ৰিলায়েন্স ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভা
ৰিলায়েন্স ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভা
ৰিলায়েন্স ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভা। প্ৰথমবাৰলৈ কোৰোণা ভাইৰাছৰ বাবে ভাৰ্চুৱেল বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৪৩ সংখ্যক এ জি এমত অধ্যক্ষ মুকেশ আম্বানীয়ে সকলো বিনিয়োগকাৰীকে স্বাগতম জনায়। চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে, জিঅ’ই ইতিমধ্যে তৈয়াৰ কৰিলে মেড ইন ইণ্ডিয়া 5G চলুশ্যন। যি ভাৰতবৰ্ষত ৱৰ্ড ক্লাচ 5G সেৱা প্ৰদান কৰিব।
লগতে শেহতীয়াকৈ জিঅ’ আৰু গুগ’লৰ মাজৰ সহযোগিতাৰ ফলত ভৰতবৰ্ষ হ’ব 2G মুক্ত। মুকেশ আম্বানীয়ে কয় যে, ‘আমি বিশ্বাস কৰো যে, আমি উচ্চ মানৰ 4G আৰু 5G স্মাৰ্টফোন প্ৰস্তুত কৰিব পাৰিম।
স্মাৰ্টফোন সমূহ উন্নত মানৰ কৰিবলৈ দুয়োটা প্ৰতিষ্ঠানৰ সুবিধা হোৱাকৈ স্মাৰ্টফোন অপাৰেটিং চিষ্টেমৰ প্ৰয়োজন হ’ব। আৰু তেনে এক অপাৰেটিং চিষ্টেম ভাৰতবৰ্ষতে নিৰ্মাণ কৰা হ’ব।
জিঅ’ই ভাৰতবৰ্ষৰ ৩০০ মিলিয়ন ফিচাৰ ফোন ব্যৱহাৰকাৰীক 4G devices যোগান ধৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। জিঅ’ফোনক এতিয়াও বিশ্বৰ ভিতৰতে কম খৰচত লাভ কৰা 4G স্মাৰ্টফোন বুলি গণ্য কৰা হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|