உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Indian Foods : এই বছৰটোত এনে ভাৰতীয় খাদ্যসমূহৰ চাহিদা বিদেশত আছিল তুংগত

    Indian Foods : এই বছৰটোত এনে ভাৰতীয় খাদ্যসমূহৰ চাহিদা বিদেশত আছিল তুংগত

    Immunity Booster : খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগতে এই খাদ্যসমূহ শৰীৰত ৰোগ প্ৰতিৰোধৰ বাবে অপৰিহাৰ্য।

    Immunity Booster : খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগতে এই খাদ্যসমূহ শৰীৰত ৰোগ প্ৰতিৰোধৰ বাবে অপৰিহাৰ্য।

    Immunity Booster : খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগতে এই খাদ্যসমূহ শৰীৰত ৰোগ প্ৰতিৰোধৰ বাবে অপৰিহাৰ্য।

    • Share this:
    কোৰোনা অতিমাৰীৰ ফলত বিগত দুটা বছৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা তথা ইমুউনিটিক লৈ আটাইতকৈ বেছি চৰ্চিত হৈছিল। কেৱল সেয়াই নহয় বিগত বছৰ দুটাত ছ'চিয়েল মিডিয়াত উক্ত বিষয়ত বিভিন্ন ধৰণৰ চৰ্চাৰ লগতে বহুতে বহু প্ৰতিকাৰো দিয়া দেখা গৈছিল। ইয়াৰ মাজতে ভাৰতীয় মচলা আৰু ঘিউ বিদেশত অধিক জনপ্ৰিয় হৈ পৰিছিল। খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগে লগে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ (Immunity Booster) ক্ষেত্ৰত এই খাদ্যসমূহ অপৰিহাৰ্য হৈ পৰিছে।

    উল্লেখযোগ্য যে বিদেশত বিগত বছৰত ভাৰতীয় কোন খাদ্য (Popular Indian Food) অধিক জনপ্ৰিয় হৈ ইমুনিটি বুষ্টাৰ হিচাপে ব্যৱহাৰ হৈছে, তাৰেই কেইটামান বহুল প্ৰচলিত খাদ্য চাওক-

     আমলখি
    আমলা অথবা আমলখি বিশ্বত পৰিচিত " ইন্ডিয়ান গুজবেৰি" নামেৰে। আচাৰ, মোৰাব্বা আৰু বহু ধৰনৰ আয়ুৰ্বেদিক ঔষধত ব্যৱহাৰ হয় আমলখি। কাৰ্ডিওভাছকুলাৰ টনিক আৰু ইমুউনিটি বুষ্টাৰ হিচাপে আমলা খুবেই উপকাৰী। মুধমেহ অথবা ডাইবেটিছ ৰোগ নিৰাময়ৰ বাবে বিদেশত বহু কালৰ পৰাই জনপ্ৰিয় আমলখি।আমলাৰ পলিফেনল অক্সিডেটিভ  ষ্ট্ৰেছ কমোৱাৰ বাবে সহায় কৰে। এন্টিঅক্সিডেন্ট আৰু এন্টিইনফ্লেমেটাৰি উপাদাৰ বাবেও জনপ্ৰিয় আমলখি।আনকি কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবেও ব্যৱহাৰ হয় আমলখি। এনেবোৰ কাৰণতে বিগত দুটা বছৰত বিদেশত আমলখিৰ চাহিদা বৃদ্ধি পাই আহিছে।

    Read all News in AssameseHealth News in Assamese, India News in Assamese

    ঘি অথবা ঘিউ
    ঘিউ আমাৰ দেশৰ আয়ুৰ্বেদিক শাস্ত্ৰত বহু যুগৰ পৰাই ব্যৱহৃত হৈ আহিছে। ভাৰতীয় সমাজ ব্যৱস্থাত ঘি শব্দটোৱে শক্তিৰ প্ৰতিশব্দ হিচাপে ব্যৱহৃত হয়। বৰ্তমানে বিদেশত চিকিৎসকসকলে ভাত বা ৰুটিৰ লগত পৰিমিতভাৱে ঘিউ খোৱাৰ অনুমতি দিয়া দেখা গৈছে। ঘিউত থকা  ভিটামিন- ই আৰু এন্টিঅক্সিডেন্ট শৰীৰৰ বাবে খুবেই উপকাৰী।

    হালধি
    শতাব্দীৰ পিছত শতাব্দীলৈ  ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে হালধি।ভাৰতীয় পাগঘৰৰ অভেদ্য অংগ হিচাপে পৰিচিত হালধি। হালধিত আছে কাৰকিউমিন। কাৰকিউমিন এন্টি ইনফ্লেমেটাৰী আৰু এন্টি কাৰচিযোজেনিক গুণ বহু শাৰীৰিক সমস্যা সমাধানৰ মূল তত্ত্ব হিচাপে সমাদৃত হৈ আহিছে বিশ্বত।
    Published by:Gautam Barman
    First published: