জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ আহুতি দিলে দেশৰ দুই জোৱানে। ঘটনাত আহত হৈছে ১২ গৰাকী জোৱান। শ্ৰীনগৰৰ জিয়ান অঞ্চলত সশস্ত্ৰ আৰক্ষীৰ নৱম বেটেলিয়নত আক্ৰমণ কৰে উগ্ৰপন্থীয়ে। আক্ৰমণত নিহত দুই জোৱানৰ এগৰাকী ASI আৰু আনগৰাকী হৈছে ছিলেকচন গ্ৰেড কনিষ্টবল। আহত ১২গৰাকীৰ দুগৰাকীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।
আটাইকেইজন আহতক আনান-ফানানৰ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সন্ত্ৰাসবাদী দল কাশ্মীৰ টাইগাৰে এই আক্ৰমণৰ দায়িত্ব লৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি উগ্ৰপন্থীসকলে বাছত গৈ থকা অৱস্থাত জোৱানসকলক আক্ৰমণ কৰে (terrorists fired upon a police bus )। শ্ৰীনগৰৰ পন্থা চক পথত ভাৰতীয় ৰিজাৰ্ভ পুলিচৰ (IRP) নৱম বেটেলিয়নৰ বাহনখনত নিৰ্বিচাৰে গুলীচালনা কৰে, ফলত ২ জোৱান নিহতৰ লগতে কেইবাজনো জোৱান আহত হয়। সম্প্ৰতি এলাকাটোত আক্রমণকাৰীৰ সন্ধানত তালাচী চলাই থকা হৈছে।
ইফালে, জম্মু-কাশ্মীৰ (Jammu and Kashmir) ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ তেওঁ (Former J&K CM Omar Abdullah) টুইটত উল্লেখ কৰে, "শ্ৰীনগৰৰ উপকণ্ঠত আৰক্ষীৰ বাছত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভয়ংকৰ খবৰ৷ মই স্পষ্টভাৱে এই আক্ৰমণক গৰিহণা দিছোঁ আৰু লগতে মৃতকৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আহতসকলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।"
উল্লেখ্য, কালি জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত জইচ-ই-মহম্মদৰ এজন সন্ত্ৰাসবাদী নিহত হৈছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|