জঘন্য কাণ্ড! নাবালিকা ছাত্ৰীক অশ্লীল ভিডিও দেখুৱাই যৌন নিৰ্যাতন চলালে টিউচন চাৰে
বৈশাখী আৰু আম্বেদকাৰ জয়ন্তীৰ বন্ধৰ পিছত বিদ্যালয়খন খোলাৰ লগে লগে ফাদিল হ’ল শিক্ষকৰূপী নৰপিশাচৰ জঘন্য কাণ্ড ৷
বৈশাখী আৰু আম্বেদকাৰ জয়ন্তীৰ বন্ধৰ পিছত বিদ্যালয়খন খোলাৰ লগে লগে ফাদিল হ’ল শিক্ষকৰূপী নৰপিশাচৰ জঘন্য কাণ্ড ৷
- News18 Assam
- Last Updated: April 17, 2021, 12:26 PM IST
বৈশাখী আৰু আম্বেদকাৰ জয়ন্তীৰ বন্ধৰ পিছত শুকুৰবাৰৰ পৰা আকৌ আৰম্ভ হৈছে বিদ্যালয়ত পাঠদান। কিন্তু বিদ্য়ালয় খোলাৰ লগে লগে ফাদিল হয় শিক্ষকজনৰ জঘন্য কাণ্ড৷ নাবালিকা ছাত্ৰীৰ পৰিয়ালৰ লোক আহি বিদ্যালয়ত উপস্থিত হৈ শিক্ষকজনৰ অপকৰ্মৰ বিষয়ে বিদ্যালয়ৰ অধ্যক্ষক অৱগত কৰাৰ লগতে শিক্ষকজনক বিদ্যালয়ৰ পৰা বহিষ্কাৰৰ দাবী জনায় ৷ তাৰ পিছতে চহৰখনৰ সুভাষ নগৰৰ এছডি মডেল স্কুল চৌহদত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷
ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বিদ্যালয় চৌহদতে শিক্ষকজনক প্ৰহাৰ কৰাৰ লগতে মুখত ক'লা ৰং সানি দিয়ে ৷ পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত 354A ধাৰৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষকজনক ৷
শুকুৰবাৰে যেতিয়া বিদ্যালয়খন খোলা হয়, তেতিয়া ছাত্ৰীগৰাকীৰ পৰিয়ালে শিক্ষকজনক বিচাৰি বিদ্যালয়লৈ আহে আৰু প্ৰহাৰ কৰে। ইপিনে এই ঘটনা পোহৰলৈ অহাৰ পিছতে শিক্ষকজনক তৎক্ষণাৎ বৰ্খাস্ত কৰে বিদ্যালয় কৰ্তৃপক্ষই।












