• Home
  • »
  • News
  • »
  • nation
  • »
  • ২৮ আগষ্টত কিয় ভাঙি পেলোৱা হ'ব নয়দাস্থিত দুটাকৈ আকাশচুম্বী টুইন টাৱাৰ; জানো আহক

২৮ আগষ্টত কিয় ভাঙি পেলোৱা হ'ব নয়দাস্থিত দুটাকৈ আকাশচুম্বী টুইন টাৱাৰ; জানো আহক

ছুপাৰটেকে টুইন টাৱাৰ দুটা নিৰ্মাণ কৰোঁতে নিৰ্মাণৰ চৰ্তসমূহৰ কঠোৰভাৱে উলংঘা কৰিছিল।

ছুপাৰটেকে টুইন টাৱাৰ দুটা নিৰ্মাণ কৰোঁতে নিৰ্মাণৰ চৰ্তসমূহৰ কঠোৰভাৱে উলংঘা কৰিছিল।

ছুপাৰটেকে টুইন টাৱাৰ দুটা নিৰ্মাণ কৰোঁতে নিৰ্মাণৰ চৰ্তসমূহৰ কঠোৰভাৱে উলংঘা কৰিছিল।

  • Share this:
দেওবাৰে নয়ডাৰ চেক্টৰ-৯৩ ত অৱস্থিত ছুপাৰটেক টুইন টাৱাৰ ভাঙি পেলোৱা হ’ব। এই দুটা ছুপাৰটেক আকাশচুম্বী অট্টালিকা (Supertech Twin Towers demolition)২৮ আগষ্টৰ দিনা দুপৰীয়া প্ৰায় ২ বাজি ৩০ মিনিটত ধ্বংস কৰি পেলোৱা হ'ব। এই বিশাল অট্টালিকাকেইটা ধ্বংস কৰিবলৈ ইয়াৰ গাঁথনিত ৩,৫০০ কিলোগ্ৰামতকৈও অধিক বিস্ফোৰক ভৰাই দিয়া হৈছে আৰু ১০০ মিটাৰ দূৰত্বৰ পৰা বিস্ফোৰণটো পৰিচালনা কৰা হ’ব।

এই টাৱাৰ দুটাৰ ওচৰত ছুপাৰটেক এমাৰ্ল্ডৰ দুটা আৱাসিক টাৱাৰ ছুপাৰটেক পান্না আৰু এটিএছ ভিলেজ চ'চাইটি আছে যাৰ টুইন টাৱাৰৰ পৰা দূৰত্ব প্ৰায় ১০ মিটাৰ। নয়ডাৰ ৯৩এ চেক্টৰৰ চুপাৰ এমাৰ্ল্ড চছাইটিৰ বাসিন্দাসকলে টুইন টাৱাৰটো ভাঙি পেলোৱাৰ ফলত তেওঁলোকৰ কিবা ক্ষয়–ক্ষতি হয় বুলি শংকিত হৈ আছে। এমাৰ্ল্ড কোৰ্টৰ আৰু এটিএছ ভিলেজৰ ৫,০০০ৰো অধিক চুবুৰীয়া বাসিন্দাসকলে ২৮ আগষ্টৰ পুৱা ৭.৩০ বজাৰ ভিতৰত চৌহদটো খালী কৰিব লাগিব আৰু প্ৰজেক্টটোৰ বিষয়াসকলে সকলো সুৰক্ষা বিচাৰ কৰাৰ পাছত তেওঁলোকৰ অনুমতি দিয়াৰ পিছতহে নিজৰ এপাৰ্টমেণ্টলৈ ঘূৰি আহিব পাৰিব।

চুপাৰটেক টুইন টাৱাৰ দুটাক কিয় ধ্বংস কৰা হ’ব?

উচ্চতম ন্যায়ালয়ে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে ছুপাৰটেকে এই টাৱাৰবোৰ নিৰ্মাণ কৰোঁতে নিৰ্মাণৰ চৰ্তসমূহৰ কঠোৰভাৱে উলংঘা কৰিছিল। এই টুইন টাৱাৰৰ নিৰ্মাণ কাৰ্য ২০০৯ চনত আৰম্ভ হৈছিল আৰু দুটা টাৱাৰত মুঠ ৯৫০ তকৈও অধিক ফ্লেট নিৰ্মাণ কৰিব লগা আছিল। অৱশ্যে, অৰ্ধনিৰ্মিত এই টুইন টাৱাৰৰ ফ্লেটসমূহ বহুলোকে ক্ৰয় কৰিছিল আৰু তেওঁলোকে অভিযোগ কৰিছিল যে টুইন টাৱাৰৰ নিৰ্ধাৰিত পৰিকল্পনা পাছলৈ সলনি কৰা হৈছিল আৰু ২০১২ চনত তেওঁলোকে এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

এক তথ্য অনুসৰি, মুঠ ৬৩৩ জন লোকে টুইন টাৱাৰত নিজৰ বাবে ফ্লেট বুক কৰিছিল। ইয়াৰ ভিতৰত, ২৪৮ জন লোকে ধন ঘূৰাই লৈছিল আৰু প্ৰায় ১৩৩ জন ক্ৰেতাক অন্যান্য প্ৰকল্পত ঘৰ দিয়া হৈছিল। কিন্তু সকলো ক্ৰেতাৰ ভিতৰত, ২৫২ জন লোকে বৰ্তমানলৈ নিজৰ ধন ঘূৰাই লোৱা নাই অথবা তেওঁলোকক আন কোনো প্ৰকল্পলৈ স্থানান্তৰ কৰা হোৱা নাই, অৰ্থাৎ তেওঁলোকৰ বিনিয়োগ এই প্ৰকল্পত এতিয়ালৈ আছে।

২০১৪ চনত, এলাহাবাদ উচ্চ ন্যায়ালয়ে টুইন টাৱাৰ দুটা অবৈধভাৱে নিৰ্মিত বুলি ঘোষণা কৰে আৰু ইয়াক ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ে নয়ডা কৰ্তৃপক্ষকো তীব্ৰ ভৰ্ৎসনা কৰিছিল বুলি জানিব পৰা গৈছে। পাছত এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰিত হৈছিল। আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ স্থগিত ৰাখিছিল যদিও পাছত উচ্চতম ন্যায়ালয়েও ইয়াক ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ে অনুসন্ধানটোত বিচাৰি পাইছিল যে ছুপাৰটেক লিমিটেডে গ্ৰীণ বেল্ট এলেকা গৌতম বুদ্ধ নগৰৰ এমাৰ্ল্ড কোৰ্টত দুটা ডাঙৰ টাৱাৰ নিৰ্মাণ কৰিছিল। গ্ৰীণ বেল্ট হৈছে ভূমি-ব্যৱহাৰ পৰিকল্পনাত ব্যৱহৃত এক নীতি আৰু ভূমি-ব্যৱহাৰ ক্ষেত্ৰৰ পদবী যাক মুখ্যতঃ অবিকশিত, বন্য, বা কৃষিভূমিৰ চাৰিওফালে বা চুবুৰীয়া নগৰ অঞ্চলৰ ঠাইবোৰ সংৰক্ষণ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। উচ্চতম ন্যায়ালয়ে বিশ্বাস কৰিছিল যে এইটো প্ৰকৃততে গ্ৰাহকসকলৰ ওপৰত এটা প্ৰৱঞ্চনা যিয়ে গ্ৰীণ বেল্ট বুলি ফ্লেট কিনিবলৈ মন স্থিৰ কৰিছিল।

ৰাষ্ট্ৰীয় ভৱন সংহিতা (এনবিচি) ২০০৫ৰ এটা ব্যৱস্থাৰ অধীনত ওখ অট্টালিকাৰ চাৰিওফালে মুকলি ঠাই থাকিব লাগে। অনুসন্ধানত পোৱা গৈছে যে টুইন টাৱাৰৰ ওচৰৰ এলেকাটোত ৯ মিটাৰতকৈ কম স্থানৰ ব্যৱধান পোৱা গৈছিল যি নিয়ম অনুসৰি প্ৰায় ২০ মিটাৰ দূৰত্বত হ'ব লাগিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি