সন্ত্ৰাসবাদীৰ সৈতে ১২ লাখ টকাত চুক্তি হৈছিল DSP দেৱিন্দৰ সিঙৰ, সহায়ৰ বাবে কাৰ্যালয়ৰ পৰা লৈছিল ছুটী : ৰিপ’ৰ্ট

News18 Assam | News18-Assam
Updated:January 13, 2020, 3:42 PM IST
সন্ত্ৰাসবাদীৰ সৈতে ১২ লাখ টকাত চুক্তি হৈছিল DSP দেৱিন্দৰ সিঙৰ, সহায়ৰ বাবে কাৰ্যালয়ৰ পৰা লৈছিল ছুটী : ৰিপ’ৰ্ট
কাশ্মীৰৰ কুলগামত গ্ৰেপ্তাৰ হোৱা দেৱিন্দৰ সিঙক জেৰা অব্যাহত আছে। ইয়াৰ পূৰ্বে কোৱা হৈছিল যে এই আৰক্ষী বিষয়াগৰাকীৰ সংসদ ভৱনত আক্ৰমণৰ অভিযোগত ফাঁচিকাঠত ওলমোৱা সন্ত্ৰাসবাদী আফজল গুৰুৰ সৈতেও সম্পৰ্ক আছিল।

  • Share this:
জম্মু–কাশ্মীৰত শনিবাৰে হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদীৰ সৈতে গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়া দেৱিন্দৰ সিঙক লৈ আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। সংবাদ মাধ্যমৰ ৰিপ’ৰ্ট অনুসৰি, সন্ত্ৰাসবাদী আৰু দেৱিন্দৰ সিঙৰ মাজত হৈছিল ১২ লাখ টকাৰ চুক্তি।

কাশ্মীৰৰ কুলগামত গ্ৰেপ্তাৰ হোৱা দেৱিন্দৰ সিঙক জেৰা অব্যাহত আছে। ইয়াৰ পূৰ্বে কোৱা হৈছিল যে এই আৰক্ষী বিষয়াগৰাকীৰ সংসদ ভৱনত আক্ৰমণৰ অভিযোগত ফাঁচিকাঠত ওলমোৱা সন্ত্ৰাসবাদী আফজল গুৰুৰ সৈতেও সম্পৰ্ক আছিল।

দৈনিক জাগৰণে আৰক্ষীৰ সূত্ৰৰ পৰা দাবী কৰিছে যে গাড়ীত থকা সন্ত্ৰাসবাদীৰ সৈতে ১২ লাখ টকাৰ চুক্তি হৈছিল DSP দেৱিন্দৰ সিঙৰ। ইয়াৰ বিনিময়ত সন্ত্ৰাসবাদীকেইটাক চণ্ডীগড়লৈ লৈ গৈছিল। এই কাম কৰিবলৈ কাৰ্যালয়ৰ পৰা চাৰিদিনৰ ছুটী লৈছিল। সংবাদ পত্ৰখনে দাবী কৰা মতে, কুখ্যাত সন্ত্ৰাসবাদীৰ বাবে মাৰণাস্ত্ৰৰ চুক্তি কৰাৰ দায়িত্বও DSPৰ হাতত আছিল।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি