জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ ৫ বছৰীয়া কন্যাক ভাবুকি দিয়া এজন কিশোৰক আটক। দেওবাৰে গুজৰাটৰ কুট্চ জিলাৰ পৰা ১৬ বছৰীয়া কিশোৰজনক আটক কৰা বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে। সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে জনায় যে নমনা কাপায়া গাঁৱৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক মহেন্দ্ৰ সিং ধোনীৰ কন্যাক ছচিয়েল মিডিয়াত দিয়া ভাবুকি সন্দৰ্ভত সোধা–পোছাৰ বাবে আটক কৰা হৈছে।
ইতিমধ্যে কিশোৰজনে আইপিএলৰ KKR আৰু CSKৰ খেলৰ পিছত ভাবুকি দি পোষ্ট কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
ৰাঁচী আৰক্ষীয়ে কিশোৰজনৰ সন্দৰ্ভত কুট্চ আৰক্ষীক তথ্য যোগান ধৰি উক্ত কিশোৰজনেই ভাবুকিভৰা মেছেজ পোষ্ট কৰিছিলনে নাই সেয়া নিশ্চিত কৰিবলৈ কৈছিল।
আৰক্ষীয়ে কয়, ‘আমি নিশ্চিত হৈছো যে উক্ত কিশোৰজনেই ছচিয়েল মিডিয়াত ভাবুকি দিছিল। তেওঁ ৰাঁচী আৰক্ষীৰ হাতত গতাই দিয়া হ’ব য’ত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে।’
উল্লেখযোগ্য যে চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ এখন খেলত চেন্নাই পৰাস্ত হোৱাৰ পিছতে একাংশ তথাকথিত অনুৰাগীয়ে টাৰ্গেট কৰি লৈছিল দলটোৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক। ইমানতে ক্ষান্ত নাথাকি ছচিয়েল মিডিয়াত দিছিল ধোনীৰ কন্যাক বলাৎকাৰৰ ভাবুকি। এই ঘটনাত ছচিয়েল মিডিয়াত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। এন ডি টিভিত প্ৰকাশ পাইছে এই খবৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|