ভিডিঅ’ কলত অশ্লীল নৃত্য দেখুৱাই পাকিস্তানী সুন্দৰীয়ে সৰকাইছিল ভাৰতীয় সেনাৰ তথ্য, গ্ৰেপ্তাৰ হোৱা সেনা জোৱান ওড়িশাৰ বিচিত্ৰ বেহেৰাৰ স্বীকাৰোক্তি

News18-Assam
Updated:November 7, 2019, 1:46 PM IST
ভিডিঅ’ কলত অশ্লীল নৃত্য দেখুৱাই পাকিস্তানী সুন্দৰীয়ে সৰকাইছিল ভাৰতীয় সেনাৰ তথ্য, গ্ৰেপ্তাৰ হোৱা সেনা জোৱান ওড়িশাৰ বিচিত্ৰ বেহেৰাৰ স্বীকাৰোক্তি
অসমৰ নহয়, যোধপুৰত গ্ৰেপ্তাৰ হোৱা বিচিত্ৰ বেহেৰা ওড়িশাৰহে সেনা জোৱান, নিশ্চিত কৰিলে NEWS18–এ

অসমৰ নহয়, যোধপুৰত গ্ৰেপ্তাৰ হোৱা বিচিত্ৰ বেহেৰা ওড়িশাৰহে সেনা জোৱান, নিশ্চিত কৰিলে NEWS18–এ

  • Share this:
ভাৰতীয় সেনাৰ গোপন তথ্য যোগান ধৰাৰ অভিযোগত যোধপুৰত গ্ৰেপ্তাৰ দুই সেনা জোৱান। ইয়াৰে এজন জোৱান অসমৰ বিচিত্ৰ বৰা বুলি দাবী কৰিছিল একাংশ সংবাদ মাধ্যমে। কিন্তু NEWS18–এ লাভ কৰা নিশ্চিত তথ্য অনুসৰি যোধপুৰত গ্ৰেপ্তাৰ হোৱা নাই অসমৰ কোনো জোৱান। বিচিত্ৰ বৰা বুলি প্ৰকাশ পোৱা জোৱানজনৰ নাম বিচিত্ৰ বেহেৰাহে। বিচিত্ৰ বেহেৰাৰ ঘৰ ওড়িশাত।

বিচিত্ৰ বেহেৰাৰ লগতে ভাৰতীয় সেনাই গ্ৰেপ্তাৰ কৰিছে মধ্য প্ৰদেশৰ ৰবি বাৰ্মা নামৰ আন এজন জোৱানকো। দুয়োজনকে যোধপুৰত ভাৰতীয় চোৰাংচোৱা সংস্থা আই বিয়ে জেৰা চলাই আছে।

দুবছৰ পূৰ্বৰে পৰা পাকিস্তানী মহিলা এজেণ্টগৰাকীৰ সৈতে ফেচবুকত সম্পৰ্কত আছিল বিচিত্ৰ বেহেৰা। নিজকে পঞ্জাবৰ বুলি পৰিচয় দিছিল মহিলাগৰাকীয়ে। পঞ্জাবী সুৰত কথা–বতৰাৰে দুয়োজন জোৱানক জালত পেলাইছিল পাকিস্তানী মহিলাগৰাকীয়ে। ভাৰতীয় বুলি ভাবিয়ে দুয়োজন জোৱানে কথা–বতৰা পাতিছিল মহিলাগৰাকীৰ সৈতে।

মহিলা এজেণ্টগৰাকীয়ে ভিডিঅ’ কলত অশ্লীল নৃত্য প্ৰদৰ্শন কৰিছিল আৰু তাৰ বিনিময়ত সেনাৰ গোপন তথ্য দিছিল জোৱানজনে। হানী ট্ৰেপিঙৰ জালত ভৰি দি ফেচবুক আৰু WhatsAppৰ জৰিয়তে ভাৰতীয় সেনাৰ তথ্য যোগান ধৰিছিল জোৱানজনে। আজি বিচিত্ৰ বেহেৰাক আদালতত হাজিৰ কৰোৱা হ’ব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading