্যকেইখনৰ টিকাৰ প্ৰমাণপত্ৰত সাল-সলনি কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|