পুনৰ ফাদিল হ’ল শিক্ষকৰ কু-কীৰ্তি ৷ এইবাৰৰ ঘটনাৰ স্থান পঞ্জাৱৰ ফাগৱাৰা ৷ ফাগৱাৰাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ এগৰাকী শিক্ষকে নাবালিকা ছাত্ৰীক অশ্লীল ভিডিও দেখুৱাই যৌন নিৰ্যাতন চলোৱাৰ অপচেষ্টা কৰে। ঘটনা পোৰহলৈ অহাৰ লগে লগে সৰ্বত্ৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
বৈশাখী আৰু আম্বেদকাৰ জয়ন্তীৰ বন্ধৰ পিছত শুকুৰবাৰৰ পৰা আকৌ আৰম্ভ হৈছে বিদ্যালয়ত পাঠদান। কিন্তু বিদ্য়ালয় খোলাৰ লগে লগে ফাদিল হয় শিক্ষকজনৰ জঘন্য কাণ্ড৷ নাবালিকা ছাত্ৰীৰ পৰিয়ালৰ লোক আহি বিদ্যালয়ত উপস্থিত হৈ শিক্ষকজনৰ অপকৰ্মৰ বিষয়ে বিদ্যালয়ৰ অধ্যক্ষক অৱগত কৰাৰ লগতে শিক্ষকজনক বিদ্যালয়ৰ পৰা বহিষ্কাৰৰ দাবী জনায় ৷ তাৰ পিছতে চহৰখনৰ সুভাষ নগৰৰ এছডি মডেল স্কুল চৌহদত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷
ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বিদ্যালয় চৌহদতে শিক্ষকজনক প্ৰহাৰ কৰাৰ লগতে মুখত ক'লা ৰং সানি দিয়ে ৷ পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত 354A ধাৰৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষকজনক ৷
উল্লেখ্য যে, ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, শিক্ষকজনে তেওঁলোকৰ কন্যাক অশ্লীল ভিডও দেখুৱাই নিৰ্যাতন চলাইছিল। ছাত্ৰীগৰাকীয়ে অভিযুক্ত শিক্ষকৰ ওচৰতে টিউচনো কৰিছিল। কিন্তু সোমবাৰে, যেতিয়া ছাত্ৰীগৰাকী টিউচনলৈ আহিছিল, তেতিয়াই বিকাশ নামৰ শিক্ষকজনে নিজৰ ম'বাইলত অশ্লীল ভিডিও দেখুওৱাৰ লগতে ছাত্ৰীগৰাকীক অশ্লীল ইংগিত প্ৰদান কৰে। যোৱা মঙলবাৰে ঘটনাৰ সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে ঘৰৰ মানুহক অৱগত কৰে।
শুকুৰবাৰে যেতিয়া বিদ্যালয়খন খোলা হয়, তেতিয়া ছাত্ৰীগৰাকীৰ পৰিয়ালে শিক্ষকজনক বিচাৰি বিদ্যালয়লৈ আহে আৰু প্ৰহাৰ কৰে। ইপিনে এই ঘটনা পোহৰলৈ অহাৰ পিছতে শিক্ষকজনক তৎক্ষণাৎ বৰ্খাস্ত কৰে বিদ্যালয় কৰ্তৃপক্ষই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|