মুখ্যপৃষ্ঠা »খবৰ »দেশ »মাজ আকাশত বিকল হ'ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! মুম্বাইত জৰুৰী অৱতৰণ

মাজ আকাশত বিকল হ'ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! মুম্বাইত জৰুৰী অৱতৰণ

টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত এয়াৰ ইণ্ডিয়া এ৩২০নিঅ' বিমানখন উৰণৰ মাত্ৰ ২৭ মিনিটৰ পিছত মুম্বাই বিমানবন্দৰলৈ উভতি আহিবলগীয়া হয়।

  • Share this:
টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত এয়াৰ ইণ্ডিয়া এ৩২০নিঅ' বিমানখন উৰণৰ মাত্ৰ ২৭ মিনিটৰ পিছত মুম্বাই বিমানবন্দৰলৈ উভতি আহিবলগীয়া হয়। কিয়নো বিমানখনৰ এটা ইঞ্জিনৰ কাৰিকৰী বিজুতিৰ বাবে হঠাতে বন্ধ হৈ পৰে। শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰা হৈছে।

ঘটনাৰ সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ এজন মুখপাত্ৰই জনাই যে, বৃহস্পতিবাৰে যাত্ৰীসকলক আন এখন বিমানৰ জৰিয়তে গন্তব্য স্থান বেংগালুৰুলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয়।

সূত্ৰ অনুসৰি, বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিচালনা সঞ্চালকালয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এয়াৰ ইণ্ডিয়াৰ এ৩২০নিঅ' বিমানত 'চিএফএম'ৰ লিপ ইঞ্জিন লগোৱা হৈছে। পুৱা ৯.৪৩ বজাত ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিমানখন উৰা মৰাৰ কেইমিনিট মানৰ পিছত এ৩২০নিঅ' বিমানখনৰ পাইলটজনে ইঞ্জিনৰ বিজুতিৰ সতৰ্কবাণী লাভ কৰিছিল।

জানিব পৰা মতে, বিমানখন ইঞ্জিন বন্ধ হোৱাৰ পিছত পুৱা ১০.১০ বজাত মুম্বাই বিমানবন্দৰত উভতি আহিছিল। ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ এজন মুখপাত্ৰই কয়, "এয়াৰ ইণ্ডিয়াই নিৰাপত্তাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়ে। আমাৰ কৰ্মচাৰীসকল এই পৰিস্থিতিবোৰৰ সৈতে মোকাবিলা কৰাত ভালদৰে দক্ষ। আমাৰ অভিযান্ত্ৰিক আৰু তত্বাৱধান দলে লগে লগে ইয়াৰ অনুসন্ধান আৰম্ভ কৰিছে।"

শেহতীয়া বাতৰি