মুখ্যপৃষ্ঠা »খবৰ »দেশ »শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ খবৰ! এবাৰ উত্তীৰ্ণ হ’লেই আকৌ দিব নালাগে টেট, নিয়ম সলনি কৰিছে কেন্দ্ৰই

শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ খবৰ! এবাৰ উত্তীৰ্ণ হ’লেই আকৌ দিব নালাগে টেট, নিয়ম সলনি কৰিছে কেন্দ্ৰই

জানিব পৰা মতে, কেৱল মাত্ৰ কেন্দ্ৰীয় বা চিবিএছই বোৰ্ডৰ টেট পৰীক্ষাই নহয়, বিভিন্ন ৰাজ্যই অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ক্ষেত্ৰতো এই নিয়ম কাৰ্যকৰী কৰিব লাগিব।

  • Share this:
শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ খবৰ। এবাৰ টেট উত্তীৰ্ণ হ’লেই আৰু টেট দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। এই পৰিকল্পনা হাতত লৈছে নেশ্যনেল কাউঞ্চিল অৰ টিচাৰ অডুকেশ্যনে। বহু বছৰৰ পিছত শিক্ষক নিযুক্তিৰ নিয়ম সলনি কৰিছে কেন্দ্ৰই।

শিক্ষক নিযুক্ত হ’বলৈ টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। কিন্তু এবাৰ টেট উত্তীৰ্ণ হ’লে সাত বছৰৰ বাবে থাকে টেট উত্তীৰ্ণ প্ৰমাণ পত্ৰৰ ম্যাদ। অৰ্থাত্‍ ৭ বছৰৰ ভিতৰত চাকৰি নাপালে আকৌ দিব লাগে টেট পৰীক্ষা। ৰাজ্য সমূহতো কাৰ্যকৰী আছিল এই নিয়ম।

কিন্তু এতিয়া নেশ্যনেল কাউঞ্চিল অৰ টিচাৰ অডুকেশ্যনে সলনি কৰিছে এই নিয়ম। এতিয়া ৭ বছৰ নহয়, এবাৰ টেট উত্তীৰ্ণ হ’লেই পুনৰ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনীয়তা নাথাকিব। অৰ্থাত্‍ এবাৰ টেট উত্তীৰ্ণ হ’লেই সেই প্ৰমাণ পত্ৰৰ ম্যাদ চিৰদিনৰ বাবে থাকিব।

খবৰ অনুসৰি, কেৱল কেন্দ্ৰীয় বা চিবিএচই বোৰ্ডৰ টেট পৰীক্ষাৰ ক্ষেত্ৰত নহয়, বিভিন্ন ৰাজ্য বা টিচাৰ ইলিজিবিলিটি টেষ্ট পৰীক্ষাৰ বাবেও এই নিয়ম প্ৰযোজ্য হ’ব। কিন্তু কেন্দ্ৰৰ এই পৰিকল্পনাৰ সন্দৰ্ভত এই পৰ্যন্ত ৰাজ্যসমূহৰ কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই।

শেহতীয়া বাতৰি