IRCTC to pay over 4 lakh compensation to passengers : তেজস এক্সপ্ৰেছ ২ ঘণ্টা দেৰিকৈ গন্তব্য পাইছিল। সেই বাবেই IRCTCৰ তৰফৰ পৰা ২০৩৫ জন যাত্ৰীক দিয়া হ’ব ক্ষতিপূৰণ।
ভাৰতীয় ৰে’লত ট্ৰেইন লেট হোৱা অতি সাধাৰণ ঘটনা। বহু সময়তে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ গন্তব্য পায়গৈ। উত্তৰ–পূৰ্বাঞ্চলৰ যাত্ৰীৰ বাবে এই সমস্যাটো সাধাৰণ ঘটনাত পৰিণত হৈছে। কিন্তু বৰ্তমানে কিছু পৰিবৰ্তন হৈছে। কাৰণ উত্তৰ–পূৰ্বাঞ্চলৰ বহু ঠাইত চিংগল লাইনৰ ঠাইত ডাবল লাইন হৈ যোৱাত উক্ত সমস্যাৰ কিছু পৰিমাণে সমাধান হৈছে।
আনহাতে, ভাৰতীয় ৰে’লে বৰ্তমানে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যাত্ৰী সকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত গন্তব্য পোৱাই দিবৰ বাবে প্ৰতিনিয়ত চেষ্টা অব্যাহত ৰাখিছে। কিন্তু এইবাৰ ট্ৰেইন লেট হোৱাত যি ঘটনা ঘটিল সেয়া অৱশ্যেই চৰ্চাৰ বিষয় হৈ পৰিছে।