জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ, ৬জন জোৱান আহত

শনিবাৰে নিশা কেৰন নগৰ আৰক্ষী থানাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। আহত জোৱানসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

News18-Assam
Updated:October 27, 2019, 7:49 AM IST
জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ, ৬জন জোৱান আহত
Photo : ANI
News18-Assam
Updated: October 27, 2019, 7:49 AM IST
জম্মু–কাশ্মীৰৰ শ্ৰীনগৰৰ কাকা ছৰাই অঞ্চলত নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণ। এই আক্ৰমণত ৬জন জোৱান আহত হৈছে। সন্ত্ৰাসবাদীয়ে চিআৰপিএফ আৰু আৰক্ষীৰ জোৱানৰ দলক লক্ষ্য কৰি গ্ৰেনেডেৰে আক্ৰমণ চলায়। এই আক্ৰমণৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে নিৰাপত্তাৰক্ষীয়ে। বৰ্তমানো অঞ্চলটোত অব্যাহত আছে অভিযান।

শনিবাৰে নিশা কেৰন নগৰ আৰক্ষী থানাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। আহত জোৱানসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। দুদিন পূৰ্বে জম্মু–কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীয়ে চিআৰপিএফৰ জোৱানৰ এটা দললৈ লক্ষ্য কৰি গ্ৰেনেডেৰে আক্ৰমণ চলাইছিল। কুলগাম জিলাৰ চৱলগাম অঞ্চলত সংঘটিত এই আক্ৰমণত আহত হৈছিল এজন চিআৰপিএফ জোৱান।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি