• Home
  • »
  • News
  • »
  • nation
  • »
  • ১ অক্টোবৰৰ এইসমূহ লেন–দেনত দিব লাগিব কৰ, বলৱৎ হ’ব নতুন নিয়ম

১ অক্টোবৰৰ এইসমূহ লেন–দেনত দিব লাগিব কৰ, বলৱৎ হ’ব নতুন নিয়ম

এতিয়া বিদেশলৈ টকা পঠিয়ালে ৫শতাংশ কৰ অতিৰিক্তকৈ দিব লাগিব।

এতিয়া বিদেশলৈ টকা পঠিয়ালে ৫শতাংশ কৰ অতিৰিক্তকৈ দিব লাগিব।

এতিয়া বিদেশলৈ টকা পঠিয়ালে ৫শতাংশ কৰ অতিৰিক্তকৈ দিব লাগিব।

  • Share this:
নতুন দিল্লীঃ কেন্দ্ৰ চৰকাৰে বিদেশলৈ টকা পঠিওৱাৰ ক্ষেত্ৰত কৰ আদায় কৰাৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এইসমূহ নিয়ম ১ অক্টোবৰ, ২০২০ৰ পৰা বলৱৎ হ’বলৈ গৈ আছে। এনেকুৱাত যদি আপুনি বিদেশত পঢ়ি থকা নিজৰ ল’ৰা–ছোৱালীলৈ টকা পঠিয়ায় বা কোনো আত্মীয়ক আৰ্থিক ভাৱে সহায় কৰে তেনেহ’লে সেই ধনৰ ওপৰত ৫শতাংশ কৰ কালেক্টড এট চ’ৰ্চ (TCS) অতিৰিক্ত আদায় দিব লাগিব। ফাইনেন্স এক্ট, 2020 (Finance Act 2020)ৰ মতে, ৰিজাৰ্ভ বেংকৰ (RBI) লিবাৰালাইজড ৰেমিটেন্স স্কীমৰ (LRS) অধীনত বিদেশলৈ টকা পঠিয়াব বিচৰা ব্যক্তিয়ে টিচিএছ আদায় দিব লাগিব। উল্লেখ্য যে, এলআৰএছৰ অধীনত ২.৫লাখ ডলাৰ বছৰেকত পঠিয়াব পাৰে আৰু ইয়াত কোনো ধৰণৰ কৰ আদায় দিব নালাগে। এই ধনক টেক্সৰ অধীনলৈ আনিবলৈ টিচিএছ দিব লাগিব।

শিক্ষা আৰু টুৰ পেকেজত ৰেহাই দিয়া হৈছে

চৰকাৰে এই সিদ্ধান্তৰ ক্ষেত্ৰত কেতবোৰ ৰেহাই দিছে যাৰ অধীনত বিদেশলৈ পঠিয়াব লগীয়া সকলো টকাৰ ক্ষেত্ৰত এই কৰ প্ৰযোজ্য নহ’ব। যদি আপুনি ল’ৰা–ছোৱালীৰ পঢ়া–শুনাৰ কাৰণে ৭,০০,০০০ টকা বা তাতোকৈ কম ধন পঠিয়াইছে তেনেহ’লে টিচিএছ দিব নালাগে। অৱশ্যে টুৰ পেকেজৰ ক্ষেত্ৰত এই ধনৰ পৰিমাণ অধিক কৰাৰ প্ৰাৱধান কৰা হৈছে।

টিচিএছৰ নিয়ম এইকাৰণে বান্ধি দিয়া হ’ল

চৰকাৰে এই নিয়ম আনিবলগীয়া হোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কেচিচি গ্ৰুপৰ ফাউণ্ডাৰ আৰু চেয়াৰমেন শাৰদ কোহলীয়ে কয় যে, বিদেশত বহু ধৰণৰ লেন–দেনৰ ক্ষেত্ৰত টিডিএছ কৰ্তন কৰা হয়। সেইদৰে উপহাৰ, চিকিৎসা, সম্পত্তিত বিনিয়োগ, আত্মীয়ক সহায়, হাস্পতালৰ ধন আদায় কৰিবলৈ পঠিয়াবলগীয়া ধন টিডিএছৰ আওতাত নাহে। এই সকলোবোৰে আৰবিআইৰ অধীনত টিডিএছৰ পৰা ৰেহাই লাভ কৰে। দৰাচলতে যিকোনো ভাৰতীয়ই আৰবিআইৰ এলআৰএছৰ অধীনত বছৰেকত ২.৫লাখ ডলাৰ পৰ্যন্ত পঠিয়াব পাৰে। এই টকাসমূহক টেক্সৰ ৰেডাৰত আনিবলৈ টিচিএছ লোৱাৰ নিয়ম কৰা হৈছে। ইয়াত বহুকেইটা ৰেহাইৰ সুবিধা দিয়া হৈছে। এইসমূহক বাদ দি সকলোৱে ৫শতাংশ টিচিএছ আদায় দিব লাগিব।

টিডিএছ আৰু টিচিএছৰ মাজত আছে ডাঙৰ পাৰ্থক্য

যদি কোনো ব্যক্তিয়ে ১০০টকা বিদেশলৈ পঠিয়ায় আৰু তাৰ ওপৰত ৫শতাংশ টিডিএছ বলৱৎ হয় তেনেহ’লে প্ৰাপ্ত কৰাজনে ৯৫ টকা লাভ কৰে। আনহাতে টিচিএছৰ নিয়মৰ অধীনত যদি এজন ব্যক্তিয়ে বিদেশত আন এজন ব্যক্তিক ১০০ টকা পঠিয়ায় তেনেহ’লে তেওঁ ১০০টকাই লাভ কৰিব। পঠিওৱাজনে ৫টকা বেলেগকৈ পঠিয়াব লাগিব। ইয়াক তেওঁৰ পেনত ক্ৰেডিট কৰা হ’ব। ইয়াত এই কথা জানিব লাগে যে এই ৫শতাংশ টিচিএছ আপোনাৰে পেনত ক্ৰেডিট কৰা হ’ব যিটো আপুনি পৰৱৰ্তী সময়ত আপুনি পাব। দেশত সকলো টেক্সপেয়াৰ্ছৰ ক্ষেত্ৰত TDS বলৱৎ হয়। এনেকুৱাত নিয়ম কৰা হৈছে যে যদি বিদেশলৈ টকা পঠিওৱা টেক্স পেয়াৰ্ছৰ ওপৰত আগৰে পৰা TDS বলৱৎ হৈছে তেনেহ’লে তেওঁৰ ক্ষেত্ৰত TCSৰ সম্পৰ্কীয় প্ৰাৱধান বলৱৎ নহ’ব।
First published: