আজিৰে পৰা সলনি হৈছে এই ১০টা নিয়ম, আপোনাৰ পকেটত পৰিব পোণপটীয়া প্ৰভাৱ

News18 Assam | News18-Assam
Updated:July 1, 2020, 2:42 PM IST
আজিৰে পৰা সলনি হৈছে এই ১০টা নিয়ম, আপোনাৰ পকেটত পৰিব পোণপটীয়া প্ৰভাৱ
আজিৰে পৰা বেংকিং, মিউচুৱেল ফাণ্ড তথা ৰন্ধন গেছ সংক্ৰান্তৰ একাধিক নিয়ম সলনি হৈছে। জানক। 

আজিৰে পৰা বেংকিং, মিউচুৱেল ফাণ্ড তথা ৰন্ধন গেছ সংক্ৰান্তৰ একাধিক নিয়ম সলনি হৈছে। জানক। 

  • Share this:
নতুন দিল্লীঃ কোৰোণা সংকটৰ মাজত ১জুলাইৰ পৰা একাধিক সালসলনি হৈছে আৰু তাৰ প্ৰভাৱ আপোনাৰ বাজেট তথা জীৱনতো পৰিব। বুধবাৰৰ পৰা সমগ্ৰ দেশত আনলক ২ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজিৰ দিনটোৰ পৰাই বেংকিং, মিউচুৱেল ফাণ্ড তথা ৰন্ধন গেছ সন্দৰ্ভত একাধিক নিয়মৰ সালসলনি হৈছে। জানক কি কি সলনি হৈছে।

১. মিউচুৱেল ফাণ্ডঃ এইবাৰ মিউচুৱেল ফাণ্ড কিনিবলৈ গ’লে ষ্টাম্প ডিউটি লাগিব। SIP বা STP কিনিলে দিব লাগিব ষ্টাম্প ডিউটি। সকলো ধৰণৰ মিউচুৱেল ফাণ্ডৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য। মুঠ ইনভেষ্টমেণ্টৰ ০.০০৫ শতাংশ আদায় দিব লাগিব।

২. নতুন সংস্থাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনঃ ১ জুলাইৰ পৰা নতুন সংস্থাৰ ৰেজিষ্ট্ৰেশ্যন অনলাইনত কৰিব পাৰিব। Self Declarationৰ জৰিয়তে অনলাইন সংস্থাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ নতুন নিৰ্দেশিকা জাৰি কৰিছে চৰকাৰে আৰু এই নতুন নিয়ম আজিৰে পৰা বলৱৎ হৈছে।

৩. PNB চেভিংছ একাউণ্টত কম সুত পাবঃ চেভিংছ একাউণ্টৰ সুতৰ হাৰ ০.৫০ শতাংশ কমালে পঞ্জাৱ নেচনেল বেংকে ৷ এতিয়াৰ পৰা বেংকৰ চেভিংছ একাউণ্টত বছৰেকত সৰ্বাধিক ৩.২৫ শতাংশ বার্ষিক সুত পাব। বছৰত ৫০ লাখ টকা পর্যন্তৰ চেভিংছ একাউণ্টত ৩ শতাংশ সুত আৰু ৫০লাখৰ অধিক টকাৰ হ’লে ৩.২৫ শতাংশ সুত পাব ৷

৪. ATM ট্রেনজেকশ্যনত নাপাব ৰেহাইঃ ১জুলাইৰ পৰা সকলো বেংকৰ গ্ৰাহকৰ লেনদেনৰ ক্ষেত্ৰত কোনো ৰেহাই নাপাব। পূৰ্বৰ নিয়মৰ দৰে মেট্ৰ’ চহৰত ৮টা নন মেট্ৰ’ চহৰত ১০টা ট্ৰানজেকশ্যন গ্ৰাহকে বিনামূলীয়াকৈ কৰিব পাৰিব। নিৰ্ধাৰিত সীমাৰ অতিৰিক্ত লেনদেনৰ ক্ষেত্ৰত দিব লাগিব অতিৰিক্ত চাৰ্জ।

৫. সবকা বিশ্বাস যোজনাঃ সবকা বিশ্বাস যোজনাৰ ডেডলাইন ৩০ জুনত শেষ হৈছে। ১জুলাইৰ পৰা এই আঁচনিৰ লাভ নাপায়।

৬. এলপিজি গেছৰ দামঃ তৈল কোম্পানীসমূহে প্ৰত্যেক মাহৰ প্ৰথম দিনত এলপিজি গেছ চিলিণ্ডাৰ তথা এটিএফৰ নতুন দাম ঘোষণা কৰে। এই দিনটোতে ৰন্ধন গেছৰ দাম সলনি কৰা হৈছে।

৭. আনলক ২ঃ গুৱাহাটীত লকডাউন হ’লেও দেশৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা আৰম্ভ হ’ল আনলক ২ৰ প্ৰক্ৰিয়া। সমগ্ৰ স্কুল–কলেজ ৩১জুলাই পৰ্যন্ত বন্ধ থাকিব। চৰকাৰৰ তৰফৰ পৰা নতুন নিৰ্দেশিকা জাৰি কৰা হৈছে।

৮. বেংক একাউণ্টৰ মিনিমাম বেলেন্সঃ  ১ জুলাইৰ পৰা বেংকত মিনিমাম বেলেন্স নাৰাখিলে পেনাল্টি চাৰ্জ কৰা হ’ব।

৯. Nil ​GST ৰিটাৰ্ণ- এছএমএছৰ–ৰ জৰিয়তে ফাইল কৰিব পাৰে Nil ​GST ৰিটাৰ্ণ ৷

১০. পিএফ একাউণ্ট- ইপিএফতো কোভিড ১৯ ৰ কাৰণে একাউণ্টৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ টকা তোলাৰ অনুমতি দিছিল কিন্তু কিন্তু ১ জুলাইৰ পৰা পিএফ এডভান্স ক্লেইম কৰিব নোৱাৰে।
First published: July 1, 2020, 2:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading