প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাৰ পিছত আজি সোমবাৰে পুৱা কেন্দ্ৰীয় চৰকাৰে কো-উইন এপত টিকাকৰণৰ বাবে ১৫ৰ পৰা ১৮ বছৰীয়া ল'ৰা-ছোৱালীৰ কোভিড টিকাকৰণৰ পঞ্জীয়ন কেনেদৰে কৰিব লাগে সেই সন্দৰ্ভত উল্লেখ কৰিছে। চৰকাৰে লগতে জনাইছে যে পঞ্জীয়ন নতুন বছৰৰ প্ৰথম দিন অৰ্থাৎ ১ জানুৱাৰীৰ পৰা আৰম্ভ কৰিব পাৰিব (Children between 15 and 18 can register for COVID-19 vaccines on the CoWIN app from January 1)। কিন্তু পঞ্জীয়নৰ বাবে বিদ্যালয়ৰ আই ডি কাৰ্ডখন দিব লাগিব। ইয়াক বয়সৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হ'ব।
CoWINৰ প্ৰধান আৰ এছ শৰ্মাই সংবাদ মাধ্যমক কোৱা অনুযায়ী এই টিকাকৰণ এপটোত শিক্ষাৰ্থীসকলৰ বাবে এটা পৃথক স্থান সৃষ্টি কৰা হৈছে, য'ত তেওঁলোকে শিক্ষাৰ্থী হিচাপে প্ৰমাণ-পত্ৰৰ সৈতে নাম ভৰ্তি কৰিব পাৰে। এই বিকল্পটো দিয়া হৈছে কেন্দ্ৰৰ বিচাৰ মৰ্মে। কিয়নো বহুতৰ আধাৰ বা আন কোনো কাৰ্ড নাথাকিবও পাৰে।
উল্লেখ্য, শনিবাৰে নিশা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে ৩ জানুৱাৰীৰ পৰা ১৫ৰ পৰা ১৮ বছৰীয়া শিশুক কোৰোনাৰ টিকাকৰণ কৰা হ'ব। তেওঁ সেইদিনা ঘোষণা কৰিছিল যে তেওঁ ৬০ বছৰ বয়সৰ লোকৰ বুষ্টাৰ ড'জৰ ঘোষণাও কৰিছিল। ইয়াৰ উপৰি স্বাস্থ্যকৰ্মীৰ আগশাৰীৰ কোৰোনা যোদ্ধাসকলেও টিকাৰ তৃতীয় পালি লাভ কৰিব।