মুখ্যপৃষ্ঠা »খবৰ »দেশ »Telangana : মুখ্যমন্ত্ৰী-ৰাজ্যপালৰ মনান্তৰ, গণৰাজ্য দিৱসত উপস্থিত নাথাকিল তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাও

Telangana : মুখ্যমন্ত্ৰী-ৰাজ্যপালৰ মনান্তৰ, গণৰাজ্য দিৱসত উপস্থিত নাথাকিল তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাও

নাটু নাটুৰ সুৰকাৰ এম এম কিৰাভানী আৰু গীতিকাৰ চন্দ্ৰবোছক সন্মান গণৰাজ্য দিৱসত

নাটু নাটুৰ সুৰকাৰ এম এম কিৰাভানী আৰু গীতিকাৰ চন্দ্ৰবোছক সন্মান গণৰাজ্য দিৱসত

নাটু নাটুৰ সুৰকাৰ এম এম কিৰাভানী আৰু গীতিকাৰ চন্দ্ৰবোছক সন্মান গণৰাজ্য দিৱসত

  • Share this:

গণৰাজ্য দিৱস উপলক্ষে হায়দৰাবাদৰ ৰাজভৱনত তেলেংগানাৰ ৰাজ্যপাল তামিলছাই সুন্দৰৰাজনে (Tamilisai Soundararajan) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আশ্চৰ্যজনকভাৱে এই কাৰ্যসূচীত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও উপস্থিত নাছিল। উল্লেখ্য যে ৰাজ্যপালৰ লগতে মুখ্যমন্ত্ৰীয়েও গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে, কিন্তু তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকী আজিৰ কাৰ্যসূচীত উপস্থিত নোহোৱাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।


ইয়াৰ বিপৰীতে ৰাজভৱনত ত্ৰিৰংগা উত্তোলন কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে (K Chandrasekhar Rao) সেকেন্দ্ৰাবাদৰ ভিৰুলা সৈনিক স্মৰাক ময়দানৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।


সংবাদ সংস্থা এএনআইৰ মতে, হায়দৰাবাদত অনুষ্ঠিত গণৰাজ্য দিৱস উদযাপনত তেলেংগানাৰ গৱৰ্নৰ তামিলছাই সুন্দৰৰাজনে গোল্ডেন গ্ল’বছ বঁটা বিজয়ী তথা অস্কাৰৰ বাবে মনোনীত নাটু নাটুৰ সুৰকাৰ এম এম কিৰাভানী আৰু গীতিকাৰ চন্দ্ৰবোছক সন্মান জনায়। আটায়ে বহু সময় মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰি থাকিল যদিও তেওঁ তাত উপস্থিত নহ'ল।


তেলেংগানা চৰকাৰ (K Chandrasekhar Rao government) আৰু ৰাজ্যপালৰ মাজত যথেষ্ট মতভেদ চলি আছে। ইয়াৰ বাবেই গণৰাজ্য দিৱসৰ দিনা ৰাজ্যপালৰ দ্বাৰা পঢ়িবলগীয়া ভাষণো চৰকাৰে পঠোৱা নাছিল। লগতে বাজেট অধিৱেশনৰ পূৰ্বে ৰাজ্যপালৰ বাবে বিধানসভাৰ দুয়োটা সদনক সম্বোধন কৰাটো এটা পৰম্পৰা হৈ আহিছে যদিও এইবাৰ ৰাজ্যপালে সদনত ভাষণ দিয়া নাছিল।


উল্লেখ্য যে তামিলছাই সুন্দৰৰাজনে কেচিআৰ চৰকাৰৰ ওপৰত অভিযোগ কৰিছিল যে ৰাজভৱন সম্পৰ্কত প্ৰট’কল মানি চলা নাই।

শেহতীয়া বাতৰি