• Home
  • »
  • News
  • »
  • nation
  • »
  • Azadi ka Amrit Mahotsav: দেশৰ স্বাধীনতাৰ বাবে বহুবাৰ কাৰাগাৰলৈ গৈছিল বিজয় লক্ষ্মী পণ্ডিত

Azadi ka Amrit Mahotsav: দেশৰ স্বাধীনতাৰ বাবে বহুবাৰ কাৰাগাৰলৈ গৈছিল বিজয় লক্ষ্মী পণ্ডিত

ৰাজনৈতিক ইতিহাসত প্ৰথমগৰাকী মন্ত্ৰী ৰূপে বিজয় লক্ষ্মী পণ্ডিতৰ নাম অন্তৰ্ভুক্ত আছে। ১৯৫৩ চনৰ সংযুক্ত ৰাষ্ট্ৰীয় ভাষাৰ সভাপতি হোৱা প্ৰথম গৰাকী মহিলা আছিল তেওঁ।

ৰাজনৈতিক ইতিহাসত প্ৰথমগৰাকী মন্ত্ৰী ৰূপে বিজয় লক্ষ্মী পণ্ডিতৰ নাম অন্তৰ্ভুক্ত আছে। ১৯৫৩ চনৰ সংযুক্ত ৰাষ্ট্ৰীয় ভাষাৰ সভাপতি হোৱা প্ৰথম গৰাকী মহিলা আছিল তেওঁ।

ৰাজনৈতিক ইতিহাসত প্ৰথমগৰাকী মন্ত্ৰী ৰূপে বিজয় লক্ষ্মী পণ্ডিতৰ নাম অন্তৰ্ভুক্ত আছে। ১৯৫৩ চনৰ সংযুক্ত ৰাষ্ট্ৰীয় ভাষাৰ সভাপতি হোৱা প্ৰথম গৰাকী মহিলা আছিল তেওঁ।

  • Share this:
ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহিলাসকলেও অংশগ্ৰহণ কৰিছিল। জৱহাৰলাল নেহৰুৰ ভগ্নী বিজয় লক্ষ্মী পণ্ডিতে আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে কাৰাবন্দী হৈছিল। বিজয় লক্ষ্মী পণ্ডিত এগৰাকী শিক্ষিত বিজ্ঞ মহিলা আছিল যিয়ে বিদেশত হোৱা সন্মিলনবোৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইতিহাসৰ পৰা জানিব পৰা যায় যে, ৰাজনৈতিক ইতিহাসত প্ৰথমগৰাকী মন্ত্ৰী ৰূপে বিজয় লক্ষ্মী পণ্ডিতৰ নাম অন্তৰ্ভুক্ত আছে। ১৯৫৩ চনৰ সংযুক্ত ৰাষ্ট্ৰীয় ভাষাৰ সভাপতি হোৱা প্ৰথম গৰাকী মহিলা আছিল তেওঁ। উল্লেখনীয় যে, ভাৰতত পঞ্চায়ত শাসন ব্যৱস্থা (পঞ্চায়তী ৰাজ ব্যৱস্থা ) তেওঁৰ দ্বাৰাই আৰম্ভ হৈছিল।

বিজয় লক্ষ্মী পণ্ডিতৰ জন্ম ১৯০০ চনৰ ১৮ আগষ্ট তাৰিখে এলাহাবাদত হৈছিল। তেখেতৰ মাতৃৰ নাম স্বৰূপ ৰাণী নেহৰু আৰু পিতৃৰ নাম মতিলাল নেহৰু আছিল। বিজয় লক্ষ্মী ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ ভগ্নী আৰু ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পেহী(খুড়ী) আছিল। তেখেতৰ পাৰিবাৰিক পৃষ্টভূমি সম্পূৰ্ণৰূপে ৰাজনৈতিক আছিল। তেখেতৰ আনুষ্ঠানিক শিক্ষা বিদ্যালয়ত নহয় বৰঞ্চ তেওঁৰ ঘৰতে হৈছিল। জানিব পৰা মতে বিজয় লক্ষ্মীৰ শৈশৱৰ নাম স্বৰূপ কুমাৰী আছিল।

১৯২১ চনত কাঠিয়াবাৰৰ প্ৰসিদ্ধ উকিল ৰঞ্জিত সীতাৰাম পণ্ডিতৰ সৈতে বিজয় লক্ষ্মী বিবাহপাশত আৱদ্ধ হয়। ১৯১৯ বৰ্ষত, বিজয় লক্ষ্মীয়ে এলাহাবাদৰ আনন্দ ভৱনত স্থান কৰা মহাত্মা গান্ধীক লগ পাই অতিকৈ প্ৰভাৱিত হৈছিল আৰু তাৰ পাছত দেশৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল। তেখেতে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু এই সময়ত কাৰাগাৰলৈ যাব লগাত পৰিছিল। ১৯৪২ চনত তেখেতে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু কাৰাবন্দী হৈছিল। বিজয় লক্ষ্মী পণ্ডিত মহিলাসকলক নিজৰ অধিকাৰ দিবলৈ বহুতো সংগ্ৰাম কৰিছিল। উল্লেখনীয় যে, তেখেতৰ অপাৰ চেষ্টাৰ ফলত মহিলাসকলে পিতা আৰু স্বামীৰ সম্পত্তিৰ উত্তৰাধিকাৰী লাভ কৰিলে।

১৯৩৭ চনত বিজয় লক্ষ্মী পণ্ডিত ইউনাইটেড প্ৰবিঞ্চৰ আইনসভাত নিৰ্বাচিত হৈছিল। স্থানীয় প্ৰশাসন তথা জন স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে তেখেতক সন্মান দিয়া হয়। ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী বিজয় লক্ষ্মী পণ্ডিত ১৯৪০–১৯৪২ চনলৈ অল ইণ্ডিয়া ৱুমেন (সৰ্বভাৰতীয় মহিলা সন্মিলন) কংগ্ৰেছৰ সভাপতি হিচাপে পৰিগণিত হয়। ১৯৫৩ চনত সংযুক্ত ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰদূত আছিল।

বিজয় লক্ষ্মী পণ্ডিতৰ বাবেই ভাৰতত পঞ্চায়ত শাসন ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল আৰু ১৯৭৫ চনত দেশত জৰুৰীকালিন অৱস্থাৰো তেখেতে বিৰোধিতা কৰিছিল। ইয়াৰবাবে সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে তেখেতৰ মতবিৰোধিতাও হৈছিল। তেখেত দেশ–বিদেশৰ বিভিন্ন মহিলা সংগঠনৰ লগত তেওঁ জড়িত আছিল। ৭ ডিচেম্বৰ ১৯৯০ চনত দেহৰাদুনত তেখেতৰ দেহৱসান ঘটে।
Published by:Sanjay Kumar Das
First published: