জীৱ শ্ৰেষ্ঠৰ কামনাৰ বলি এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা, টেক্সী ড্ৰাইভাৰক আটক

News18-Assam
Updated:November 17, 2019, 6:14 PM IST
জীৱ শ্ৰেষ্ঠৰ কামনাৰ বলি এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা, টেক্সী ড্ৰাইভাৰক আটক
কলিকতাত সংঘটিত হৈছে এক জঘন্য কাণ্ড

কলিকতাত সংঘটিত হৈছে এক জঘন্য কাণ্ড

  • Share this:
কলিকতাত সংঘটিত হৈছে এক জঘন্য কাণ্ড। আশ্ৰয় গৃহত থকা এগৰাকী মহিলাক অপহৰণ আৰু বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এটা লম্পট টেক্সী ড্ৰাইভাৰক। ৩৬ বছৰীয়া মহিলা গৰাকীয়ে কয় যে, যোৱা সোমবাৰে নিশা ৰাস্তাৰে গৈ থাকোতে কেইজনমান যুৱকে মহিলাগৰাকীক জোৰকৈ এখন গাড়ীত সোমোৱাই লৈ যায় আৰু যুৱককেইজনে দলবদ্ধ বলাত্‍কাৰ কৰে মহিলাগৰাকীক। মহিলাগৰাকী কলিকতাৰ এটা মানসিক বিকাৰগ্ৰস্ত মহিলাৰ বাবে থকা এটা আশ্ৰয়গৃহত থাকে। আৰক্ষীক মহিলাগৰাকীয়ে কোৱা মতে, যুৱককেইজনে মহিলাগৰাকীক বেয়াকৈ প্ৰহাৰো কৰে, পিছত নিশা ৰাস্তাত গাড়ীৰ পৰা পেলাই দিয়ে। পিছত কোনো মতে আশ্ৰয় ঘৰলৈ আহে মহিলাগৰাকী।

আৰক্ষীয়ে টেক্সীখনৰ ড্ৰাইভাৰটোক ঘটনা সন্দৰ্ভত ইতিমধ্যে আটক কৰিছে। লম্পটটোৱা ইতিমধ্যে স্বীকাৰ কৰিছে বলাত্‍কাৰ কৰাৰ কথা। মহিলাগৰাকীয়ে কয় যে, তেওঁ দীৰ্ঘদিন ধৰি মানসিক ৰোগত ভূগি আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি