বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / The Kerala Story: উত্তৰ প্ৰদেশত কৰমুক্ত হ’ব ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰ, মুখ্যমন্ত্ৰী যোগীয়ে নিজ মন্ত্ৰীসভাৰ সৈতে চাব চলচ্চিত্ৰখন

The Kerala Story: উত্তৰ প্ৰদেশত কৰমুক্ত হ’ব ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰ, মুখ্যমন্ত্ৰী যোগীয়ে নিজ মন্ত্ৰীসভাৰ সৈতে চাব চলচ্চিত্ৰখন

The Kerala Story: উত্তৰ প্ৰদেশত কৰমুক্ত হ’ব ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰ, মুখ্যমন্ত্ৰী যোগীয়ে নিজ মন্ত্ৰীসভাৰ সৈতে চাব চলচ্চিত্ৰখন

ইয়াৰ পূৰ্বে মধ্য প্ৰদেশৰ বিজেপি চৰকাৰে ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰক ৰাজ্যখনত কৰমুক্ত কৰিছিল।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

উত্তৰ প্ৰদেশত ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰখন কৰমুক্ত কৰা হ’ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চলচ্চিত্ৰখন কৰমুক্ত কৰিবলৈ নিৰ্দেশনা দিছে। লগতে মুখ্যমন্ত্ৰীয়ে যোগীয়ে তেওঁৰ সমগ্ৰ কেবিনেটৰ সৈতে ১২ মে’ত লক্ষ্ণৌত ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰখন চাব।

ইয়াৰ পূৰ্বে মধ্য প্ৰদেশৰ বিজেপি চৰকাৰে ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰক ৰাজ্যখনত কৰমুক্ত কৰিছিল। এতিয়া উত্তৰ প্ৰদেশৰ চৰকাৰেও একে ধৰণৰ সিদ্ধান্ত লৈছে। অৱশ্যে, ছবিখনক লৈ বিভিন্ন বিতৰ্ক চলি আছে। তামিলনাডুত চলচ্চিত্ৰখনৰ অনুষ্ঠানসমূহ বাতিল কৰাৰ লগতে পশ্চিম বংগৰ চৰকাৰেও চলচ্চিত্ৰখন নিষিদ্ধ কৰিছে।

বিজ্ঞাপন

এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে এই চলচ্চিত্ৰখন কৰমুক্ত কৰাটো এটা ভাল সিদ্ধান্ত হৈছে বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে, ‘‘উত্তৰ প্ৰদেশৰ মানুহে চিনেমাখন চাব বিচাৰে আৰু বুজিব বিচাৰে যে আমাৰ ভাই-ভনীসকলে কেনেদৰে কষ্ট পাইছে। আমি চিনেমাখন চাম। বংগত মানুহে ছবিখন নিষিদ্ধ কৰাটো ভাল পোৱা নাই।’’

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বংগত ছবিখন নিষিদ্ধ কৰাৰ বাবে মমতা চৰকাৰে ছবিখন নিষিদ্ধ কৰি অন্যায় কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে, শেহতীয়াকৈ পশ্চিম বংগত এগৰাকী নিৰীহ ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল, কিন্তু মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত একো নক’লে। কিন্তু তেওঁলোকে ছবিখন নিষিদ্ধ কৰিছে। লগতে অনুৰাগ ঠাকুৰে কয় যে ভোট বেংকৰ ৰাজনীতিৰ এই খেলটোৱে ভাৰতৰ কন্যাসকলৰ জীৱন ধ্বংস কৰি আছে।

উল্লেখ্য যে, মুক্তিৰ আগতেই ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰখন বিতৰ্কত আছিল। আদা শৰ্মাৰ চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ ওলোৱাৰ পিছতেই ছবিখনক লৈ বিভিন্ন বিতৰ্ক হৈছিল। আনকি, এই বিষয়টো আদালত পাইছিল। অৱশ্যে, ছবিখনে বিতৰ্কৰ মাজতো যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

ছবিখনৰ প্ৰযোজক বিপুল শ্বাহে পশ্চিম বংগত ছবিখনৰ নিষেধাজ্ঞা সন্দৰ্ভত কয় যে, ‘‘যদি তেওঁলোকে এনে কৰিছে, তেন্তে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম। আমাৰ চলচ্চিত্ৰখন সন্ত্ৰাসবাদৰ ওপৰত, য’ত তিনিজনী ছোৱালীৰ কাহিনী আছে। এই সমস্যা কেৱল ভাৰতৰ নহয়, ছোৱালীবোৰ সমগ্ৰ বিশ্বৰ পৰা যায়।’’

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন