ভাল ফলাফলৰ লোভ দেখুৱাই ছাত্ৰৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে শিক্ষয়িত্ৰীয়ে! সৰ্বত্ৰ ধিক্কাৰ

শাৰীৰিক সম্পৰ্ক স্থাপন নকৰিলে পৰীক্ষাত ফেইল কৰোৱাই দিয়াৰ দেখুৱালে ভয়, সৰ্বত্ৰ চাঞ্চল্য
শাৰীৰিক সম্পৰ্ক স্থাপন নকৰিলে পৰীক্ষাত ফেইল কৰোৱাই দিয়াৰ দেখুৱালে ভয়, সৰ্বত্ৰ চাঞ্চল্য
- News18 Assam
- Last Updated: January 1, 2021, 10:00 PM IST
শিক্ষয়িত্ৰীগৰাকীয়ে কেৱল পাছ কৰাবলৈয়ে নহয়, ভাল ফলাফলৰ লোভ দেখুৱাই ছাত্ৰৰ ওপৰত চলাই যৌন শোষণ। আৰু শিক্ষয়িত্ৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ ৰাজি নহ’লেই ফেইল কৰাই দিয়াৰ ভয় দেখুৱায়।
আনকি ছাত্ৰৰ হোৱাটছ এপলৈ অশ্লীল ফটোও প্ৰেৰণ কৰে শিক্ষয়িত্ৰীগৰাকীয়ে। শিক্ষয়িত্ৰীগৰাকীৰ এনে কাৰু-কাৰ্য এগৰাকী ছাত্ৰই পোহৰলৈ আনে। ঘটনাটো যোৱা অক্টোবৰ মাহতেই সংঘটিত হৈছিল যদিও, ছাত্ৰজনে এতিয়া সমগ্ৰ ঘটনা পোহৰলৈ আনি আৰক্ষীৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে। আনহাতে শিক্ষয়িত্ৰীগৰাকীৰ এনে কৰ্ম-কাণ্ডৰ কথা জানিব পাৰি তেওঁৰ স্বামীয়ে ছেদ কৰিছে সকলো ধৰণৰ সম্পৰ্ক।