সামাজিক মাধ্যমৰ শক্তি অতুলনীয়। ইয়াৰ এক আকৰ্ষণীয় আৰু হৃদয়স্পৰ্শী উদাহৰণ হৈছে উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰ শেহতীয়া টুইটাৰ পোষ্ট য’ত মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষজনে মণিপুৰৰ প্ৰেম নিংগোম্বাম নামৰ যুৱকজনৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে। উল্লেখযোগ্য যে, বিগত বৰ্ষত মণিপুৰৰ প্ৰেম নামৰ এজন যুৱকে স্ক্ৰেপ (পেলনীয়া সামগ্ৰী)ৰ পৰা 'আইৰন মেন চুট' নিৰ্মাণৰ বাবে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল।
দেওবাৰে আনন্দ মহিন্দ্ৰাই এবছৰ পূৰ্বে নিজ টুইটাৰ একাউন্টত লিখা এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু লিখিছিল যে, তেওঁলোক (মহিন্দ্ৰা গ্ৰুপ) আনন্দিত হৈছিল যেতিয়া আইৰন মেন চুট নিৰ্মাণ কৰা প্ৰেমে মহিন্দ্ৰা বিশ্ববিদ্যালয়ত যোগদান কৰাৰ তেওঁলোকৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল য'ত প্ৰেম বৰ্তমান এজন অভিযান্ত্ৰিক বিদ্যাৰ্থী। আনন্দ মহিন্দ্ৰাই লগতে জনায় যে, বিগত গ্ৰীষ্মকালত প্ৰেমে প্ৰতাপ বসুৰ পৃষ্ঠপোষকতাত মহিন্দ্ৰাৰ অটো ডিজাইন ষ্টুডিঅ'ত প্ৰৱেশ কৰিছিল এজল ইন্টাৰ্ণ হিচাপে।
প্ৰেমৰ সফলতাৰ কাহিনী শ্বেয়াৰ কৰি মহিন্দ্ৰাই কয়, তেওঁ অতিকৈ আনন্দিত হৈছিল যেতিয়া প্ৰতাপ বসুৱে তেওঁক প্ৰেমে গ্ৰীষ্মকালীন ইন্টাৰ্ণশ্বিপ বিশেষকৈ উন্নত গাড়ীৰ দুৱাৰ খোলাৰ প্ৰণালীৰ ওপৰত কাম কৰাৰ ক্ষেত্ৰত অতি সফল হোৱা বুলি কৈছিল। প্ৰতাপে প্ৰেমৰ বিষয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশংসা কৰিছিল যে প্ৰেমে 'বস্তু বনায় শিকিবলৈ' । তেওঁলোকক শিক্ষাৰ এনে পদ্ধতিৰ অধিক প্ৰয়োজন বুলি আনন্দ মহিন্দ্ৰাই কয়।
২০২১ চনৰ ছেপ্টেম্বৰত পোষ্ট কৰা মূল টুইটটোত আনন্দ মহিন্দ্ৰাই কৈছিল, প্ৰেম টনি ষ্টাৰ্কতকৈ ওপৰত যাওঁক, ৰিয়েল 'আইৰন মেন'ৰ বাবে পথ প্ৰস্তুত কৰক। মহিন্দ্ৰাই লগতে কয় যে, প্ৰেমৰ লগতে তেওঁৰ ভাই-ভনীসকলৰ শিক্ষাত সহায় কৰাটো মহিন্দ্ৰাৰ এক সৌভাগ্যৰ বিষয় হ'ব। যদি কোনোবাই তেওঁক প্ৰেমৰ সৈতে সংযোগ কৰাই দিব পাৰে, তেন্তে প্ৰেমক সমৰ্থন কৰাটো তেওঁ আৰু কে.চি. মহিন্দ্ৰা এডুকেশ্বন ট্ৰাষ্টৰ বাবে এক সৌভাগ্যৰ বিষয় হ'ব।
মহিন্দ্ৰাই যোৱা বছৰ তেওঁৰ ওচৰলৈ গৈছিল আৰু তেওঁলোকৰ বাৰ্তালাপ সন্দৰ্ভত এটা টুইটো শ্বেয়াৰ কৰিছিল। ‘প্ৰেম, ইম্ফলৰ আমাৰ যুৱ ভাৰতীয় আইৰন মেনৰ কথা মনত আছেনে?’
মহিন্দ্ৰাই লিখিছিল: ‘আমি তেওঁ বিচৰা অভিযান্ত্ৰিক শিক্ষা প্ৰাপ্ত কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিলো আৰু তেওঁ হায়দৰাবাদৰ মহিন্দ্ৰা বিশ্ববিদ্যালয়ত উপস্থিত হৈছে বুলি জনোৱাত মই আনন্দিত।’
প্ৰেমৰ এয়াৰলাইন যাত্ৰাৰ সময়ত "ইমান ভাল যত্ন" লোৱাৰ বাবে ইণ্ডিগ' এয়াৰলাইনছৰ দলটোক মহিন্দ্ৰাই ধন্যবাদ জনাইছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 28, 2022, 22:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।