সৰু সৰু কথাতে খং, কাৰাগাৰত আজৱ আচৰণ নিৰ্ভয়া কাণ্ডৰ দোষীৰ

সূত্ৰ অনুসৰি, কাৰাগাৰৰ কৰ্মচাৰীয়ে যেতিয়াই দোষী বিনয়ক খাদ্য দিবলৈ যায়, তেতিয়াই দুৰ্ব্যৱহাৰ কৰে। সেইদৰে কিছুদিন পূৰ্বে জে’লৰ নিয়ম বুজাবলৈ অহা বিষয়াৰ সৈতেও দুৰ্ব্যৱহাৰ কৰে বিনয়ে।
সূত্ৰ অনুসৰি, কাৰাগাৰৰ কৰ্মচাৰীয়ে যেতিয়াই দোষী বিনয়ক খাদ্য দিবলৈ যায়, তেতিয়াই দুৰ্ব্যৱহাৰ কৰে। সেইদৰে কিছুদিন পূৰ্বে জে’লৰ নিয়ম বুজাবলৈ অহা বিষয়াৰ সৈতেও দুৰ্ব্যৱহাৰ কৰে বিনয়ে।
- News18 Assam
- Last Updated: February 21, 2020, 12:40 PM IST
তিহাৰ জে’ল প্ৰশাসনৰ মতে, নিৰ্ভয়া কাণ্ডৰ দোষীয়ে সৰু সৰু কথাতে খং কৰিবলৈ লৈছে। কাৰাগাৰ কৰ্তৃপক্ষই প্ৰতিমুহূৰ্ততে দোষীৰ আচৰণৰ ওপৰত নজৰ ৰাখিছে।
সূত্ৰ অনুসৰি, কাৰাগাৰৰ কৰ্মচাৰীয়ে যেতিয়াই দোষী বিনয়ক খাদ্য দিবলৈ যায়, তেতিয়াই দুৰ্ব্যৱহাৰ কৰে। সেইদৰে কিছুদিন পূৰ্বে জে’লৰ নিয়ম বুজাবলৈ অহা বিষয়াৰ সৈতেও দুৰ্ব্যৱহাৰ কৰে বিনয়ে। দোষী মুকেশে আনকি কাৰাগাৰৰ নিয়ম মানিবলৈ অস্বীকাৰ কৰিছে।
বিশ্ব কঁপোৱা নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ বিৰুদ্ধে নতুনকৈ জাৰি কৰা হৈছে ডেথ ৱাৰেণ্ট। সেই অনুসৰি ৩ মাৰ্চত আটাইৰে ফাঁচিৰ দিন নিৰ্ধাৰণ কৰিছে আদালতে। পুৱা ৬ বজাত নিৰ্ধাৰণ কৰা হৈছে ফাঁচিৰ সময়।