‘কি কৰিম কওক, মোৰ জোখৰ হেলমেট নাপায়েই বজাৰত!’ উপায়হীন হৈ আৰক্ষীয়েও নল’লে জৰিমনা

‘মই আইনক সমৰ্থন কৰো। নতুনকৈ বলৱৎ হোৱা যান বাহন আইনলৈও মোৰ সমৰ্থন আছে। কিন্তু কি কৰিম কওক!

News18-Assam
Updated:September 17, 2019, 11:35 AM IST
‘কি কৰিম কওক, মোৰ জোখৰ হেলমেট নাপায়েই বজাৰত!’ উপায়হীন হৈ আৰক্ষীয়েও নল’লে জৰিমনা
‘মই আইনক সমৰ্থন কৰো। নতুনকৈ বলৱৎ হোৱা যান বাহন আইনলৈও মোৰ সমৰ্থন আছে। কিন্তু কি কৰিম কওক!
News18-Assam
Updated: September 17, 2019, 11:35 AM IST
‘মই আইনক সমৰ্থন কৰো। নতুনকৈ বলৱৎ হোৱা যান বাহন আইনলৈও মোৰ সমৰ্থন আছে। কিন্তু কি কৰিম কওক, মোৰ জোখৰ হেলমেট বজাৰতে নাপায়! এইটো জানো মোৰ দোষ?’ আপোনালোকেই কওকচোন? ’

এগৰাকী যুৱকৰ এয়া আৱেগিক উত্তৰ আৰক্ষীক। দেশত বলৱৎ হ’ল নতুন যান বাহন আইন। হেলমেট পৰিধান নকৰাৰ পৰা ইঞ্চুৰেন্স নথকা পৰ্যন্ত এতিয়া উলংঘনকাৰীয়ে ভৰিব লাগিব বৃহত‍ পৰিমাণৰ জৰিমনা।



কিন্তু জৰিমনা যিমানেই নহওক লাগিলে, উপায় নাই গুজৰাটৰ এগৰাকী যুৱকৰ। কাৰণ মানুহজনৰ মুৰ ইমানেই ডাঙৰ যে, বজাৰত উপলব্ধ নহয় তেওঁৰ জোখৰ হেলমেট।

সোমবাৰে আহমেদাবাদত আৰক্ষীয়ে হেলমেট পৰিধান নকৰাৰ বাবে বাইক ৰখালে জাকিৰ মামুন নামৰ লোকজনৰ। হেলমেট পৰিধান নকৰাৰ ফাইন ল’ব খোজোতেই আৰক্ষীৰ আগত যুৱকজনে দেখুৱালে নিজৰ অসুবিধা। পিছত আৰক্ষীও উপায়ন্ত হয় লোকজনৰ পৰা নল’লে জৰিমনা।

 
আৰু চাওক পৰৱৰ্তী বাতৰি