মুখ্যপৃষ্ঠা »খবৰ »দেশ »সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ধৰ্মনিৰপেক্ষ শব্দটো পৰিহাৰ কৰাৰ আৱেদন গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ; ২৩ ছেপ্টেম্বৰৰ পৰা শুনানি

সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ধৰ্মনিৰপেক্ষ শব্দটো পৰিহাৰ কৰাৰ আৱেদন গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ; ২৩ ছেপ্টেম্বৰৰ পৰা শুনানি

ৰাজ্যসভা সাংসদ ডঃ সুব্ৰমনিয়াম স্বামীয়ে দাখিল কৰা আবেদনৰ ২৩ছেপ্টেম্বৰৰ পৰা শুনানি 

ৰাজ্যসভা সাংসদ ডঃ সুব্ৰমনিয়াম স্বামীয়ে দাখিল কৰা আবেদনৰ ২৩ছেপ্টেম্বৰৰ পৰা শুনানি 

ৰাজ্যসভা সাংসদ ডঃ সুব্ৰমনিয়াম স্বামীয়ে দাখিল কৰা আবেদনৰ ২৩ছেপ্টেম্বৰৰ পৰা শুনানি 

  • Share this:
ৰাজ্যসভাৰ সাংসদ ডঃ সুব্ৰমনিয়াম স্বামীয়ে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষতা’ আৰু ‘সমাজবাদী’ এই শব্দ দুটাৰ পৰিহাৰ বিচাৰি দাখিল কৰা লেখ আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে । ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু ন্যায়াধীশ এম এম সুন্দৰেশৰে গঠিত খণ্ড বিচাৰপীঠে লেখ আবেদনখন গ্ৰহণ কৰি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত দাখিল হৈ থকা অনুৰূপ আবেদনৰে সংলগ্ন কৰে । এই বিষয়ৰ সন্দৰ্ভত শুনানি অহা ছেপ্টেম্বৰৰ ২৩ তাৰিখৰ পৰা আৰম্ভ হ’ব ।

উল্লেখযোগ্য যে ১৯৫০চনত গৃহীত ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাত ‘Secularism’ আৰু ‘Socialism’ শব্দ দুটাৰ উল্লেখ নাছিল । ১৯৭৬চনত তদানীন্তন দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৃষ্ঠপোষকতাত সংবিধানৰ ৪২সংখ্যক সংশোধন ঘটাই এই দুটা শব্দ সংযোজন কৰা হৈছিল । সেই সময়ত দেশত জৰুৰীকালীন অৱস্থা চলি আছিল ।

আবেদনখনত কোৱা হৈছে সংবিধানৰ অনুচ্ছেদ ৩৬৮ অনুসৰি তেনে পৰিস্থিতিত সংসদে সংবিধান সংশোধন বিধেয়ক গৃহীত কৰিব নোৱাৰে নতুবা কৰিলেও বৈধ নহয় । লগতে কোৱা হৈছে সংবিধান প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰেও কেতিয়াও এই দুই শব্দ সংবিধানৰ অংশ হোৱাটো বিচৰা নাছিল । কাৰণ এই সংযোজন ফলত নাগৰিকৰ ওপৰৰ এটা বিশেষ ৰাজনৈতিক ধাৰা জাপি দিয়া হয় আৰু নাগৰিকৰ ৰাজনৈতিক ধাৰা স্বতন্ত্ৰভাৱে গ্রহণ কৰাৰ অধিকাৰ খৰ্ব কৰা হয় ।

ইয়াৰ উপৰিও আবেদনত কোৱা হৈছে ১৯৭৩চনতে কেশৱানন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে প্ৰস্তাৱনাক মৌলিক পৰিকাঠামো বুলি ঘোষণা কৰি থৈছে যিটোৰ পৰিবৰ্তন কৰিব পৰা নাযায় । তেনে স্থলত জৰুৰীকালীন অৱস্থাৰ আছিলা লৈ এই দুই শব্দৰ সংযোজন অবৈধ । অৱশ্যে ১৯৯৪ চনত বুম্মাই গোচৰত প্ৰস্তাৱনাৰ ধৰ্মনিৰপেক্ষতা শব্দটোৰ বৈধতা প্ৰদান কৰা হৈছিল ।

ইফালে আবেদনকাৰীসকলে Representation of People Act 1951ৰ দফা 29A(5) পৰিহাৰ কৰাৰ দিশতো নিৰ্দেশ বিচাৰিছে । এই দফা অনুসৰি এটা ৰাজনৈতিক দলে ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদৰ নীতিৰ আনুগত্য বুলি ঘোষণা কৰিব লাগে ।

শেহতীয়া বাতৰি