‘ধন্যবাদ মনীষ, তোমাৰ ওচৰত আমি কৃতজ্ঞ’ – কিয় এইজন চাফাই কৰ্মীয়ে পালে ভাৰতৰ প্ৰথম কোৰোণা ভেকচিন?

এইমছত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনৰ উপস্থিতিত মনীষক টিকা দিয়া হয়।
এইমছত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনৰ উপস্থিতিত মনীষক টিকা দিয়া হয়।
- News18 Assam
- Last Updated: January 17, 2021, 3:57 PM IST
কিন্তু কিয় মনীষে ভাৰতৰ প্ৰথম কোৰোণা টিকা লাভ কৰিলে? তাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে মনীষে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি কোভিড জ’নসমূহত গৈ কাম কৰিছে। সেয়াও কোনো ধৰণৰ সংক্ৰমণৰ নিয়ন্ত্ৰণৰ প্ৰশিক্ষণ অবিহনে। ফ্ৰণ্টলাইন যোদ্ধাৰ প্ৰকৃত উদাহৰণ মনীষ।
এইমছত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনৰ উপস্থিতিত মনীষক টিকা দিয়া হয়। টিকা ল’লে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়ায়ো। তেওঁ নিউজ–১৮ক দিয়া সাক্ষাৎকাৰত কয়, ‘‘মনীষক ধন্যবাদ। মই তেওঁৰ ওচৰত কৃতজ্ঞ। তেওঁৰ অৱদান জীৱনত নাপাহৰো। তেওঁ কোন, ক’ত থাকে সেইবোৰ এইক্ষেত্ৰত বিষয় নহয়। এনেকুৱা বহু আছে যিসকলে কোভিড যুদ্ধৰ অংশ হৈছিল, আৰু যিসকল অগোচৰে থকা নায়ক। তেওঁলোকে নেপথ্যত থাকি অক্লান্ত পৰিশ্ৰম কৰিছে। তেওঁলোকে সঁচাকৈ কোনো ধৰণৰ প্ৰশিক্ষণ বা সংক্ৰমণৰ নিয়ন্ত্ৰণৰ বিষয়ে প্ৰশিক্ষণ অবিহনেই কোভিড কবলিত অঞ্চলত উপস্থিত হৈছে। তেওঁলোকে যিদৰে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি কাম কৰিছে, তাৰ স্বীকৃতি দিয়াতো প্ৰয়োজন। এইদৰেই আমি স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো।’’