ভয়ংকৰ ঘটনা। ৰে’লৰ পৰা পৰি গ’ল এটি কণমানি। মাক–দেউতাক আৰু আইতাকৰ সৈতে ৰে’লখনত আছিল কণমানিজনী। পিতৃ–মাতৃৰ ওচৰৰ পৰা হঠাৎ আঁতৰি আহি ৰে’লখনৰ প্ৰৱেশ দ্বাৰলৈ আহে কণমানিজনী। তেতিয়াই চলন্ত ৰে’লখনৰ পৰা পৰি যায় কণমানিজনী। কিন্তু আচৰিত কথাটো হ’ল যে, কণমানিজনী ৰে’লৰ পৰা পৰি যোৱাৰ কথা বহু সময়লৈকে গম পোৱা নাছিল পিতৃ–মাতৃয়ে।
শুকুৰবাৰে ৰাতি হাওৰা বৰ্ধমান কৰ্ড শাখাৰ পাল্লাৰোড ষ্টেচনত সংঘটিত হৈছে এই ঘটনা। লিলুৱাৰ পৰা বৰ্ধমানলৈ গৈ আছিল পৰিয়ালটো। বিজয় চৌধুৰী. তেওঁৰ পত্নী, সাত বছৰীয়া পুত্ৰ, ডেৰ বছৰীয়া জী, মাক আৰু আত্মীয়ৰ সৈতে বৰ্ধমানলৈ গৈ আছিল পৰিয়ালটো। পিছত বৰ্ধমান ষ্টেচনৰ পৰা ৰাজস্থানলৈ যোৱাৰ কথা আছিল পৰিয়ালটো।
![]()
ৰে’ল আৰক্ষীয়ে ট্ৰেকৰ পৰা গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰে কন্যা শিশুটি। পিছত কণমানিজনীক বৰ্ধমান চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়। কিন্তু শিশুটিৰ শাৰীৰিক অৱস্থা গুৰুতৰ হোৱাৰ বাবে এতিয়া কলিকতালৈ স্থানান্তৰ কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|