গুজৰাটৰ ভাৱনগৰৰ গদা গাঁৱত থকা এটা হনুমান মন্দিৰত সংঘটিত হয় হত্যাকাণ্ড। মন্দিৰৰ আশ্ৰমৰ এগৰাকী গুৰুক হত্যা কৰি কুঁৱাত পেলাই থৈ দিয়ে তেওঁৰে একান্ত সেৱক শিষ্যই। কিন্তু হত্যাকাণ্ডক লৈ পৰম শিষ্যই যি বৰ্ণনা দিছিল, সি সকলোকে আচৰিত কৰি তোলে।
হত্যাকাৰীয়ে স্বীকাৰোক্তি দিয়ে যে ভাৱনগৰৰ (
Bhavnagar, Gujarat) আশ্ৰমৰ এটা বিশেষ স্থানত বহি গুৰুৱে তেওঁক কৈছিল- "মই অমৰ, বহু বিধি-বিধানৰ পিছত মই অমৰত্ব লাভ কৰিছোঁ। তুমি মোক আক্ৰমণ কৰা আৰু যদি তুমি সত্যবাদী তেন্তে মোক আক্ৰমণ কৰিলেও মোৰ মৃত্যু নহয়।'' মঠাধ্যক্ষৰ আদেশ অনুসৰণ কৰি সেৱক নীতিনে তেওঁক অস্ত্ৰৰে আক্ৰমণ কৰে আৰু মৃত্যুৰ কোলাত ঢলি পৰে গুৰু। তেজেৰে লুতুৰিপুতুৰি গুৰুৰ দেহ তেওঁ পিছত কুঁৱাত পেলাই দিয়ে (guru's body was recovered in the well)।
কুঁৱাত গুৰুৰ মৃতদেহ উদ্ধাৰৰ পিছত আৰক্ষীৰ (Gujrat Police) অনুসন্ধানত ই হত্যাকাণ্ড বুলি নিশ্চিত হয় আৰু তদন্ত কৰি আশ্ৰমৰ কাষৰ গাঁৱৰ বাসিন্দা নীতিন কুৰ্জি ভানোদিয়াই তেওঁক তীক্ষ্ণ অস্ত্ৰৰে হত্যা কৰি মৃতদেহটো আশ্ৰমৰ কুঁৱাত পেলাই দিয়াৰ কথা স্বীকাৰ কৰে (Disciple Killed His Guru)। আৰক্ষীয়ে নীতিন কুৰ্জিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে, তেওঁক গ্ৰেপ্তাৰ কৰে আৰু ৰিমাণ্ড বিচাৰি আদালতত হাজিৰ কৰে।
অমৰত্ব লাভৰ প্ৰমাণ চোৱা গুৰুগৰাকী আছিল গুজৰাটৰ উমৰালালাৰ জাঞ্জমেৰ গাঁৱৰ বাসিন্দা ৰমেশভাই ধীৰুভাই আদনিয়া। তেওঁ ১৫ বছৰ আগতে সন্ন্যাসী হৈছিল। ৰমেশভাই ধীৰুভাই আদনিয়াই সন্ন্যাসী হৈ নিজকে ৰামদাসজী গুৰু মোহনদাসজী কাথিয়াৰ বুলি পৰিচয় দিছিল। তেওঁৰ তপস্বী জীৱনকালত কেতিয়াবা তেওঁৰ পৰিয়ালক লগ কৰিবলৈ ঘৰলৈ গৈছিল।
হত্যাকাৰী নীতিন আঠ বছৰ ধৰি গুৰুৰ এজন সমৰ্পিত সেৱক আছিল। নীতিন ভানোদিয়াই আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছিল যে তেওঁ যোৱা আঠ বছৰ ধৰি গুৰুৰ সৈতে বাস কৰি আছিল আৰু তেওঁৰ পৰম সেৱক হিচাপে সেৱা আগবঢ়াই আছিল। হত্যাকাৰীয়ে গুৰুৰ ব্যক্তিগত আৰু গোপন বিষয়তো সহায় কৰিছিল। হত্যাকাৰীজন গুৰুৰ সেই ঠাইলৈও গৈছিল, য'ত গুৰুৱে তপস্যব্ৰত পালন কৰিছিল। কেৱল এজন ব্যক্তিকহে এই ঠাইত যাবলৈ অনুমতি দিয়া হৈছিল। সেইজনেই আছিল হত্যাকাৰী শিষ্য নীতিন। গুৰুজনে দিয়া আদেশ অনুসৰি কৰা হত্যাৰ ঘটনাটোও সেই ঠাইতে সংঘটিত হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|