টেলিকম কোম্পানীক বেইলআউট পেকেজ দিলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা হ’ব, কেন্দ্ৰীয় মন্ত্ৰীলৈ জিঅ’ৰ পত্ৰ

উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰিলায়েন্স Jio–ই কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদলৈ লিখা এখন পত্ৰত উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ মতে কেন্দ্ৰক বকেয়া আদায় দিবলৈ টেলিকম কোম্পানীসমূহৰ হাতত ‘পৰ্যাপ্ত’ বিত্তীয় ক্ষমতা আছে।

News18-Assam
Updated:November 3, 2019, 2:41 PM IST
টেলিকম কোম্পানীক বেইলআউট পেকেজ দিলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা হ’ব, কেন্দ্ৰীয় মন্ত্ৰীলৈ জিঅ’ৰ পত্ৰ
উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰিলায়েন্স Jio–ই কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদলৈ লিখা এখন পত্ৰত উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ মতে কেন্দ্ৰক বকেয়া আদায় দিবলৈ টেলিকম কোম্পানীসমূহৰ হাতত ‘পৰ্যাপ্ত’ বিত্তীয় ক্ষমতা আছে।
News18-Assam
Updated: November 3, 2019, 2:41 PM IST
ছেলুলাৰ অপাৰেটৰ্ছ এছ’চিয়েচন অৱ ইণ্ডিয়া (COAI)–এ ৰিলায়েঞ্চ জিঅ’ৰ পত্ৰ অৱমাননা কৰাৰ পিছত পুনৰ এবাৰ জিঅ’ই পত্ৰ প্ৰেৰণ কৰিছে দূৰসংযোগ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদলৈ। পত্ৰত জিঅ’ নিজৰ স্থিতিত অটল থাকি কয় যে COAI–এ জিঅ’ক অৱমাননা কৰি দুই টেলিকম কোম্পানীক ৰক্ষণাবেক্ষণত ব্ৰতী হৈছে।

পত্ৰত জিঅ’ই উল্লেখ কৰিছে যে টেলিকম কোম্পানীক বেইলআউট পেকেজ দিলে সেয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰা হ’ব। ভাৰতীয় এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ বাবে বিগত ১৪ বছৰৰ অবৈতনিক বৈধানিক বকেয়াৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল’লে বিত্তীয় লাভ হ’ব।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰিলায়েন্স Jio–ই কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদলৈ লিখা এখন পত্ৰত উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ মতে কেন্দ্ৰক বকেয়া আদায় দিবলৈ টেলিকম কোম্পানীসমূহৰ হাতত ‘পৰ্যাপ্ত’ বিত্তীয় ক্ষমতা আছে।

জিঅ’ই টেলিকম কোম্পানীসমূহৰ সংগঠন COAI (Cellular Operators Association of India)–এ দূৰসংযোগ বিভাগলৈ লিখা পত্ৰত তেওঁলোকৰ মত সন্নিবিষ্ট নকৰাৰ কাৰণে ভৎৰ্সনা কৰি কয় যে, সংস্থাটোৱে আইনী বিধানৰ সকলো সময় উকলি যোৱাৰ পিছত ‘চৰকাৰৰ পৰা সাহাৰ্য’ উলিয়াবলৈ ‘ব্লেকমেইলিং’ৰ পন্থা গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, টেলিকম খণ্ডৰ বৃহৎ কোম্পানী ৰিলায়েন্স জিঅ’ (Reliance Jio)–এ চিঅ’আইএৰ দ্বাৰা DoT (Department of Telecom)লৈ পত্ৰৰ উত্তৰ প্ৰদান কৰি কৈছে যে টেলিকম খণ্ডত কোনো ধৰণৰ সংকট অহা নাই। উল্লেখযোগ্য যে শেহতীয়াকৈ টেলিকম কোম্পানীসমূহৰ সংগঠন COAI (Cellular Operators Association of India)–এ দূৰসংযোগ বিভাগলৈ এখন পত্ৰ লিখিছিল য’ত তেওঁলোকে চৰকাৰক টেলিকম বিভাগৰ ওপৰত বিত্তীয় হেঁচা কম কৰিবলৈ অনুৰোধ কৰিছিল। জিঅ’ই চিঅ’আইলৈ লিখা পত্ৰত স্পষ্ট কৰি দিছে যে জিঅ’ৰ প্ৰতি অৰ্গেনাইজেশ্যনৰ এই ব্যৱহাৰে তেওঁলোকক এটা ইণ্ডাষ্ট্ৰী অৰ্গেনাইজেশ্যনৰ সলনি দুটা সেৱা প্ৰদানকাৰীৰ মুখপাত্ৰলৈ পৰিণত কৰিছে।

জিঅ’ই COAIৰ দ্বাৰা দূৰসংযোগ বিভাগলৈ লিখা পত্ৰত উল্লেখ কৰা সকলো অভিযোগ নস্যাৎ কৰিছে। জিঅ’ই উল্লেখ কৰিছে যে দুটা অপাৰেটৰৰ বিফলতাই চেক্টৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। ইয়াৰ লগতে ইয়াৰ ডিজিটাইজেশ্যন আৰু চৰকাৰী কাৰ্যসূচীত কোনো ধৰণৰ প্ৰভাৱ নপৰে। COAI–এ ডিঅ’টিলৈ লিখা পত্ৰত টেলিকম চেক্টৰত বিত্তীয় হেঁচা দিয়াৰ ফলত সৃষ্টি হোৱা সমস্যাৰ কথা উল্লেখ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি