বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতেই পোহৰলৈ আহিছিল বলীউডৰ ৰঙীন পৃথিৱীৰ একাংশ তাৰকাৰ ড্ৰাগছৰ সৈতে জড়িত কিছু খবৰ । তদন্তৰ আওতালৈ আহিছিল বহু নামী-দামী তাৰকা। যিয়ে আচৰিত কৰি তুলিছিল সাধাৰণজনক, জোকাৰি গৈছিল বলীউড ইণ্ডাষ্ট্ৰী।
এইবাৰ মুম্বাইত এগৰাকী তেলুগু অভিনেত্ৰীয়ে ড্ৰাগছ গ্ৰহণ কৰাৰ খবৰে পুনৰবাৰ আচৰিত কৰি তুলিছে সকলোকে। মুম্বাইত ড্ৰাগছ সন্দৰ্ভত এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে তেলুগু অভিনেত্ৰী নাইৰা শ্বাহক। জানিব পৰা মতে, হোটেলত ড্ৰাগছ সেৱন কৰা অৱস্থাত হাতে-লোটে ধৰা পেলাই মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাইৰাক ।
তথ্য অনুসৰি, অভিনেত্ৰী নাইৰাই মুম্বাইৰ জুহুৰ এখন পঞ্চ তাৰকা হোটেলত তেওঁৰ বন্ধুবৰ্গৰ সৈতে জন্মদিনৰ পাৰ্টী (Birthday Party) কৰি আছিল । এয়াও খবৰ পোৱা গৈছে যে তেওঁক এই পাৰ্টী কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। কিন্তু চোৰাংচোৱাৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে দেওবাৰে নিশা ৩ বজাত অভিযান চলায় হোটেলখনত, য'ত হোটেলৰ এটা কোঠাত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় নাইৰাক আৰু লগে লগে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰাকী । লগতে উক্ত স্থানৰ পৰা আৰক্ষীয়ে গাঞ্জা ভৰ্তি চিগাৰেট উদ্ধাৰ কৰিবলৈও সক্ষম হয় ।
গোৱাৰ পৰা অহা নাইৰাৰ দুই বন্ধুও উপস্থিত আছিল এই পাৰ্টীত । ইতিমধ্যে দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু সোমবাৰে বান্দ্ৰা আদালতত হাজিৰ কৰায়, য'ৰ পৰা তেওঁলোকে জামিন লাভ কৰে।
সম্প্ৰতি আৰক্ষীয়ে এই ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰু ড্ৰাগছৰ উৎস জানিবলৈ চেষ্টা কৰি আছে। যিহেতু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৭৪ অনুসৰি, যিকোনো নিচাযুক্ত ঔষধ বা মনোৰোগী পদাৰ্থৰ উৎপাদন/নিৰ্মাণ/খেতি, দখল, বিক্ৰী, ক্ৰয়, পৰিবহন, সঞ্চয়, আৰু ব্যৱহাৰ নিষিদ্ধ। তেনেস্থলত নাইৰা আৰু তেওঁ বন্ধুৰ বিৰুদ্ধে ড্ৰাগ সেৱনৰ অভিযোগ ৰাষ্ট্ৰীয় ঔষধ আৰু মনোৰোগী পদাৰ্থ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
অভিনেত্ৰী নাইৰাৰ মেডিকেল পৰীক্ষাও কৰোৱা হৈছে। যদিহে তেওঁৰ শৰীৰত ড্ৰাগছ পোৱা যায়, তেন্তে তেওঁৰ আইনী সমস্যা বৃদ্ধি হ'ব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।