‘SCৰ ৰায়ৰ মতে চৰকাৰক বকেয়া আদায় দিবলৈ টেলিকম কোম্পানীসমূহ সক্ষম,কেন্দ্ৰক জনালে ৰিলায়েন্স JIOই

News18-Assam
Updated:October 31, 2019, 5:24 PM IST
‘SCৰ ৰায়ৰ মতে চৰকাৰক বকেয়া আদায় দিবলৈ টেলিকম কোম্পানীসমূহ সক্ষম,কেন্দ্ৰক জনালে ৰিলায়েন্স JIOই
News18-Assam
Updated: October 31, 2019, 5:24 PM IST
টেলিকম কোম্পানীসমূহে কৰদাতাৰ টকাৰে ঋণদায়গ্ৰস্ততাৰ পৰা হাত সৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰিলায়েন্স JIO–ই। বৃহস্পতিবাৰে ৰিলায়েন্স Jio–ই কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদলৈ লিখা এখন পত্ৰত উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ মতে কেন্দ্ৰক বকেয়া আদায় দিবলৈ টেলিকম কোম্পানীসমূহৰ হাতত ‘পৰ্যাপ্ত’ বিত্তীয় ক্ষমতা আছে।
জিঅ’ই টেলিকম কোম্পানীসমূহৰ সংগঠন COAI (Cellular Operators Association of India)–এ দূৰসংযোগ বিভাগলৈ লিখা পত্ৰত তেওঁলোকৰ মত সন্নিবিষ্ট নকৰাৰ কাৰণে ভৎৰ্সনা কৰি কয় যে, সংস্থাটোৱে আইনী বিধানৰ সকলো সময় উকলি যোৱাৰ পিছত ‘চৰকাৰৰ পৰা সাহাৰ্য’ উলিয়াবলৈ ‘ব্লেকমেইলিং’ৰ পন্থা গ্ৰহণ কৰিছে।

‘আমি উল্লেখ কৰো যে তথাকথিত প্ৰভাৱিত সেৱা প্ৰদানকাৰীসকলৰ হাতত পৰ্যাপ্ত বিত্তীয় ক্ষমতা আছে যে তেওঁলোকে নিজৰ হাতত থকা সম্পদ/বিনিয়োগৰ ধন ব্যৱহাৰ কৰি চৰকাৰৰ বকেয়া আদায় দিব পাৰে।’ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদলৈ লিখা পত্ৰত এই কথা উল্লেখ কৰিছে ৰিলায়েন্স Jio-ই।


পত্ৰৰ সম্পূৰ্ণ অংশঃ









 

উল্লেখযোগ্য যে, টেলিকম খণ্ডৰ বৃহৎ কোম্পানী ৰিলায়েন্স জিঅ’ (Reliance Jio)–এ চিঅ’আইএৰ দ্বাৰা DoT (Department of Telecom)লৈ পত্ৰৰ উত্তৰ প্ৰদান কৰি কৈছে যে টেলিকম খণ্ডত কোনো ধৰণৰ সংকট অহা নাই। আপোনালোকক জনাও যে শেহতীয়াকৈ টেলিকম কোম্পানীসমূহৰ সংগঠন COAI (Cellular Operators Association of India)–এ দূৰসংযোগ বিভাগলৈ এখন পত্ৰ লিখিছিল য’ত তেওঁলোকে চৰকাৰক টেলিকম বিভাগৰ ওপৰত বিত্তীয় হেঁচা কম কৰিবলৈ অনুৰোধ কৰিছিল। জিঅ’ই এতিয়া COAIৰ ওপৰত কেৱল দুটা মাত্ৰ কোম্পানীক সমৰ্থন কৰাৰ অভিযোগ আনিছে। জিঅ’ই চিঅ’আইলৈ লিখা পত্ৰত স্পষ্ট কৰি দিছে যে জিঅ’ৰ প্ৰতি অৰ্গেনাইজেশ্যনৰ এই ব্যৱহাৰে তেওঁলোকক এটা ইণ্ডাষ্ট্ৰী অৰ্গেনাইজেশ্যনৰ সলনি দুটা সেৱা প্ৰদানকাৰীৰ মুখপাত্ৰলৈ পৰিণত কৰিছে।

জিঅ’ই COAIৰ দ্বাৰা দূৰসংযোগ বিভাগলৈ লিখা পত্ৰত উল্লেখ কৰা সকলো অভিযোগ নস্যাৎ কৰিছে। জিঅ’ই উল্লেখ কৰিছে যে দুটা অপাৰেটৰৰ বিফলতাই চেক্টৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। ইয়াৰ লগতে ইয়াৰ ডিজিটাইজেশ্যন আৰু চৰকাৰী কাৰ্যসূচীত কোনো ধৰণৰ প্ৰভাৱ নপৰে। COAI–এ ডিঅ’টিলৈ লিখা পত্ৰত টেলিকম চেক্টৰত বিত্তীয় হেঁচা দিয়াৰ ফলত সৃষ্টি হোৱা সমস্যাৰ কথা উল্লেখ কৰিছিল।

জিঅ’ই COAIৰ ওপৰত ভুল তথ্য প্ৰদান কৰাৰ অভিযোগ কৰিছে। জিঅ’ই COAIৰ মনোযোগ ছুপ্ৰীম কৰ্টৰ আদেশলৈ কেন্দ্ৰিত কৰি কৈছে যে অপাৰেটৰ্ছ সকলৰ ওচৰত ইমান ক্ষমতা আছে যে তেওঁলোকে চৰকাৰৰ সকলো বকেয়া ৰাশি আদায় দিব পাৰে। চিঅ’আইয়ে এটা সংস্থাৰ দৰে কাৰ্যনিৰ্বাহ কৰিব লাগে আৰু ছুপ্ৰীম কৰ্টৰ আদেশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাতকৈ সংস্থাৰ সদস্যসকলে ছুপ্ৰীম কৰ্টৰ আদেশক সন্মান কৰিবলৈ কয়। জিঅ’ই কোনো কোম্পানীৰ নাম নোলোৱাকৈ টেলিকম খণ্ডত চলি থকা ধুমুহাৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি