কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে মঙলবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত সংসদত লিখিত উত্তৰ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়ালৈকে চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত এনআৰআইচি প্ৰস্তুত কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই।
ৰায়ে লোকসভাত তৃণমূল কংগ্ৰেছৰ সাংসদ মালা ৰয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰে। উল্লেখ যোগ্য যে, বৰ্তমানলৈকে কেৱল অসমত NRC প্ৰযোজ্য হৈ আছে। কিন্তু মাজে মাজে চৰ্চা চলে যে, অসমৰ দৰে সমগ্ৰ দেশতে NRCৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব। আৰু মঙলবাৰে এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে।
ৰায়ে লোকসভাত প্ৰশ্নটোৰ লিখিত উত্তৰত কয়, "এতিয়ালৈকে চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত নাগৰিক পঞ্জী (এনআৰআইচি) প্ৰস্তুত কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই।"
এন আৰ চি অসম সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰ দি ৰায়ে কয়, "মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত NRCৰ অন্তৰ্ভুক্তিৰ তালিকা আৰু এন আৰ চিৰ পৰা বৰ্হিভুত লোকৰ তালিকা ৩১ আগষ্ট ২০১৯ ত প্ৰকাশ হৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|