হিমন্তই মোক ভেলেঙা আহোম বুলি ঠগিলে...সংবাদমেলত বেজাৰ কৰি কি ক’লে তৰুণ গগৈয়ে?

News18 Assam | News18-Assam
Updated:January 10, 2020, 2:18 PM IST
হিমন্তই মোক ভেলেঙা আহোম বুলি ঠগিলে...সংবাদমেলত বেজাৰ কৰি কি ক’লে তৰুণ গগৈয়ে?
মোডীৰ শনি দশা চলিছে, হিমন্তই বাংলাদেশলৈ কিয় যায়, ভগৱানেও নাজানে: গগৈ

মোডীৰ শনি দশা চলিছে, হিমন্তই বাংলাদেশলৈ কিয় যায়, ভগৱানেও নাজানে: গগৈ

  • Share this:
বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰিবলৈ শুকুৰবাৰেে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আয়োজন কৰে এক সংবাদমেল ৷ দিছপুৰৰ চৰকাৰী আৱাসত আয়োজন কৰা সংবাদমেলত প্ৰতিবাৰৰ দৰে গগৈয়ে ঘুৰি পকি আহি একালৰ ‘পোষ্য পুত্ৰ’ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয়।
সংবাদমেলত গগৈয়ে ক'লে,

“হিমন্তই নিজক বুদ্ধিমান বুলি ভাবে ৷ টকা পইছা কৰাত হিমন্ত বুদ্ধিয়ক ৷ কমদিনৰ ভিতৰতে চহকী হ'ল হিমন্ত ৷ মোৰ দিনতে সুবিধা ল'লে ৷ মোক ভেলেঙা আহোম বুলি ঠগিলে ৷ এতিয়া CAA বিৰোধী শিল্পীক গালি দিয়ে, বুদ্ধিজীৱীক গালি দিয়ে ৷ নপতা ফুকন হিমন্ত ৷ এটাৰ পিচত এটা Tv চেনেল খুলিলে ৷ পিছত কয়, সেয়া পত্নীৰ বুলি ৷ হিমন্তই সাম্প্ৰদায়িক বিষবাষ্প চটিয়াইছে ৷ হিমন্তই বাংলাদেশত গৈয়ে থাকে ৷ পূজা কৰিবলৈ যায় নে কি কৰিব যায় ধৰিব নোৱাৰি ৷ ভগৱানেও হিমন্তক ধৰিব নোৱাৰে ৷ মইতো ধৰিব নোৱাৰিলোৱেই।”, ক'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হিমন্তক তুলনা কৰি সংবাদমেলত গগৈয়ে ক'লে, ”সোণোৱালৰ পৰা ৰাইজে আশা কৰিছিল, হিমন্তৰ পৰা কিন্তু একো আশা কৰা নিছিল ৷ ৰাইজে জানেই হিমন্ত দুইনম্বৰী বুলি ৷ হিমন্তই বাচিবৰ বাবে প্ৰফুল্ল মহন্তৰ ওচৰলৈ গৈছিল ৷ পিছত আমাৰ ওচৰলৈ আহিছিল ৷ এতিয়া বাচিবলৈ হিমন্ত BJPলৈ গৈছে, অমিত শ্বাহৰ ওচৰলৈ গৈছে ৷ আমাৰ সময়ত যদি বিদেশী আহিছিল, নেখেদে কিয়? যদি আহিছিল হিমন্তই কি কৰিছিল? তেওঁতো তেতিয়া অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল ৷”
বিজেপি নেতৃত্বাধীন মোডী চৰকাৰক কঠোৰ সমালোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ক'লে, “২০২০ৰ প্ৰথমৰ পৰা এটা সমস্যাই নহয়, নিৱনুৱা, কা, শিক্ষা, মূল্য বৃদ্ধি আদিয়ে জুৰুলা কৰিছে দেশ ৷ আমাৰ দিনত এনে হোৱা নাছিল ৷ ৰাজনীতি, অৰ্থনীতি, সমাজনীতিত অস্থিৰতা চলিছে ৷ মোডীৰ শনি দশা চলিছে ৷ এই শনিৰ দশা বহু দিনলৈ চলিব ৷ আজি অসমৰ অৱস্থা কি? বুঢ়ী আইসকলো আজি ওলাই আহিবলগীয়া হৈছে ৷ সোণোৱাল চৰকাৰ বহতীয়া চৰকাৰ ৷ অসম চাৰিওফালে জ্বলিছে ৷ জুই নুমুৱাবলৈ চেষ্টা নকৰি শান্তি সমদল উলিয়াই অসমবাসীক অপমান কৰিছে ৷ এই অপমানৰ পৰিণাম ভুগিব লাগিব ৷ এই পৰিণাম ২০২১তে ভুগিব ৷”
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ শেহতীয়া কাৰ্যক সমালোচনা কৰি গগৈয়ে কয়, “মোৰ Z নিৰাপত্তা আতৰোৱাৰ কাৰণ হল মই CAA বিৰোধিতা কৰাৰ বাবে ৷ যদি নিৰাপত্তা ব্যৱস্থা ইমানেই ভাল মুখ্যমন্ত্ৰীক কিয় Z সুৰক্ষা লাগে ৷ মোৰ দিনতে অসমৰ সন্ত্ৰাসবাদ কমিছিল ৷”
বৰ্তমানৰ ছাত্ৰ আন্দোলন সন্দৰ্ভত গগৈয়ে ক'লে, “আমি ভাল পাইছো, থলুৱা বাদ্যযন্ত্ৰৰে প্ৰতিবাদ কৰিছে ৰাইজে ৷ ৰাইজে বুজিছে যে এই চৰকাৰে নুশুনে, সেয়ে এনে প্ৰতিবাদ কৰিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদো কৰিছে, পৰীক্ষাও দিছে ৷ এয়া ভাল লক্ষণ ৷ এনে ছাত্ৰ জাগৰণ ভাল ৷ নেতৃত্বক ধন্যবাদ দিছো ৷”

মন্ত্ৰী হিমন্তই অসম বিধানসভাৰ কংগ্ৰেছৰ ৯০% বিধায়কে বাংলাদেশী বুলি কোৱাত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয়, “মই চেলেঞ্জ কৰিছো, যদি ৯০% কংগ্ৰেছ বিধায়ক বাংলাদেশী, গৃহমন্ত্ৰীয়ে কি কৰি আছে৷ প্ৰমাণ কৰক ৷ সদনত প্ৰিভিলেচ ম’চন আনিম আমি ৷”
ট’লগেট সন্দৰ্ভত গগৈৰ প্ৰতিক্ৰিয়া, “ট’লগেট উত্তৰ-পূৱত নালাগে ৷ উত্তৰ-পূৱৰ আৰ্থিক অৱস্থা ভাল নহয় ৷ ট’লগেট ব্যৱস্থাৰ পৰা উত্তৰ-পূৱক বাদ দিব লাগে ৷ মোডীয়ে সাত বছৰৰ হিচাপ দিয়ক, কি কি কৰিলে? আমাৰ মনমোহন সিং চৰকাৰৰ দহবছৰৰ হিচাপ আমি দিম৷”
খেল' ইণ্ডিয়া সন্দৰ্ভত নিজৰ মন্তব্য কৰি গগৈয়ে ক'লে, “আজি খেল' ইণ্ডিয়া অসমত হৈছে ভাল হৈছে ৷ আমি যদি ষ্টেডিয়াম নবনালো হয়, ক'ত পাতিলা হয় খেল' ইণ্ডিয়া?”
আঞ্চলিক দল AGPকো সমালোচনা কৰিবলৈ এৰি নিদিলে গগৈয়ে ৷ সংবাদমেলত গগৈয়ে ক'লে, “AGP 420 নহয় 820তকৈ বেছি বেয়া ৷ আঞ্চলিকতাবাদক ডুবাল ৷ এতিয়া অসমত নতুন আঞ্চলিক দল গঠন কৰিব লাগে ৷ কিন্তু এটাতকৈ বেছি নহয় ৷”
আৰু চাওক
পৰৱৰ্তী বাতৰি