உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Manipur : মণিপুৰত মূষলধাৰ বৰষুণৰ ফলত ভাঙি পৰিল বেইলী ব্ৰীজ, শ শ যান–বাহন আবদ্ধ

    Manipur : মণিপুৰত মূষলধাৰ বৰষুণৰ ফলত ভাঙি পৰিল বেইলী ব্ৰীজ, শ শ যান–বাহন আবদ্ধ

    দলংখন যিমান সোনকালে পাৰি মেৰামতিৰ বাবে NHIDCLৰ সৈতে যোগাযোগ কৰা বুলি জনাইছে মন্ত্ৰী গোবিন্দস কন্থোজামে।

    দলংখন যিমান সোনকালে পাৰি মেৰামতিৰ বাবে NHIDCLৰ সৈতে যোগাযোগ কৰা বুলি জনাইছে মন্ত্ৰী গোবিন্দস কন্থোজামে।

    দলংখন যিমান সোনকালে পাৰি মেৰামতিৰ বাবে NHIDCLৰ সৈতে যোগাযোগ কৰা বুলি জনাইছে মন্ত্ৰী গোবিন্দস কন্থোজামে।

    • Share this:
    মণিপুৰত ধাৰাসাৰ বৰষুণৰ ফলত ভাঙি পৰিল বেইলী ব্ৰীজ। ইম্ফল–জিৰিবাম ঘাইপথত থকা ইৰাং বেইলী দলংখন বৃহস্পতিবাৰে ভাঙি পৰে। পানীৰ প্ৰবল সোঁতে দলঙৰ দুয়োফালে খান্দি পেলোৱাত দলংখনৰ এটা মূৰ খহি পৰে। যাৰ ফলত আবদ্ধ হৈ পৰে শ শ যান–বাহন।

    ইম্ফলৰ পৰা জিৰিবাম অভিমুখী যাত্ৰীবাহী বাহনৰ লগতে মালবাহী বাহনসমূহ অ’ল্ড কাছাৰৰ খৌপুমৰ ৰেংপাং হৈ ঘূৰি যাবলগীয়া হয়। আনহাতে, ইম্ফল–টামেংলং পথটোও টি ৱাইচঙত ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

    ইফালে, দলংখন যিমান সোনকালে পাৰি মেৰামতিৰ বাবে NHIDCLৰ সৈতে যোগাযোগ কৰা বুলি জনাইছে মন্ত্ৰী গোবিন্দস কন্থোজামে। সকলো যান–বাহনক অ’ল্ড কাচাৰ ৰোডেৰে যাবলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।

    এতিয়ালৈ ভাঙি পৰা দলংখনৰ মেৰামতিৰ কাম আৰম্ভ হোৱা নাই। দলংখন মেৰামতিৰ বাবে কেইবাদিনো লাগিব বুলি ধাৰণা কৰা হৈছে।
    Published by:Sanjay Kumar Das
    First published: