আজি শিক্ষক দিৱস, দেশজুৰি শ্ৰদ্ধাৰে সোঁৱৰণ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনক

নিজকে দাৰ্শনিক, ৰাষ্ট্ৰপতি, ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল ৰাধাকৃষ্ণনে।

News18-Assam
Updated:September 5, 2019, 8:11 AM IST
আজি শিক্ষক দিৱস, দেশজুৰি শ্ৰদ্ধাৰে সোঁৱৰণ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনক
নিজকে দাৰ্শনিক, ৰাষ্ট্ৰপতি, ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল ৰাধাকৃষ্ণনে।
News18-Assam
Updated: September 5, 2019, 8:11 AM IST
আজি শিক্ষক দিৱস। ১৮৮৮ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতৰ প্ৰথমগৰাকী উপ–ৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে। দেশৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল যদিও ৰাধাকৃষ্ণনে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল এগৰাকী শিক্ষক হিচাপে। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁৰ জন্মদিনটো একাংশ ছাত্ৰই পালন কৰিব বিচাৰিছিল। তেতিয়া ৰাধাকৃষ্ণনে তেওঁৰ জন্মদিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰিবলৈ পৰামৰ্শ দিছিল। সেয়েহে ১৯৬২ চনৰ পৰা অৰ্থাৎ তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা এই দিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰি অহা হৈছে।

ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এগৰাকী মহান শিক্ষক। নিজকে দাৰ্শনিক, ৰাষ্ট্ৰপতি, ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল ৰাধাকৃষ্ণনে। শিক্ষকসকল দেশৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পদ বুলি অভিহিত কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতি হোৱাৰ পিছতে তেওঁ শিক্ষকতাতে অধিক গুৰুত্ব দিছিল। তেওঁ বিশ্বাস কৰিছিল যে মানৱ সভ্যতাৰ বিকাশৰ বাবে শিক্ষাতকৈ শ্ৰেষ্ঠ একো হ’ব নোৱাৰে। সেয়েহে জীৱনত শিক্ষাক সৰ্বাধিক প্ৰাধান্য দিছিল ৰাধাকৃষ্ণনে।

সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীৰ স্কুল–কলেজসমূহতো শিক্ষক দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই দিনটোতে ফুলৰ থোপা তথা আন উপহাৰেৰে শিক্ষকসকলক শ্ৰদ্ধা জনায় ছাত্ৰ–ছাত্ৰীসকলে। বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি