বন্ধুৰ প্ৰচাৰৰ বাবে কলকাতাত উপস্থিত হৈ গ্ৰেট খালীয়ে কিয় ক’লে মোদীক লৈ গৰ্বিত বুলি?

‘মোদী এজন ভাল প্ৰধানমন্ত্ৰী আৰু তেওঁ সুন্দৰকৈ কাম কৰি গৈছে দেশৰ বাবে। আৰু ইয়াৰ বাবে মই গৰ্বিত।’

news18assam
Updated:April 27, 2019, 9:54 AM IST
বন্ধুৰ প্ৰচাৰৰ বাবে কলকাতাত উপস্থিত হৈ গ্ৰেট খালীয়ে কিয় ক’লে মোদীক লৈ গৰ্বিত বুলি?
‘মোদী এজন ভাল প্ৰধানমন্ত্ৰী আৰু তেওঁ সুন্দৰকৈ কাম কৰি গৈছে দেশৰ বাবে। আৰু ইয়াৰ বাবে মই গৰ্বিত।’
news18assam
Updated: April 27, 2019, 9:54 AM IST
কোনো ৰাজনৈতিক দলক সমৰ্থন কৰাৰ পৰা দূৰত থকা WWEৰ জনপ্ৰিয় খেলুৱৈ গ্ৰেট খালীয়ে এইবাৰ লোকসভা নিৰ্বাচনত যোধপুৰৰ বিজেপি প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলোৱাৰ কাৰণ হ’ল – বন্ধুত্ব।

বন্ধু তথা যোধপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী অনুপম হাজৰাৰ প্ৰচাৰ চলোৱাৰ সময়ত এক বিশেষ ৰূপত দেখা গ’ল গ্ৰেট খালীক। ডব্লিউ ডব্লিউ ইৰ চেম্পিয়ন দ্য গ্ৰেট খালীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত সমাগম ঘটে বহু লোকৰ।

অনুপম হাজৰাৰ সৈতে খোলা জিপছীত উঠি ৰোড শ্ব’ত অংশ লৈ গ্ৰেট খালীয়ে ভোটাৰক ক’লে – ‘মনোনয়ন দাখিলৰ সময়ত মোৰ বন্ধুক সংগ দিবলৈ সুদূৰ আমেৰিকাৰ পৰা আহিছো মই, মোৰ বন্ধুক ভোট দি জয়যুক্ত কৰি সংসদলৈ যোৱাৰ পথ প্ৰশস্ত কৰক যাতে আপোনালোকৰ অভাৱ–অভিযোগসমূহ সংসদত উত্থাপন কৰিব পাৰে মোৰ বন্ধুৱে।



টালিগঞ্জৰ ৰাণীকুঠী অঞ্চলৰ পৰা আলীপুৰ ট্ৰেজৰ ভৱনলৈকে ৰোড শ্ব’ৰে দাখিল কৰে অনুপম হাজৰাৰ মনোনয়ন পত্ৰ। অনুপ হাজৰাৰ মনোনয়ন দাখিল হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী সন্দৰ্ভত গ্ৰেট খালীক প্ৰশ্ন কৰাত গ্ৰেট খালীয়ে কয় – ‘মোদী এজন ভাল প্ৰধানমন্ত্ৰী আৰু তেওঁ সুন্দৰকৈ কাম কৰি গৈছে দেশৰ বাবে। আৰু ইয়াৰ বাবে মই গৰ্বিত।’
আৰু চাওক পৰৱৰ্তী বাতৰি