ভয়ংকৰ দুৰ্ঘটনাত ৯টি শিশুৰ মৃত্যু, নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰিল স্কুল বাছ

এই দুৰ্ঘটনাত ৫টি শিশু আহত হৈছে। আহত শিশুকেইটিক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

News18-Assam
Updated:August 6, 2019, 10:51 AM IST
ভয়ংকৰ দুৰ্ঘটনাত ৯টি শিশুৰ মৃত্যু, নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰিল স্কুল বাছ
এই দুৰ্ঘটনাত ৫টি শিশু আহত হৈছে। আহত শিশুকেইটিক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
News18-Assam
Updated: August 6, 2019, 10:51 AM IST
উত্তৰাখণ্ডৰ টিহৰী গড়ৱালত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰিল এখন স্কুল বাছ। এই দুৰ্ঘটনাত ৯টি শিশুৰ মৃত্যু হোৱাৰ লগতে আন ৫টি শিশু আহত হৈছে। আহত শিশুকেইটিক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় SDRFৰ দল।

NEWS18ৰ সংবাদদাতা সৌৰভ সিঙে জনায় যে দুৰ্ঘটনাত ৯টি শিশুৰ মৃত্যু হোৱাটো নিশ্চিত হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে ৫টি শিশু। গুৰুতৰভাৱে আহত শিশুকেইটাক এইম্ছ ঋষিকেশলৈ প্ৰেৰণ কৰা হৈছে। বাকী আহতসকল বৌৰাৰীৰ টিহৰী জিলা হাস্পতালত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাগ্ৰস্ত বাছখন এঞ্জেল পাব্লিক স্কুলৰ আছিল আৰু দুৰ্ঘটনাৰ সময়ত বাছখনত আছিল ২০টি শিশু।
আৰু চাওক পৰৱৰ্তী বাতৰি