বৰপেটাৰ ভেল্লাৰ শান্তিপুৰৰ উক্ত যুৱকজনে পূৰ্বেও কেওটকুছি সত্ৰৰ লক্ষ্মী মন্দিৰৰ দেৱী মূৰ্তিৰ ক্ষতিসাধন কৰাৰ লগতে মন্দিৰৰ বহু সামগ্ৰী জ্বলাই ভস্মীভূত কৰিছিল৷
বৰপেটাৰ ভেল্লাৰ শান্তিপুৰৰ উক্ত যুৱকজনে পূৰ্বেও কেওটকুছি সত্ৰৰ লক্ষ্মী মন্দিৰৰ দেৱী মূৰ্তিৰ ক্ষতিসাধন কৰাৰ লগতে মন্দিৰৰ বহু সামগ্ৰী জ্বলাই ভস্মীভূত কৰিছিল৷
সত্ৰনগৰী বৰপেটাৰ গণককুছি সত্ৰত অঘটন৷ দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে গুৰু আসন৷ লণ্ডভণ্ড কৰিলে পৱিত্ৰ ভিঠিত থকা শৰাই আৰু অন্যান্য সামগ্ৰী৷ গণককুছি সত্ৰৰ শ্ৰীৰাম আতাৰ পৱিত্ৰ ভিঠিৰ গুৰু আসন জ্বলালে ৰফিকুল আলী নামৰ এজন যুৱকে৷
গুৰু আসনখন সত্ৰ বাহিৰলৈ উলিয়াই আনি জ্বলাই দিয়ে যুৱকজনে৷ গুৰু আসনৰ লগতে জ্বলাই দিয়ে গছা এপাতো৷ এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷
ক্ষুব্ধ ৰাইজে যুৱকজনক কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক৷ ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে যুৱকজনক৷ জানিব পৰা মতে, সেই সময়ত সত্ৰত উপস্থিত নাছিল কোনো লোক৷ পিছত সত্ৰত উপস্থিত হোৱা লোকে ধোঁৱা আৰু জুই দেখি দৌৰি গৈ গুৰু আসনখন জ্বলি ভস্মীভূত হোৱা দেখিবলৈ পোৱাত হাহাকাৰ লাগে।
বৰপেটাৰ ভেল্লাৰ শান্তিপুৰৰ উক্ত যুৱকজনে পূৰ্বেও কেওটকুছি সত্ৰৰ লক্ষ্মী মন্দিৰৰ দেৱী মূৰ্তিৰ ক্ষতিসাধন কৰাৰ লগতে মন্দিৰৰ বহু সামগ্ৰী জ্বলাই ভস্মীভূত কৰিছিল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|