অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰত দেওবাৰে পুৱা ৯.৪০ বজাত উগ্ৰপন্থীৰ এটা দলে অসম ৰাইফলছৰ পানী কঢ়িওৱা এখন বাহনৰ ওপৰত হঠাত্ আক্ৰমণ কৰে। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰত দেওবাৰে পুৱা ৯.৪০ বজাত উগ্ৰপন্থীৰ এটা দলে অসম ৰাইফলছৰ পানী কঢ়িওৱা এখন বাহনৰ ওপৰত হঠাত্ আক্ৰমণ কৰে। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰত দেওবাৰে পুৱা ৯.৪০ বজাত উগ্ৰপন্থীৰ এটা দলে অসম ৰাইফলছৰ পানী কঢ়িওৱা এখন বাহনৰ ওপৰত হঠাত্ আক্ৰমণ কৰে। আক্ৰমণত নিহত হয় অসম ৰাইফলছৰ এজন জোৱান। গুৰুতৰ ভাবে আহত হৈছে আন এজন জোৱান। চাংলাং জিলাৰ জয়ৰামপুৰ আৰু মনমাওৰ মাজৰ টেংমো নামৰ ঠাইৰ কাষৰ পাহাৰৰ জংঘলত লুকাই থকা উগ্ৰপন্থীৰ দলটোৱে সেনাৰ পানী কঢ়িওৱা বাহনখনক লক্ষ্য কৰি দুটাকৈ আই ডি বিস্ফোৰণ ঘটায়। আৰু বন্দুকেৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰে। ঘটনাত অসম ৰাইফলছৰ এজন জোৱান নিহত হয়। জোৱান জনৰ নাম বীৰেন্দ্ৰ সিং যাদৱ বুলি জানিব পৰা গৈছে।
আনহাতে এই ঘটনাত আলফা(স্বা) , NSCN(K) জড়িত থকাৰ সন্দেহ কৰা হৈছে। কিন্তু এই মুহূৰ্তলৈকে সংগঠন দুটাই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। ইফালে উগ্ৰপন্থীৰ দলটোক বিচাৰি সেনাই সমগ্ৰ অঞ্চলটোত অভিযান আৰম্ভ কৰিছে যদিও, এই মুহূৰ্তলৈকে কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাই। ইফালে শেহতীয়াকৈ অৰুণাচলৰ তিনিখন জিলাত ‘আফছা’ আইন জাপি দিয়াৰ প্ৰতিবাদতে এই আক্ৰমণৰ ঘটনা সংঘটিত হ’ল বুলি অনুমান কৰিব পাৰি।
Published by: Himangshu Bhuyan
First published: October 05, 2020, 09:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|