নিৰ্ভয়া কাণ্ডৰ দোষীৰ নতুন নাটক, চৰিত্ৰৰ শুধৰণি হোৱা বুলি ন্যায়ালয়ত দাখিল কৰিব কিউৰেটিভ পিটিশ্যন

News18 Assam | News18-Assam
Updated:January 24, 2020, 10:20 AM IST
নিৰ্ভয়া কাণ্ডৰ দোষীৰ নতুন নাটক, চৰিত্ৰৰ শুধৰণি হোৱা বুলি ন্যায়ালয়ত দাখিল কৰিব কিউৰেটিভ পিটিশ্যন
তিনিওজন দোষীয়ে নিজৰ চৰিত্ৰ তথা ব্যৱহাৰৰ শুধৰণি কৰাৰ কথা উল্লেখ কৰি ফাঁচিৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰাৰ বাবে দাখিল কৰিব আৱেদন।

তিনিওজন দোষীয়ে নিজৰ চৰিত্ৰ তথা ব্যৱহাৰৰ শুধৰণি কৰাৰ কথা উল্লেখ কৰি ফাঁচিৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰাৰ বাবে দাখিল কৰিব আৱেদন।

  • Share this:
মৃত্যুদণ্ডৰে দণ্ডিত নিৰ্ভয়া কাণ্ডৰ দোষীয়ে শীঘ্ৰেই উচ্চতম ন্যায়ালয়ত দাখিল কৰিব কিউৰেটিভ পিটিশ্যন। সূত্ৰ অনুসৰি, দোষী বিনয়, পৱন আৰু অক্ষয়ে এদিন–দুদিনৰ ভিতৰতে সৰ্বোচ্চ ন্যায়লয়ত দাখিল কৰিব কিউৰেটিভ পিটিশ্যন। ইতিমধ্যে খাৰিজ হৈছে মুকেশৰ কিউৰেটিভ পিটিশ্যন।

তিনিওজন দোষীয়ে নিজৰ চৰিত্ৰ তথা ব্যৱহাৰৰ শুধৰণি কৰাৰ কথা উল্লেখ কৰি ফাঁচিৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰাৰ বাবে দাখিল কৰিব আৱেদন। অধিবক্তা এ পি সিঙে জনোৱা অনুসৰি, কাৰাগাৰৰ পৰা নথি–পত্ৰ লাভ কৰাত পলম হোৱাৰ বাবে কিউৰেটিভ পিটিশ্যন দাখিলত বিলম্ব হৈছে।

অধিবক্তাগৰাকীয়ে আশা প্ৰকাশ কৰে যে ন্যায়ালয়ে দোষীৰ ব্যৱহাৰত হোৱা শুধৰণিলৈ লক্ষ্য ৰাখি ফাঁচিৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰিব। অধিবক্তাৰ মতে, কাৰাগাৰত থাকিও বিনয়ে কৰিছে কেইবাটাও ভাল কাম। এজন কয়দীক আত্মহত্যাৰ পৰা ৰক্ষা কৰিছিল বিনয়ে। ইয়াৰ উপৰি বিনয়ে ৰক্তদান শিবিৰতো ৰক্তদান কৰিছে। আনহাতে, অক্ষয়ে জে’লত কেতবোৰ ভাল কামত অংশ গ্ৰহণ কৰি আহিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি