• Home
  • »
  • News
  • »
  • nation
  • »
  • Actress Death: পথ দুৰ্ঘটনাত নিহত তেলুগু অভিনেত্ৰী গায়ত্ৰী ওৰফে ডলী ডি ক্ৰুজ

Actress Death: পথ দুৰ্ঘটনাত নিহত তেলুগু অভিনেত্ৰী গায়ত্ৰী ওৰফে ডলী ডি ক্ৰুজ

একেটা দুৰ্ঘটনাত এজন পথচাৰীয়েও প্ৰাণ হেৰুৱায়।

একেটা দুৰ্ঘটনাত এজন পথচাৰীয়েও প্ৰাণ হেৰুৱায়।

একেটা দুৰ্ঘটনাত এজন পথচাৰীয়েও প্ৰাণ হেৰুৱায়।

  • Share this:

পথ দুৰ্ঘটনাত নিহত তেলুগু অভিনেত্ৰী গায়ত্ৰী ওৰফে ডলী ডি ক্ৰুজ (Dolly D Cruze)। 'মেডাম ছাৰ মেডাম আন্থে' (Madam Sir Madam Anthe) ৱেব ছিৰিজত কৰা অভিনয়ৰ বাবে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰীগৰাকী এগৰাকী ইউটিউবাৰ ৰূপেও ছ'চিয়েল মিডিয়াত জনপ্ৰিয় আছিল।


শেহতীয়াকৈ অহা খবৰ মতে, ২৬ বছৰীয়া গায়ত্ৰীয়ে শুকুৰবাৰে তেওঁৰ বন্ধু ৰাথোড়ৰ সৈতে ফাকু খেলি ঘৰলৈ উভতি আহি আছিল। অভিনেত্ৰীগৰাকীৰ বন্ধুজনে চলাই থকা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই হায়দৰাবাদৰ ঘাদিবলি অঞ্চলৰ ডিভাইডাৰত খুন্দা মৰাত ঘটনাস্থলীতে মৃত্যুমুখত পৰে তেওঁ।


তেওঁৰ বন্ধুক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত্যুবৰণ কৰে। এই একেটা দুৰ্ঘটনাত এজন পথচাৰীয়েও প্ৰাণ হেৰুৱায়। ডিভাইডাৰত খুন্দা মৰা গাড়ীখন উলটি পথেৰে আহি থকা ব্যক্তিগৰাকীৰ ওপৰত পৰা বাবে তেওঁৰো মৃত্যু হয়। উল্লেখ্য, গায়ত্ৰীয়ে নিজৰ ইউটিউব চেনেল এটা চলাইছিল। 'জলচা ৰায়াডু' (Jalsa Rayudu) নামে বিখ্যাত ইউটিউব চেনেলৰ লগতে তেওঁ ইনষ্টাগ্ৰামত বহুতো ফটো পোষ্ট কৰিছিল।

Published by:Gautam Barman
First published: