মহিলা আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ, লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ – চাওক ভিডিঅ’

২৯ জুনত সংঘটিত এই ঘটনাৰ ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে। শাসকীয় দলৰ কৰ্মীয়ে এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ।

news18assam
Updated:June 30, 2019, 2:49 PM IST
মহিলা আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ, লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ – চাওক ভিডিঅ’
২৯ জুনত সংঘটিত এই ঘটনাৰ ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে। শাসকীয় দলৰ কৰ্মীয়ে এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ।
news18assam
Updated: June 30, 2019, 2:49 PM IST
তেলেংগানাত কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বাধীন তেলেংগানা ৰাষ্ট্ৰ সমিতি চৰকাৰে ৰাজ্যখনত গছপুলি ৰোপণৰ কাম অব্যাহত ৰাখিছে। বন বিভাগৰ সহযোগত অব্যাহত ৰখা হৈছে গণপুলি ৰোপণৰ কাম। ইয়াৰ মাজতে আছিফাবাদ জিলাত একাংশ লোকে আক্ৰমণ কৰে আৰক্ষী আৰু বন বিভাগৰ দলক। ২৯ জুনত সংঘটিত এই ঘটনাৰ ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে। শাসকীয় দলৰ কৰ্মীয়ে এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ।

সংবাদ প্ৰতিষ্ঠান ANI–এ প্ৰকাশ কৰা ভিডিঅ’ত দেখা গৈছে কিদৰে একাংশ লোকে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে। এগৰাকী মহিলা আৰক্ষী বিষয়াই তেওঁলোকক শান্ত কৰাৰ চেষ্টা চলাইছে, কিন্তু দলটোৰ একাংশই নিৰ্মমভাৱে মহিলা আৰক্ষী বিষয়াগৰাকীক আক্ৰমণ কৰা দেখা গৈছে। মহিলা আৰক্ষী বিষয়াগৰাকীক আক্ৰমণৰ পিছত তাত উপস্থিত থকা আৰক্ষীৰ দলে তৎপৰতাৰে হৈ পৰে। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

আৰু চাওক পৰৱৰ্তী বাতৰি