মুখ্যপৃষ্ঠা »খবৰ »দেশ »নতুন যান বাহন আইনে পথ সুৰক্ষাৰ ক্ষেত্ৰত #চলিযায় মনোভাৱত লগাব ব্ৰেক

নতুন যান বাহন আইনে পথ সুৰক্ষাৰ ক্ষেত্ৰত #চলিযায় মনোভাৱত লগাব ব্ৰেক

"পথ সুৰক্ষা"ৰ নিয়মসমূহ মানি চলিবলৈ অংগীকাৰ কৰক আৰু #RoadSafetyPledge গ্ৰহণ কৰি #DriveResponsibly.

"পথ সুৰক্ষা"ৰ নিয়মসমূহ মানি চলিবলৈ অংগীকাৰ কৰক আৰু #RoadSafetyPledge গ্ৰহণ কৰি #DriveResponsibly.

"পথ সুৰক্ষা"ৰ নিয়মসমূহ মানি চলিবলৈ অংগীকাৰ কৰক আৰু #RoadSafetyPledge গ্ৰহণ কৰি #DriveResponsibly.

  • Share this:
    আপুনি যদি নিজকে আইন নমনা বিন্দাছ ৰোমিঅ’ বুলি ভাবে, তেন্তে এই ছেপ্টেম্বৰ মাহটোৱেই অন্তিম মাহ। বেপৰোৱাকৈ গাড়ী চলোৱাটো কিয় বন্ধ কৰা উচিত? দুৰ্ঘটনালৈ ভয় নকৰিলেও আপুনি চাগে নিজৰ মৰ্যাদা আৰু ধন হেৰুৱাবলৈ ভয় কৰিব। ১ ছেপ্টেম্বৰৰ পৰা জাৰি হোৱা যান বাহন আইনখনত জৰিমনাৰ পৰিমাণ কেইবাগুণ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। থোৰতে চাই লওঁ আহক...

    লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলোৱা
    লাগিলে আপুনি নিজৰ পাৰ্ছটো ঘৰতে পাহৰি আহক বা লাইচেঞ্চখনেই থাকি আহক, এতিয়া আগৰ দৰে ৫০০ টকা ভৰিলে নচলিব। ড্ৰাইভিং লাইচেঞ্চ নাথাকিলে ৫০০০ টকা দিবলৈ সাজু থাকক!

    via GIPHY

    জোৰেৰে গাড়ী চলোৱা
    “ফাষ্ট এণ্ড ফিউৰিয়াছ” চিনেমাৰ দৰে গাড়ী চলোৱাৰ ৰিস্ক ল’লে এমাহলৈকে হাজোতত থকাৰ লগতে ১০,০০০ টকালৈকে জৰিমনা ভৰিব লাগিব। সেইখিনি টকাৰে গাড়ীত (ভিন) ডিজেল ভৰোৱাই ভাল নহ’ব জানো?

    via GIPHY

    বিপজ্জনকভাৱে গাড়ী চলোৱা
    বন্ধুৰ সতে জুম বান্ধি ফুৰিবলৈ ভাল পায়? ফূৰ্তি কৰোঁতে ৰাস্তাত চকু দিবলৈ পাহৰি নাযাব। বিপদজনকভাবে গাড়ী চলালে এতিয়া ছমাহৰ পৰা এবছৰলৈকে জে’লত থকাৰ ওপৰিও জৰিমনা ১০০০ টকাৰ পৰা ৫০০০ পৰ্যন্ত হ’ব পাৰে। যদি দুবাৰকৈ ধৰা পৰে, তেন্তে জে’লত থকাৰ সময় দুবছৰ আৰু ১০০০০ টকা জৰিমনা ভৰিব লাগিব।

    via GIPHY

    নিৰ্বিঘ্নে গৈ থকা ট্ৰেফিকৰ বাবে বাধাৰ সৃষ্টি কৰা
    বহু ভাৰতীয়ই ভাবে যে পথৰ মাজতে এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি কৰাটো মৌলিক অধিকাৰ! মাথো ৫০ টকা দিলেই যিকোনো অপৰাধৰ পৰা সাৰিব পাৰি! কিন্তু এতিয়া নচলিব! আজিকালি ট্ৰেফিকৰ মাজত কোনোধৰণৰ বাধাৰ সৃষ্টি কৰিলে, বা কাজিয়া কৰিলে আপুনি ৫০০ টকা ভৰিব লাগিব।

    via GIPHY

    বীমাবিহীন গাড়ী চলোৱা
    এইবাৰো বীমাৰ প্ৰীমিয়াম দিবলৈ পাহৰিলে নেকি? এতিয়াৰে পৰা বীমা নোহোৱাকৈ গাড়ী চলালে আপুনি তিনিমাহলৈকে জে’লত থকাৰ লগতে ২০০০ টকা জৰিমনা ভৰিব লাগিব। পুনৰ ধৰা পৰিলে তিনিমাহৰ কাৰাবাসৰ লগতে ৪০০০ টকা পৰ্যন্ত জৰিমনা।

    via GIPHY

    যিবিলাক অপৰাধৰ বাবে নিৰ্দিষ্ট নিৰিখ ধাৰ্য কৰা হোৱা নাই
    আপুনি কি ভুল কৰিলে ধৰিব পৰা নাই? ট্ৰেফিক আৰক্ষীৰ পৰা শুনক- আপোনাক জৰিমনা বিহোতে তেওঁ নিশ্চয় কাৰণটো জনাব। যিটো আগতে প্ৰথম দোষ হিচাপে ১০০ টকা আৰু পুনৰ কৰা দোষৰ বাবে ৩০০ টকা জৰিমনা আছিল, সেই একেই দোষৰ বাবে এতিয়া ক্ৰমান্বয়ে ৫০০ টকা আৰু ১৫০০ টকাকৈ ভৰিব লাগিব।

    via GIPHY

    পথৰ নিৰ্দেশ অমান্য কৰা
    চলাওতে হাত ষ্টীয়েৰিঙৰ ওপৰত আৰু চকু পথৰ ওপৰৰ ৰখাই শ্ৰেয়। কোনো নিৰ্দেশনা অমান্য কৰিলে ৫০০ ৰ পৰা ১০০০ টকালৈকে জৰিমনা ভৰিব লাগিব।

    টিকেট নোহোৱাকৈ যাত্ৰা
    কিবা এটা বিচাৰি পোৱা নাই? কোনো অজুহাত নচলিব। টিকেট নাথাকিলে ৫০০ টকা দিবলৈ প্ৰস্তুত থাকক। সেইয়া হৈছে আগতে বিহা জৰিমনাতকৈ ৩০০ টকা অধিক।

    কৰ্তৃপক্ষৰ নিৰ্দেশ নমনা বা তথ্য জনাবলৈ অস্বীকাৰ কৰা

    এতিয়াৰে পৰা ট্ৰেফিক আৰক্ষীৰ সৈতে ফেপেৰি পাতি ধৰিলে আপুনি মনা ২০০০ টকা জৰিমনা ভৰিব লাগিব। তাতকৈ আপোনাক ৰ’বলৈ নিৰ্দেশ দিওঁতে শান্ত আৰু নম্ৰ হৈ ব্যৱহাৰ কৰাটোৱেই বুদ্ধিমানৰ কাম।

    via GIPHY

    লাইচেঞ্চ নোহোৱাকৈ বাহনৰ অনাধিকাৰ ব্যৱহাৰ
    আপুনি নিজে জানিবই লাগিছিল যে এয়া ভুল।  যদি নাজানে, তেন্তে এতিয়া ১০০০ টকাৰ পৰা ৫০০০ টকালৈকে জৰিমনা ভৰিবলৈ সাজু থাকক।

    নিষেধ কৰাৰ পাছতো গাড়ী চলোৱা
    এবাৰ ট্ৰেফিক আৰক্ষীৰ সৈতে হোৱা মত বিনিময়ত আপোনাক গাড়ী চলাবলৈ নিষেধ কৰি দিয়া হৈছে কিন্তু তথাপিও আপুনি যদি গাড়ী চলাই ধৰা পৰে তেনেহ’লে আপোনাৰ পকেট পৰা ১০০০০ টকা খৰছ কৰিবলৈ সাজু থাকক।

    অ’ভাৰ স্পীডিং
    আগতে এই দোষৰ জৰিমনা আছিল ৪০০ টকা। কিন্তু বান্ধি দিয়া সীমাতকৈ অধিক বেগত চলালে এতিয়া লাইট মটৰ ভেহিকলৰ বাবে ১০০০ ৰ পৰা ২০০০ টকা আৰু মিডিয়াম বাহনৰ বাবে ২০০০ ৰ পৰা ৪০০০ টকা জৰিমনাৰ লগতে অধিক দোষৰ বাবে লাইচেঞ্চ জব্দও হ’ব পাৰে।



    মানসিক বা শাৰীৰিক ভাৱে বাহন চলাবলৈ অক্ষম
    যদি আপুনি মানসিক বা শাৰীৰিক ভাৱে চলাবলৈ অক্ষম, তথাপিও গাড়ী চলাই আছে, তেন্তে প্ৰথমবাৰ ধৰা পৰিলে ১০০০ টকা আৰু পুনৰ ধৰা পৰিলে ২০০০ টকালৈকে ভৰিব লাগিব ফাইন!

    দুৰ্ঘটনাৰ সৈতে জড়িত দোষ

    যদি আপুনি বেয়াকৈ গাড়ী চলাই কোনো দুৰ্ঘটনাত জড়িত হৈছিল, তেন্তে আপুনি কাৰাবাসলৈ যাবলগীয়া হ’ব পাৰে। ইয়াৰ শাস্তি হৈছে ছমাহলৈকে কাৰাবাস আৰু আপোনাক প্ৰথম দোষৰ বাবে ৫০০০ টকা লৈকে জৰিমনা বিহা হ’ব পাৰে। পৰৱৰ্তী দোষৰ বাবে আপোনাক এবছৰলৈকে হাজোতলৈ প্ৰেৰণ কৰা আৰু ১০০০০ টকালৈকে জৰিমনা ভৰিবলৈ নিৰ্দেশ দিয়া হ’ব পাৰে।

    কৰ্তৃপক্ষৰ অনুমতি নোহোৱাকৈ বা বলেৰে গাড়ী লৈ যোৱা
    আগতে এই দোষৰ বাবে মাত্ৰ ৫০০ টকা জৰিমনা আছিল। সঠিক অনুমতি নোহোৱাকৈ কাৰোবাৰ গাড়ী লৈ ফুৰিলে এইমাহৰ পৰা আপুনি ৫০০০ টকালৈকে জৰিমনা দিবলৈ সাজু হৈ থাকক।

    via GIPHY

    পিছৰ আসনত বহা যাত্ৰীয়েও পিন্ধিব লাগিব ছীটবেল্ট
    আপুনি পাহৰিলে বা জনা নাছিল, সেইটো মূল কথা নহয়। এতিয়া ১৪ বছৰৰ ওপৰৰ যিকোনো যাত্ৰীয়ে বাহনৰ ভিতৰলৈ প্ৰৱেশ কৰিলে সমুখৰ আসনত বহাকেইজনৰ দৰেই ছীটবেল্ট পিন্ধিব লাগিব। অন্যথা ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা!

    via GIPHY

    বৰ্তমান পথৰ অৱস্থালৈ চাই আৰু চালক বা যাত্ৰীৰ #চলিযায় ধৰণৰ মনোভাৱলৈ চাই এই নতুন যান বাহনৰ আইনখনে অধিকাংশ চালকৰ মাজতেই #পথ_সুৰক্ষাৰ বাবে ভাল প্ৰতিক্ৰিয়া লাভ কৰিছে। কাৰণ পথত নিয়ম মানি বা সতৰ্ক হৈ চলাৰ ক্ষেত্ৰত ধৰা পৰা বা শাস্তি পোৱাৰ ভয়ৰ কথা নহয়, ইয়াৰ উদ্দেশ্য  হৈছে আমাৰ ৰাস্তা-পথবিলাকক সুৰক্ষিত কৰি তোলা, দুৰ্ঘটনাৰ সংখ্যা কম কৰা আৰু পথচাৰী, যাত্ৰী, চালক আটাইৰে বাবে অধিক সন্মান সৃষ্টি কৰা।

    "পথ সুৰক্ষা"ৰ নিয়মসমূহ মানি চলিবলৈ অংগীকাৰ কৰক আৰু #RoadSafetyPledge গ্ৰহণ কৰি #DriveResponsibly.
    ইয়াত ক্লিক কৰি #JOINTHEPACT আৰু শপত গ্ৰহণ কৰক যে আপুনি #NeverDrinkAndDrive মানি চলিব.
    এই লিংকটোলৈ যাওক: https://www.firstpost.com/diageoroadtosafety/

    Take the Pledge: শপত গ্ৰহণ কৰক

    মই "পথ সুৰক্ষা"ৰ শপত গ্ৰহণ কৰিছোঁ

    শেহতীয়া বাতৰি