• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ! পঞ্জাবত মাৰণাস্ত্ৰ কঢ়িয়াই অনা পাকিস্তানৰ ড্ৰোণ উদ্ধাৰ

ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ! পঞ্জাবত মাৰণাস্ত্ৰ কঢ়িয়াই অনা পাকিস্তানৰ ড্ৰোণ উদ্ধাৰ

Photo : IANS

Photo : IANS

পঞ্জাবৰ তৰনতাৰণৰ পৰা পঞ্জাব আৰক্ষীয়ে উদ্ধাৰ কৰিছিল মাৰণাস্ত্ৰ কঢ়িয়াই অনা এখন ড্ৰোণ। খালিস্তান জিন্দাবাদ ফ’ৰ্চৰ পাঁচ সন্ত্ৰাসবাদীক সোধা–পোছাত লাভ কৰা তথ্যৰ ভিত্তিত ড্ৰোণখন উদ্ধাৰ কৰে আৰক্ষীয়ে।

  • Share this:
    খালিস্তান জিন্দাবাদ ফ’ৰ্চ (KJF)ৰ টেৰৰ মডিউলক লৈ পোহৰলৈ আহিছে ভয়ংকৰ ষড়যন্ত্ৰ। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে পঞ্জাব আৰু সমীপৱৰ্তী ৰাজ্যত ২৬/১১ৰ মুম্বাই আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰাৰ চেষ্টা চলাইছে। ইয়াৰ বাবে ড্ৰোণৰ সহায়েৰে পঞ্জাবত AK-47 ৰাইফল আৰু বুজন পৰিমাণৰ মেগজিন আৰু কাৰ্টিজ পঠিওৱা হৈছিল।

    পঞ্জাবৰ তৰনতাৰণৰ পৰা পঞ্জাব আৰক্ষীয়ে উদ্ধাৰ কৰিছিল মাৰণাস্ত্ৰ কঢ়িয়াই অনা এখন ড্ৰোণ। খালিস্তান জিন্দাবাদ ফ’ৰ্চৰ পাঁচ সন্ত্ৰাসবাদীক সোধা–পোছাত লাভ কৰা তথ্যৰ ভিত্তিত ড্ৰোণখন উদ্ধাৰ কৰে আৰক্ষীয়ে। ২২ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল KZFৰ পাঁচ সন্ত্ৰাসবাদী। গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী আকাশদীপে স্বীকাৰ কৰিছে যে মাৰণাস্ত্ৰক লৈ সিদ্ধান্ত তেওঁ লৈছিল। ড্ৰোণৰ সহায়েৰে পঞ্জাবত AK-47 ৰাইফল আৰু বুজন পৰিমাণৰ মেগজিন আৰু কাৰ্টিজ পঠিওৱা হৈছিল। খেতিপথাৰত মাৰণাস্ত্ৰখিনি নমোৱাৰ সময়তে যান্ত্ৰিক বিজুতিৰ বাবে ভূপতিত হয় ড্ৰোণখন। তাৰ পিছতে শুভদীপ নামৰ সন্ত্ৰাসবাদীটোৱে প্ৰমাণ নষ্ট কৰিবৰ বাবে জ্বলাই দিয়াৰ চেষ্টা চলাইছিল ড্ৰোণখন।

    আৰক্ষী সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীয়ে খেতিপথাৰত ড্ৰোণখন জ্বলাই নষ্ট কৰাৰ চেষ্টা চলাইছিল যদিও সফল নহ’ল। ঝব্বাল অঞ্চলৰ এটা গুদামৰ পৰা উদ্ধাৰ কৰা হৈছিল ড্ৰোণখন।

    সূত্ৰ অনুসৰি, শক্তিশালী ড্ৰোণখনৰ ওজন ১০ কিলোগ্ৰাম। এবাৰত ৪ কিলোগ্ৰাম ওজন কঢ়িয়াই নিব পাৰে ড্ৰোণখনে। অৰ্থাৎ সন্ত্ৰাসবাদীকেইটাৰ পৰা যিসমূহ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ হৈছিল, সেইখিনি আনিবলৈ ড্ৰোণখনে কেইবাবাৰো সীমা পাৰ হৈ আহিবলগীয়া হৈছিল। মাৰণাস্ত্ৰৰ লগতে নকল টকা আৰু নিচাযুক্ত সামগ্ৰীও উদ্ধাৰ হৈছিল।

    গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী আকাশদীপে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানস্থিত খালিস্তানী সন্ত্ৰাসবাদী ৰঞ্জিত সিং নীতাৰ সৈতে যোগাযোগত আছিল। আকাশদীপৰ মতে, নীতাৰ নম্বৰ তেওঁ জাৰ্মানীত থকা সন্ত্ৰাসবাদী গুৰমীট সিং ওৰফে বগাৰ পৰা পাইছিল।

    আকাশদীপে কেতিয়া আৰু কেনেধৰণৰ মাৰণাস্ত্ৰৰ প্ৰয়োজন সেয়া নিৰ্ধাৰণ কৰিছিল। আৰু তাৰ পিছত বগাই নীতাক এই তথ্য দিছিল আৰু তাৰ পিছত মাৰণাস্ত্ৰ প্ৰেৰণৰ পথ নিৰ্ধাৰণ কৰা হৈছিল।

    ৪ ছেপ্টেম্বৰত তৰনতাৰণত বিস্ফোৰণকৰ পিছত চোলা ছাহাব অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সন্ত্ৰাসবাদীকেইটাক। সন্ত্ৰাসবাদীকেইটাৰ পৰা ৫টা AK-47 ৰাইফল, চাৰিটা চীনত নিৰ্মিত ৰিভলভাৰ, ৯টা হেণ্ডগ্ৰেনেড, ৫টা ছেটেলাইট ফোন, দুটা ম’বাইল ফোন, ২টা ৱায়াৰলেছ ছেট আৰু ১০ লাখ নকল নোট জব্দ কৰিছিল।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
    First published: