চৰকাৰী আঁচনিৰ ৯.৫ লাখ টকা অপব্যৱহাৰ কৰাৰ অভিযোগত ২০১৭ চনত কাৰাগাৰৰ আলহী হ’বলগীয়া হৈছিল প্ৰেম সিং তামাং।
চৰকাৰী আঁচনিৰ ৯.৫ লাখ টকা অপব্যৱহাৰ কৰাৰ অভিযোগত ২০১৭ চনত কাৰাগাৰৰ আলহী হ’বলগীয়া হৈছিল প্ৰেম সিং তামাং।
ছিকিমৰ মুখ্যমন্ত্ৰীক লৈ অব্যাহত আছে বিতৰ্ক। মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই বুলি অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত এখন জনস্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল প্ৰকাশ ৰাই আৰু বিমল দাবাদী নামৰ দুজন লোকে। আবেদনত উল্লেখ আছে যে মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং দুৰ্নীতিবিৰোধী আইনৰ গোচৰত অভিযুক্ত। এই জনস্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ছিকিম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ উত্তৰ বিচাৰি প্ৰেৰণ কৰিছে জাননী।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু অনিৰুদ্ধ বসুৰে গঠিত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰে এই আবেদনৰ শুনানি। ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ছিকিম চৰকাৰলৈ প্ৰেম সিং তামাঙৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ থকা সত্ত্বেও কিয় মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হ’ল তাৰ উত্তৰ বিচাৰি জাননী প্ৰেৰণ কৰিছে।
চৰকাৰী আঁচনিৰ ৯.৫ লাখ টকা অপব্যৱহাৰ কৰাৰ অভিযোগত ২০১৭ চনত কাৰাগাৰৰ আলহী হ’বলগীয়া হৈছিল প্ৰেম সিং তামাং। ১৯৯৪ আৰু ১৯৯৯ চনত পশুপালন মন্ত্ৰী হৈ থকাৰ সময়ত গাই গৰু বিতৰণৰ নামত এই কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তামাঙৰ বিৰুদ্ধে। এই গোচৰৰ অভিযুক্তই ৬ বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব ৩০ জুলাইত।
উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত ছিকিমত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল ছিকিম ক্ৰান্তিকাৰী মৰ্চাই। তাৰ পিছতে প্ৰেম ছিং তামাঙক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিছিল দলটোৱে। সুদীৰ্ঘ ২৫ বছৰৰ অন্তত অৱসান ঘটিছিল পৱন চামলিং চৰকাৰৰ শাসনৰ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|